Maharashtra Political Crisis : ৰেডিশ্বন ব্লুলৈ আৰু এগৰাকী বিসম্বাদী বিধায়কৰ আগমন
🎬 Watch Now: Feature Video
গুৱাহাটীৰ ৰেডিশ্বন ব্লু’লৈ সোত বৈছে শিৱসেনাৰ বিসম্বাদী বিধায়কৰ (Dissident MLA of Maharastra) । শুকুৰবাৰে দিনৰ 2 বজাত আৰু এগৰাকী শিৱসেনাৰ বিসম্বাদী বিধায়ক ৰেডিশ্বন ব্লু’ত উপস্থিত হৈছে । শিৱসেনাৰ বিসম্বাদী বিধায়কগৰাকীৰ নাম দিলীপ পাণ্ডে (Delhi MLA Dilip Pandey)। উল্লেখ্য যে, বৃহস্পতিবাৰে নিশা 9.45 বজাত আন তিনিজন বিসম্বাদী বিধায়ক উপস্থিত হৈছিল । ইয়াৰে দুজন শিৱসেনাৰ আৰু এজন নিৰ্দলীয় । ইয়াৰে দাদা ভুছে আৰু সঞ্জয় ৰাথোৰ শিৱসেনাৰ আৰু গীতা জৈন নিৰ্দলীয় বিধায়ক । এতিয়ালৈকে ৰেডিশ্বন ব্লুত( Guwahati Radisson Blu Hotel) বিসম্বাদী বিধায়কৰ মুঠ সংখ্যা হৈছে 47 জন । ইয়াৰে শিৱসেনাৰ 38 জন আৰু 9 জন নিৰ্দলীয় । উল্লেখ্য যে শিৱসেনাৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ নেতৃত্বত বিধায়ককসকলে গুৱাহাটীৰ ৰেডিশ্বন ব্লুত বাহৰ পাতি আছে । শেহতীয়াভাৱে একনাথ সিন্দে এক বিজ্ঞপ্তিৰ জৰিয়তে ৰাষ্ট্ৰিয় দলৰ লগত থাকি চৰকাৰ গঠন কৰিব বুলি মন্তব্য কৰিছে । বিজ্ঞপ্তিৰ জৰিয়তে একনাথ সিন্দে বিজেপিৰ লগত চৰকাৰ গঠন কৰাৰ স্পষ্ট ইংগিত দিছে ।
Last Updated : Feb 3, 2023, 8:24 PM IST