কলাইগাঁৱত ডায়েৰিয়াৰ প্ৰাদুৰ্ভাৱ, স্বাস্থ্য বিভাগে আওকাণ কৰাৰ অভিযোগ - Outbreak of Diarrheal Diseases - OUTBREAK OF DIARRHEAL DISEASES

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 3:57 PM IST

ওদালগুৰি, ২৩ ছেপ্টেম্বৰ : ডায়েৰিয়া ৰোগত আক্ৰান্ত কলাইগাঁৱৰ এখন গাঁও । যোৱা পাঁচদিনে গাঁওখনত ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ আছে কেবাটাও পৰিয়ালৰ প্ৰায় ৫০ গৰাকীতকৈও অধিক লোক । কলাইগাঁৱৰ সমীপৰ টেঙাবাৰী নামৰ গাঁওখনত এতিয়া প্ৰতিটো পৰিয়ালতেই আছে ডায়েৰিয়া ৰোগত আক্ৰান্ত একো একোজন লোক ।

কেনেকৈ কি কাৰণত গাঁওখনৰ বাসিন্দাসকল ডায়েৰিয়া ৰোগত আক্ৰান্ত হৈ পৰিছে তাৰ কোনো সবিশেষ উমান কৰিব পৰা নাই । আনহাতে গাঁওখনত স্বাস্থ্য বিভাগৰ কোনো উচ্চপদস্থ বিষয়া উপস্থিত নোহোৱাৰ অভিযোগ উত্থাপন কৰিছে গঞা ৰাইজে । এনেদৰে এতিয়া কোনো উন্নত চিকিৎসা নোপোৱাকৈয়ে দিন-ৰাতি পাৰ কৰিছে ৰাইজে ।

জিলা স্বাস্থ্য বিভাগে যদি এই গাঁওখনত হোৱা ডায়েৰিয়া ৰোগক নিৰাময় কৰাৰ চেষ্টা নকৰে, তেন্তে ভয়াৱহ পৰিস্থিতি হোৱাৰ আশংকা কৰা হৈছে ৷

লগতে পঢ়ক : উৎকট গৰমে প্ৰাণ ল’লে দেৰগাঁৱৰ যুৱকৰ, আগন্তুক ৭ দিনতো গৰম কমাৰ সম্ভাৱনা নাই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.