অৱশেষত হাতীটো উদ্ধাৰ হ’ল

By

Published : Jun 17, 2021, 3:03 PM IST

thumbnail
কেৰালাৰ এৰ্নাকুলাম জিলাৰ(Ernakulam District of kerala) কোঠামাঙ্গলাম অঞ্চলৰ এটা কুঁৱাৰ ভিতৰত আৱদ্ধ বনৰীয়া হাতী এটাক কেইবা ঘণ্টা যোৰ উদ্ধাৰ অভিযান(rscue operation)ৰ পিছত সফলতাৰে উদ্ধাৰ কৰা হয় ৷ সৌভাগ্যক্ৰমে, হাতীটোৱে গুৰুতৰ আঘাত লাভ কৰা নাছিল। উল্লেখ্য যে, বুধবাৰে গোপালকৃষ্ণন নামৰ লোকজনৰ ঘৰৰ চৌহদত কুঁৱাৰ ভিতৰত হাতীটো আৱদ্ধ হৈ থকা অৱস্থাত পোৱা গৈছিল । এই খবৰ লাভ কৰাৰ লগে লগে বন বিষয়া আৰু স্থানীয় লোকসকল ঘটনাস্থলীত উপস্থিত হয় ৷ লগে লগে খনন যন্ত্ৰ(excavator) ব্যৱহাৰ কৰি কুঁৱাটোৰ কাষবোৰ খন্দা হয় আৰু হাতীটোৰ আৰোহণৰ বাবে এটা পথ প্ৰস্তুত কৰা হয় ৷ হাতীটোৰ উপস্থিতিৰ দ্বাৰা ভয়ভীত হৈ স্থানীয় লোক সকলে কোনো ধৰণৰ প্ৰাৰম্ভিক পদক্ষেপ লোৱাৰ ক্ষেত্ৰত বন বিষয়াসকলক বাধা প্ৰদান কৰিছিল বুলি জানিব পৰা গৈছে । ঘৰৰ মালিক গোপালকৃষ্ণনে হাতীটোৰৰ দ্বাৰা হোৱা ক্ষতিৰ বাবে ক্ষতিপূৰণো দাবী কৰে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত উদ্ধাৰ অভিযান কিছু সময়ৰ বাবে স্থগিত হৈ পৰিছিল যদিও পৰৱৰ্তী সময়ত বিভাগীয় বন বিষয়া(DFO)গৰাকীৰ হস্তক্ষেপৰ পিছত উদ্ধাৰ অভিযান পুনৰ চলে আৰু অৱশেষত হাতীটো উদ্ধাৰ হয় ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.