thumbnail

By

Published : Oct 10, 2022, 2:09 PM IST

Updated : Feb 3, 2023, 8:29 PM IST

ETV Bharat / Videos

ডিব্ৰুগড়ত মহিলা ভাওনাই মুগ্ধ কৰিলে অগণন দৰ্শকক

ডিব্ৰুগড় চহৰৰ অন্যতম শিক্ষাৰ প্ৰাণকেন্দ্ৰ চিটি মহাবিদ্যালয়ৰ (City College at Dibrugarh) প্ৰেক্ষাগৃহত মহিলাৰ দ্বাৰা প্ৰদৰ্শিত হ'ল ভাওনা (Women bhaona display at Dibrugarh)। শঙ্কৰ সংঘৰ ডিব্ৰুগড় আঞ্চলিকৰ সোণালী জয়ন্তী (Golden Jubilee of Dibrugarh Shankar Sangha)বৰ্ষৰ সামৰণি অনুষ্ঠানত মহিলা সকলে আয়োজন কৰিলে "ৰুক্মীণী হৰণ" (Rukmini Haran Bhaona)নাটখন । এই নাটখন উপভোগ কৰিবলৈ হাজাৰ হাজাৰ দৰ্শকে ভিৰ কৰে । উল্লেখ্য যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভিন্ন সময়ত মহিলাই কৰা ভাওনা ৰাইজে উপভোগ কৰিছে যদিও এইখন ভাওনা সম্পূৰ্ণ পৃথক । য'ত মহিলাই গায়ন-বায়ন, সুত্ৰধাৰ, ভাওৰীয়া, সকলো পৰিচালনা কৰে । উল্লেখ্য যে পোন প্ৰথমবাৰৰ বাবে বৃহত্তৰ অঞ্চলটোত অনুষ্ঠিত হয় মহিলা ভাওনা । সেয়েহে ভাওনা চাবলৈও বহু লোকৰ সমাগম হোৱা পৰিলক্ষিত হয় ৷
Last Updated : Feb 3, 2023, 8:29 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.