মহা মৃত্যুঞ্জয় মন্দিৰত শিৱৰাত্ৰি উদযাপন - শিৱৰাত্ৰি
🎬 Watch Now: Feature Video

আজি মহা শিৱৰাত্ৰি । সমগ্ৰ ৰাজ্যৰ শিৱ মন্দিৰসমূহৰ লগতে নগাঁৱৰ ভেৰভেৰীৰ মহা মৃত্যুঞ্জয় মন্দিৰতো পুৱাই ভিৰ কৰিছেহি অজস্ৰ ভক্তই । বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ ১২৬ ফুট উচ্চতাৰ মহা মৃত্যুঞ্জয় মন্দিৰ হিচাপে পৰিচিত নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত শিৱৰাত্ৰিৰ দিনটোত এক উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে । সকলোৱে পুৱাই বাবা ভোলানাথৰ ওচৰত সেৱা আগবঢ়াবলৈ ওলাই আহিছে । মন্দিৰ কমিটিয়ে ভক্তপ্ৰাণ ৰাইজৰ যাতে কোনো অসুবিধা নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যৱস্থা ইতিমধ্যে কৰি দিছে ।