thumbnail

By

Published : Jun 10, 2022, 2:19 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

ETV Bharat / Videos

পৌৰসভাৰ কাণ্ডজ্ঞানহীনতা: ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত ৰাজহুৱা খেলপথাৰ

খাৰুপেটীয়া পৌৰসভাৰ আজৱ কাণ্ড ৷ সভানেত্ৰীৰ কাণ্ডজ্ঞানহীনতাৰ বাবে ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত খাৰুপেটীয়া টাউন ৰাজহুৱা খেলপথাৰ (Dumping Ground in kharupetia town field)৷ বৃহত্তৰ খাৰুপেটীয়া অঞ্চলৰ একমাত্ৰ ৰাজহুৱা খেল‌পথাৰ‌খনৰ কদৰ্যময়‌ পৰিৱেশে অতিষ্ঠ কৰি তুলিছে স্থানীয় ৰাইজক (Field turned into dumping grounds) । স্থানীয় লোকে সংবাদমাধ্যমৰ আগত ক্ষোভ প্ৰকাশ কৰি কয় যে এজাক বৰষুণতেই পুখুৰীত পৰিণত হয় ৰাজহুৱা খেলপথাৰখন৷ ইয়াৰোপৰি এতিয়া খেলপথাৰৰ এটা অংশত নগৰৰ নলা নৰ্দমা ছাফা কৰি দুৰ্গন্ধময় আৱৰ্জনা জমা কৰি পৰিৱেশ বিনষ্ট কৰাৰ লগতে খেলপথাৰ খনত পূৱা-গধুলি খেল ধেমালি কৰাসকলৰ স্বাস্থ্যৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে ৷ উল্লেখ্য যে খাৰুপেটীয়াৰ একমাত্ৰ ৰাজহুৱা টাউন খেলপথাৰখন আধুনিক ষ্টেডিয়ামত পৰিণত কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰা পৌৰ সভাই খেলপথাৰখনক ডাম্পিং গ্ৰাউণ্ডত পৰ্যবসিত কৰাত ক্ষুণ্ণ হৈ পৰিছে ৰাইজ । অৱশ্যে খাৰুপেটীয়া পৌৰ সভাৰ সভানেত্ৰী কৃষ্ণা সাহাই নিজৰ ভুল স্বীকাৰ কৰি ফীল্ডখন অতি সোনকালে চাফা কৰাৰ আশ্বাস প্ৰদান কৰে ৷
Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.