হায়দৰাবাদ: বিগত কেইবছৰমানৰ পৰা গাড়ী নিৰ্মাতা কোম্পানীবোৰে জনসাধাৰণৰ সজাগতাৰ প্ৰতি বিশেষ গুৰুত্ব প্ৰদান কৰি গাড়ী নিৰ্মাণ কৰিবলৈ আগবাঢ়িছে ৷ দেশত বিক্ৰী হোৱা গাড়ীসমূহে জনসাধাৰণৰ সুৰক্ষাৰ ওপৰত পূৰ্বতকৈ অধিক গুৰুত্ব দিবলৈ আৰম্ভ কৰিছে । সাধাৰণ মানুহৰ দৃষ্টিকোণৰ পৰা গাড়ী এখনত অধিক এয়াৰবেগ সংযুক্তকৰণে ইয়াক সুৰক্ষিত কৰি তোলে । যদি আপুনিও এখন কম মূল্যৰ আৰু নিৰাপদ এছ ইউ ভি কিনিব বিচাৰে, তেন্তে ইয়াত আমি আপোনাক ক’ম পাঁচখন এছ ইউ ভিৰ বিষয়ে যিবোৰত 6 টা এয়াৰবেগ আছে ---
1. Nissan Magnite
এই তালিকাত প্ৰথম স্থানত আছে নিছান মেগনাইট, যিখন আটাইতকৈ দামী এছ ইউ ভি । ইয়াত ষ্টেণ্ডাৰ্ড হিচাপে 6 টা এয়াৰবেগ আছে । ইয়াৰ আৰম্ভণি মূল্য 5.99 লাখ টকা । আন আন সুৰক্ষা বৈশিষ্ট্যসমূহৰ ভিতৰত আছে থ্ৰী-পইণ্ট ছিট বেল্ট, আইছ’ফিক্স এংকৰ, ট্ৰেকচন কণ্ট্ৰ’ল, টিপিএমএছ আৰু ষ্টেণ্ডাৰ্ড হিচাপে হিল-ষ্টাৰ্ট এচিষ্ট । ইয়াত দুটা 1.0 লিটাৰ, 3 চিলিণ্ডাৰ পেট্ৰ’ল ইঞ্জিন আৰু এটা টাৰ্বোচাৰ্জড ইঞ্জিন উপলব্ধ ।
2. Hyundai Exter
কোৰিয়াৰ গাড়ী নিৰ্মাতা কোম্পানীটোৰ হুণ্ডাই এক্সটাৰৰ মূল্য 6.13 লাখ টকাৰ পৰা আৰম্ভ হয় আৰু 6 টা এয়াৰবেগৰ সৈতে অহা ভাৰতৰ অন্যতম সস্তা এছ ইউ ভি । ইয়াত 1.2 লিটাৰ, 4 চিলিণ্ডাৰ পেট্ৰ’ল ইঞ্জিন (83বিএইচপি, 114এনএম) আছে । ইয়াক 5 স্পীড এমটি বা 5 স্পীড এএমটি গিয়াৰবক্সৰ সৈতে সংযুক্ত কৰা হয় । ইয়াৰ উপৰিও এক্সটাৰৰ সৈতে ফেক্টৰীত ফিট কৰা চিএনজি কিটও উপলব্ধ ।
3. Mahindra XUV 3XO
মহিন্দ্ৰা XUV300 আপডেট কৰাৰ পিছত কোম্পানীয়ে XUV 3XO নামেৰে বজাৰত মুকলি কৰিছে । য’ত কোম্পানীয়ে 6টা এয়াৰবেগ ষ্টেণ্ডাৰ্ড হিচাপে প্ৰদান কৰিছে । ইয়াৰ আৰম্ভণি মূল্য 7.49 লাখ টকা আৰু টপ স্পেক ভেৰিয়েণ্টৰ মূল্য 14.99 লাখ টকা । কোম্পানীটোৱে ইয়াত তিনিটা ইঞ্জিন আগবঢ়াইছে - 1.2 লিটাৰ টাৰ্বো-পেট্ৰল (111 বিএইচপি), 1.2 লিটাৰ ডাইৰেক্ট ইনজেকচন টাৰ্বো-পেট্ৰল (131বিএইচপি) আৰু 1.5 লিটাৰ ডিজেল (117বিএইচপি)।
4. Skoda Kylaq
কোম্পানীটোৱে শেহতীয়াকৈ মুকলি কৰা Skoda Kylaq ক বজাৰত মুকলি কৰিছে 7.89 লাখ টকাৰ আৰম্ভণি মূল্যত । ইয়াৰ টপ-স্পেক ভেৰিয়েন্টৰ মূল্য 14.40 লাখ টকা । কোম্পানীটোৱে ইয়াৰ ভেৰিয়েন্টত ষ্টেণ্ডাৰ্ড হিচাপে 6 টা এয়াৰবেগ আগবঢ়ায় । সুৰক্ষা বৈশিষ্ট্যৰ কথা ক’বলৈ গ’লে ইয়াত ই এছ চি, ট্ৰেকচন কণ্ট্ৰ’ল, থ্ৰী-পইণ্ট বেল্ট, সকলো আসনৰ বাবে এডজাষ্টেবল হেড ৰেষ্ট্ৰেইণ্ট আৰু সকলো ট্ৰিমৰ পিছৰ আসনৰ বাবে আইছ’ফিক্স চাইল্ড ছিট মাউণ্ট প্ৰদান কৰা হৈছে ।
5. Kia Sonnet
এই তালিকাৰ প্ৰথমখন এছ ইউ ভি হৈছে কিয়া ছনেট, যিয়ে ইয়াৰ সকলো ভিন্নতাতে 6 টা এয়াৰবেগ প্ৰদান কৰে । ইয়াৰ মূল্য 7.99 লাখৰ পৰা 15.75 লাখ টকাৰ ভিতৰত । কিয়া ছনেটৰ ষ্টেণ্ডাৰ্ড ছেফটি ফিচাৰৰ কথা ক’বলৈ গ’লে ই ইএছচি, ভিএছএম, হিল-ষ্টাৰ্ট এচিষ্ট কণ্ট্ৰ’ল, জৰুৰীকালীন ষ্টপ চিগনেল, টিপিএমএছ আৰু অন্যান্য বৈশিষ্ট্য প্ৰদান কৰে ।