ভোট গণনাৰ বাবে সাজু শোণিতপুৰ জিলা প্ৰশাসন - পিপিইকিট পৰিধান

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 30, 2021, 11:01 PM IST

শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকীয়াজুলি, বৰচলা, তেজপুৰ, ৰঙাপাৰা আৰু চতিয়া বিধানসভা সমষ্টিৰ ভোটগণনাৰ প্ৰস্তুতি সম্পূৰ্ণ কৰিছে শোণিতপুৰ জিলা নিৰ্বাচনী বিষয়াই । ক’ভিড-১৯ ৰ প্ৰট’কল মানি N-95 মাস্ক ব্যৱহাৰ কৰিব লাগিব, আৰু জিলা প্ৰশাসনে যোগান ধৰিব এই মাস্ক । ঢেকীয়াজুলি সমষ্টিৰ ২৩ ৰাউণ্ড, বৰচলাৰ ১৮ ৰাউণ্ড, তেজপুৰ ১৯ ৰাউণ্ড, ৰঙাপাৰা ১৭ আৰু চতিয়া সমষ্টিত ২০ ৰাউণ্ডৰ অন্তত সম্পূৰ্ণ হ’ব ভোট গণনা। ২ মে’ৰ পুৱা ৮ বজাৰ পৰা আৰম্ভ হ’ব ভোট গণনা । ৮ বজাৰ পৰা পোষ্টেল বেলটৰ গণনা হ‘ব আৰু তাৰ আধা ঘন্টাৰ পিচত আৰম্ভ হ’ব ইভিএমৰ গণনা । প্ৰতিটো বিধানসভা সমষ্টিৰ ভোট গণনাৰ বাবে থাকিব ৩ টাকৈ গৃহ আৰু ক’ভিড প্ৰট'কলৰ প্ৰতি লক্ষ্য ৰাখি ভোট গণনাৰ বাবে এইবাৰ টেবুলৰ সংখ্যা ৫০% হ্ৰাস কৰা হৈছে । পাঁচোটা বিধানসভা সমষ্টিৰ বাবে ৫ জনকৈ পৰ্যবেক্ষককে ধৰি আৰক্ষী আৰু অন্যান্য সৰ্বমুঠ ১৭০০ জন কৰ্মচাৰী নিয়োজিত হৈ থাকিব শোণিতপুৰ জিলাৰ ভোট গণনা প্ৰক্ৰিয়াত । প্ৰতিজন কৰ্মচাৰীৰ ক’ভিড পৰীক্ষা বাধ্যতামূলক কৰাৰ লগতে ভোট গণনাত জড়িত থকা প্ৰতি তিনিজন কৰ্মচাৰীৰ মাজৰ জনে পিপিইকিট পৰিধান কৰাটো বাধ্যতামূলক হ’ব । আজি এখন সংবাদ মেলত এই বিষয়ে জনায় শোণিতপুৰ জিলা উপায়ুক্ত মানবেন্দ্ৰ প্ৰতাপ সিঙে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.