Widow committed suicide: বাল্য বিবাহৰ ঘটনাক লৈ উত্তেজনা, পিতৃক বচাবলৈ বিধৱা মহিলাৰ আত্মহনন

By

Published : Feb 4, 2023, 12:36 PM IST

Updated : Feb 6, 2023, 4:07 PM IST

thumbnail

মানকাচাৰ, 4 ফেব্ৰুৱাৰী: ৰাজ্যজুৰি বাল্যবিবাহক লৈ আতংকৰ সৃষ্টি হৈছে (Operation against child marriage in Assam) । বৃহস্পতিবাৰে নিশাৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ (CM Himanta Biswa Sarma) নিৰ্দেশানুসৰি ভিন্ন প্ৰান্তত বাল্য বিবাহৰ লগত জড়িত থকা লোকৰ বিৰুদ্ধে কঠোৰ অভিযান অব্যাহত আছে ৷ এতিয়ালৈ বাল্য বিবাহৰ লগত জড়িত প্ৰায় 2 হাজাৰৰো অধিক লোকক আটক কৰি আৰক্ষীৰ জিম্মাত ৰখা হৈছে (Many people detained related to Child marriage)৷ 

ৰাজ্যজুৰি আৰক্ষীয়ে চলোৱা অভিযানৰ ফলস্বৰূপে বিভিন্ন অঞ্চলত ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷ বহু অঞ্চলত পুৰুষসকলে ঘৰ-দুৱাৰ এৰি থৈ পলাই পত্ৰং দিয়াৰ বাতৰিও পোহৰলৈ আহিছে ৷ এইবাৰ মানকাচাৰত নিজ পিতৃক বচাবলৈ গৈ এগৰাকী বিধৱা যুৱতীয়ে আত্মহত্যাৰ পথ বাচি লোৱাৰ এক ঘটনা পোহৰলৈ আহিছে (Widow committed suicide to save her father from police  ) ৷ 

জানিব পৰা মতে, মানকাচাৰৰ ঝাউডাঙ্গা পুবেৰ গাঁৱত এগৰাকী যুৱতীক পিতৃয়ে নাবালিকা অৱস্থাতেই বিয়া দিছিল (Widow suicide in Mankachar) ৷ দূবছৰ পূৰ্বে ক’ভিডত আক্ৰান্ত হৈ তেওঁৰ স্বামীয়ে মৃত্যুক আকোৱালি লৈছিল ৷ তাৰ পিচৰ পৰাই মাতৃগৃহত পিতৃৰ সৈতে দুই সন্তানক লৈ বাস কৰিছিল যুৱতীগৰাকীয়ে ৷ 

বৃহস্পতিবাৰে ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ পিচতেই পিতৃক আৰক্ষীয়ে আটক কৰাৰ শংকাত ভোগে মহিলাগৰাকীয়ে ৷ মহিলাগৰাকীৰ নাম সীমা খাতুন ওৰফে খুশবু বুলি জানিব পৰা গৈছে ৷ আৰক্ষীয়ে নাবালিকা বিবাহৰ অপৰাধত পিতৃক গ্ৰেপ্তাৰ কৰাৰ ভয়তেই শুকুৰবাৰে নিশা আত্মহত্যাৰ পথ বাচি ললে বিধৱা যুৱতাগৰাকীয়ে ৷ শনিবাৰে পুৱা পিতৃয়ে খুশবুক মৃত অৱস্থাত পৰি থকা দেখা পাই হুৱা দুৱা লগায় ৷ 

পিতৃৰ কান্দোন শুনাৰ পাছতে তেওঁলোকৰ ঘৰত উপস্থিত হয় স্থানীয় লোকসকল ৷ নিজ কন্যাক হেৰুৱাই কান্দোনত ভাগি পৰিছে খুশবুৰ পিতৃ ৷ স্থানীয় লোকে ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াৰ লগতে মৃত যুৱতীগৰাকীৰ পিতৃৰ কাষত থিয় দিছে লোকসকল ৷ দুটিকৈ শিশু সন্তানক নিথৰুৱা কৰাৰ লগতে বৃদ্ধ পিতৃক এৰি থৈ যুৱতীগৰাকীয়ে কৰা আত্মহত্যাৰ এই ঘটনাই সমগ্ৰ অঞ্চলটোতে পেলাইছে শোকৰ ছাঁ ৷ ইফালে খুশবুৰ এই অনাকাংখিত মৃত্যুৰ বাবে চৰকাৰকে জগৰীয়া কৰি হিয়া ধাকুৰি কান্দিছে যুৱতীগৰাকীৰ শোকস্তব্ধ পিতৃয়ে ৷ 

লগতে পঢ়ক:  Child Marriage Accused: মাজুলীত বাল্য বিবাহৰ ২৪ অভিযুক্তৰ অগ্ৰীম জামিন মঞ্জুৰ

Last Updated : Feb 6, 2023, 4:07 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.