নিয়ন্ত্ৰণ ৰেখাত নিশা বায়ু সেনাৰ অভিযান

By

Published : Jul 7, 2020, 12:36 PM IST

thumbnail

ভাৰতীয় বায়ু সেনাই সোমবাৰে নিশাৰ ভাগত ভাৰত-চীন সীমান্তৰ নিয়ন্ত্ৰণ ৰেখাত অভিযান চলায় ৷ ভাৰত-চীন সীমান্তত উদ্বিগ্নতা বৃদ্ধি পোৱাৰ সময়তে বায়ু সেনাই এই অভিযান চলায় ৷ নিয়ন্ত্ৰণ ৰেখাত ভাৰতীয় বায়ু সেনাই MiG-29 ফাইটাৰ এয়াৰক্ৰাফ্ট, আপাচে এটেক হেলিকপ্টাৰ আৰু চিনুক হেভিলিফ্ট হেলিকপ্টাৰেৰে অভিযান চলায় ৷ সোমবাৰে ভাৰতীয় সেনাই প্ৰদান কৰা তথ্য অনুসৰি, লাডাখৰ গলৱান উপত্যকাত চীনৰ সৈন্যই দুই কিল'মিটাৰ পৰ্যন্ত পিছুৱাই যাবলৈ বাধ্য হৈছে ৷ কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ পাচতে এনেদৰে চীনৰ সৈন্য সীমান্তৰ পৰা পিছুৱাই যোৱা বুলি সেনাৰ সূত্ৰই জনাইছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.