Book fair at Kalgachia: কলগাছিয়াত দ্বাদশ গ্রন্থমেলাৰ লাইখুঁটা স্থাপন

By

Published : Dec 13, 2022, 2:26 PM IST

Updated : Feb 3, 2023, 8:35 PM IST

thumbnail
বৰপেটা জিলাৰ জনীয়া সমষ্টিৰ প্ৰাণকেন্দ্ৰ কলগাছিয়াত মঙলবাৰে দ্বাদশ গ্রন্থমেলাৰ লাইখুঁটা স্থাপন কৰে কলগাছিয়া ৰাজহ চক্ৰৰ চক্ৰ বিষয়া চন্দনা বৰুৱা বিৰকমীয়াই(Laid the foundation stone of the book fair at Kalgachia) । অহা ২৪ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ ৭ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব দ্বাদশ কলগাছিয়া গ্ৰন্থমেলা(12th Kalgachia Book Fair) । চলিত মাহত অনুষ্ঠিত হ'বলগীয়া গ্ৰন্থ মেলাৰ প্ৰতিটো কাৰ্যসূচী সাফল্যমণ্ডিত কৰিবলৈ সকলোৰে সহায় সহযোগিতা আৰু অংশগ্ৰহণ কামনা কৰিছে আয়োজক সমিতিয়ে । লগতে চক্ৰ বিষয়াই কলগাছিয়াৰ ৰাইজৰ লগতে গ্ৰন্থমেলাৰ কমিটিক অভিনন্দন জনোৱাৰ লগতে সকলোৰে সহায় সহযোগিতাৰে সাফল্যমণ্ডিত কৰি তোলাৰ বাবে আহ্বান জনায় ।
Last Updated : Feb 3, 2023, 8:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.