কলকাতাৰ পৰা আৰক্ষীয়ে ধৰি আনিলে ভাস্কৰক - Online trading scam - ONLINE TRADING SCAM

🎬 Watch Now: Feature Video

thumbnail

By ETV Bharat Assamese Team

Published : Sep 23, 2024, 9:49 PM IST

গোলাঘাট, 23 ছেপ্টেম্বৰ: অনলাইন ট্ৰেডিঙৰ নামত দেৰগাঁও অঞ্চলৰ পৰা কোটি কোটি টকা আত্মসাৎ কৰি ৰাজ্য এৰি পলায়ন কৰা ভাস্কৰ ভূষণ বৰুৱাক অৱশেষত কলকতাৰ পৰা গ্ৰেপ্তাৰ কৰিছে দেৰগাঁও আৰক্ষীয়ে । গ্ৰেপ্তাৰ কৰাৰ পাছত সোমবাৰে পোনে পোনে দেৰগাঁও আৰক্ষী থানাত উপস্থিত হোৱাৰ পাছত যাৱতীয় স্বাস্থ্য পৰীক্ষা সম্পন্ন কৰি ভাস্কৰক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে । 

উল্লেখ্য যে সমগ্ৰ অসমত অনলাইন ট্ৰেডিঙৰ নামত হাজাৰ হাজাৰ কোটি টকাৰ ধন আত্মসাতৰ ঘটনাই চৰ্চা লাভ কৰি থকাৰ মাজতে গোলাঘাট জিলাৰ দেৰগাঁৱতো এজন লোকে ট্ৰেডিঙৰ নামত বৃহৎ পৰিমাণৰ ধন আত্মসাৎ কৰাৰ কথা পোহৰলৈ আহে । তাৰ পাছতে দেৰগাঁও আৰক্ষী থানাত ভাস্কৰ ভূষণ বৰুৱা নামৰ লোকজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছিল কেবাজনো ভুক্তভোগীয়ে ৷ 

অৱশেষত দেৰগাঁও আৰক্ষীয়ে কলকতাৰ পৰা ভাস্কৰ ভূষণ বৰুৱাক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ভাস্কৰ ভূষণ বৰুৱাক আৰক্ষী থানাৰ পৰা চিকিৎসালয়লৈ নিয়াৰ সময়ত সাংবাদিকে বিভিন্ন ধৰণৰ প্ৰশ্ন কৰে যদিও তেওঁ কোনোধৰণৰ উত্তৰ দিয়া নাই ।

লগতে পঢ়ক: দেৰগাঁৱৰ ট্ৰেডিং কেলেংকাৰীৰ মূল অভিযুক্তক কলকাতাত গ্ৰেপ্তাৰ - Online Trading Scam

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.