ন’বেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীৰে ইটিভি ভাৰতৰ Exclusive সাক্ষাৎকাৰ
🎬 Watch Now: Feature Video
বিশ্বজুৰি শৈশৱ গঢ়াৰ সংকল্পৰে কাম কৰি অহা শান্তিৰ ন’বেল বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীয়ে শিশুৰ অধিকাৰসমূহৰ বাবে সংঘৰ্ষ কৰাৰ বাবে জনাজাত ৷ কৈলাশ সত্যাৰ্থীয়ে 90 হাজাৰ শিশুক বন্দুৱা মজুৰিৰ কৱলৰ পৰা মুক্ত কৰাইছে ৷ তেওঁ অকলে এজন ন’বেল শান্তি বঁটা বিজয়ী, যিগৰাকীৰ জন্মভূমি আৰু কৰ্মভূমি ভাৰততে আছিল ৷ ইয়াৰ উপৰিও অলপতে বিশ্ব স্বাস্থ্য সংস্থাৰ দ্বাৰা আয়োজিত বৰ্ল্ড হেল্থ এচেম্বলীত মুখ্য বক্তা হিচাপে উপস্থিত থাকি বিশ্বৰ শিশুসকলৰ বাবে টাস্ক ফ’ৰ্চৰ দাবী জনায় ৷ শেহতীয়াকৈ তেওঁ "ফেয়ৰ শ্বেয়াৰ ফৰ চিল্ড্ৰেন" আৰু স্বাস্থ্যক সাংবিধানিক অধিকাৰৰ প্ৰসংগ উত্থাপন কৰি আহিছে ৷ কৰ’ণাৰ সমস্যা আৰু বিশ্বই কেনেকৈ বচাব শৈশৱ... এই প্ৰসংগত ন’বেল শান্তি বঁটা বিজয়ী কৈলাশ সত্যাৰ্থীৰ সৈতে ইটিভি ভাৰতৰ Exclusive সাক্ষাৎকাৰ...