thumbnail

By

Published : Jun 2, 2021, 5:24 PM IST

ETV Bharat / Videos

চিকিৎসক নিগ্ৰহ কাণ্ড : অসম চিকিৎসা মহাবিদ্যালয়তো প্ৰতিবাদৰ জোৱাৰ

মঙলবাৰে হোজাই জিলাৰ উদালি ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত সংঘটিত হয় এক অঘটন ৷ ডাঃ সেউজ কুমাৰ সেনাপতিক নিৰ্মমভাৱে প্ৰহাৰ কৰে ফুলতলীস্থিত ক’ভিড কেয়াৰ চেণ্টাৰত থকা ক’ভিড ৰোগী সকলে ৷ এই ঘটনাক কেন্দ্ৰ কৰি দেশজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ সম্প্ৰতি হোজাই চিকিৎসক প্ৰহাৰ ঘটনা সন্দৰ্ভত বুধবাৰে ডিব্ৰুগড়ৰস্থিত অসম চিকিৎসা মহাবিদ্যালয়তো চিকিৎসক সকলে প্ৰতিবাদ সাব্যস্ত কৰে । উল্লেখযোগ্য যে, ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ বহিঃবিভাগৰ সন্মুখত কণিষ্ঠ চিকিৎসক সন্থা, AMCH শিক্ষক সন্থা, ইণ্ডিয়ান মেডিকেল এচ'ছিয়েচনে ঐক্যবদ্ধভাৱে ক'লাবেজ পৰিধান কৰি প্ৰতিবাদ সাৱ্যস্ত । অতি শীঘ্ৰে ডাঃ সেউজ কুমাৰ সেনাপতিৰ ওপৰত চলোৱা বৰ্বৰ আক্ৰমণৰ লগত জড়িত সকলক উৰ্চিত শাস্তি প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনায় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.