New year 2023: ঐতিহাসিক ৰংঘৰৰ বাকৰিত অগনন লোকৰ সমাগম
🎬 Watch Now: Feature Video
পুৰণিক বিদায় দি নতুনক আদৰি লৈছে সকলোৱে(New year 2023) ৷ ৰাইজৰ মাজত দেখিবলৈ পোৱা গৈছে ব্যাপক উচাহ উদ্দীপনা ৷ ইংৰাজী নৱবৰ্ষৰ পহিলা দিনটোত উদুলি-মুদুলি শিৱসাগৰৰ ঐতিহাসিক ৰংঘৰৰ বাকৰি(Sivsagar Rang ghar) ৷ ইতিহাস প্ৰসিদ্ধ ৰংঘৰ, কাৰেংঘৰ(Sivsagar Kareng Ghar), তলাতল ঘৰত দেওবাৰে দেখিবলৈ পোৱা গ’ল অগনন লোকৰ সমাগম ৷ শিৱসাগৰৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা যথেষ্ট সংখ্যক লোকে আহি ভিৰ কৰিলেহি পৌৰাণিক কৃতি চিহ্নসমূহ দৰ্শনৰ বাবে ৷ শিৱদৌলতো পূজা আগবঢ়াবলৈ উপস্থিত হ’ল বহু সংখ্যক ভক্ত ৷ ইয়াৰ লগতে শিৱসাগৰৰ সমীপৱৰ্তী স্থানসমূহতো দেখিবলৈ পোৱা গ’ল বহুসংখ্যক লোকৰ সমাগম ৷ নৱবৰ্ষৰ প্ৰথম দিনটোত বন্ধু-বান্ধৱ তথা পৰিয়ালৰ লোকসকল লগ হৈ তৃপ্তিৰে খায় এসাজ ৷
Last Updated : Feb 3, 2023, 8:38 PM IST