Labour protest: এটি শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি ম’হমৰা চাহ বাগিচা উত্তাল

🎬 Watch Now: Feature Video

thumbnail

ডিব্ৰুগড় জিলাৰ ম’হমৰা চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি (Tense situation at Mohmora tea garden) । এটি তিনিমহীয়া শিশুৰ মৃত্যুক কেন্দ্ৰ কৰি বাগিচাখনত বৃহস্পতিবাৰে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে বাগিচাখনৰ শ্ৰমিকসকলে । অভিযোগ মতে, বুধবাৰে বিয়লি এগৰাকী মহিলা শ্ৰমিকক অসুখীয়া সন্তান কোলাত লৈ হাঁড় কঁপোৱা জাৰত বোনাচ ল’বলৈ বাধ্য কৰোৱাইছিল পৰিচালক বিৰিঞ্চি ভৰালীয়ে । যাৰ পৰিণতিত মাতৃয়ে হেৰুৱাব লগীয়া হ'ল নিজৰ তিনিমহীয়া সন্তানটিক (Tea workers protest in Dibrugarh) ।  

ডিব্ৰুগড় জিলাৰ মৰাণ থানাৰ অন্তৰ্গত ম’হমৰা কানাহ চাহ বাগিচাত শ্ৰমিক হিচাপে নিয়োজিত হৈ আছিল অৰ্জুন প্ৰজাৰ পত্নী আৰতি প্ৰজা । বুধবাৰে বিয়লি বাগিচাখনত বোনাচ প্ৰদান কৰা হৈছিল । কিন্তু তিনিমহীয়া সন্তানটিৰ অসুস্থতাৰ বাবে বোনাচ ল’বলৈ আৰতিয়ে স্বামী অৰ্জুন প্ৰজাক পঠাইছিল যদিও বাগিচা কৰ্তপক্ষই তেওঁৰ হাতত বোনচৰ 300 টকা দিবলৈ অমান্তি হয় (Mohmora tea garden in Dibrugarh) ।  

উপায়হীন হৈ আৰতিয়ে তিনিমহীয়া অসুখীয়া সন্তানক কোলাত লৈ তীব্ৰ ঠাণ্ডাত তিনি কিলোমিটা বাট খোজ কাঢ়ি আহি বিয়লি বাগিচাৰ কাৰ্যালয়ত উপস্থিত হওঁতেই বাগিচাৰ কাৰ্যালয় বন্ধ হৈ পৰে ৷ লগতে ঠাণ্ডাৰ ফলত সন্তানটি বেছিকৈ অসুস্থ হৈ পৰে । ইপিনে, বাগিচাৰ চিকিৎসালয়ত পৰ্যাপ্ত সুবিধা নথকাত আৰতি প্ৰজাৰ সন্তানটি ডিমৌ আদৰ্শ চিকিৎসালয়ত ভৰ্তি কৰে যদিও চিকিৎসকে শিশুটিক মৃত ঘোষণা কৰে । ইয়াৰ পাচতেই ন্যায় বিচাৰি বাগিচাৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰে শ্ৰমিকসকলে ৷

Last Updated : Feb 3, 2023, 8:38 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.