হায়দৰাবাদ: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে শনিবাৰে সংসদত দাখিল কৰে মোদী চৰকাৰৰ ৩.০ কাৰ্যকালৰ প্ৰথমখন পূৰ্ণাংগ বাজেট । এই বাজেটত মধ্যবিত্ত শ্ৰেণীৰ লোকক সকাহ প্ৰদান কৰি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে এক ডাঙৰ ঘোষণা কৰিছে । এতিয়াৰে পৰা ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত কোনো কৰ নাথাকিব । চৰকাৰৰ এই সিদ্ধান্তত দেশৰ লাখ লাখ লোক প্ৰভাবান্বিত হ’ব ।
নতুন কৰ নিয়মৰ অধীনত ০-১২ লাখ টকাৰ আয়ৰ ওপৰত কোনো ধৰণৰ কৰ নাথাকিব । ১২ৰ পৰা ১৫ লাখ টকাৰ আয়ৰ ওপৰত ১৫ শতাংশ কৰ আৰোপ কৰা হ’ব । ১৫ৰ পৰা ২০ লাখ টকাৰ ভিতৰত আয়ৰ ওপৰত ২০ শতাংশ কৰ আদায় দিব লাগিব । আনহাতে ২০ৰ পৰা ২৫ লাখ টকাৰ আয়ৰ ওপৰত ২৫ শতাংশ কৰ আৰোপ কৰা হ’ব ।
বাজেট দাখিল কৰি সীতাৰমণে কয়, "গণতন্ত্ৰ, জনগাঁথনি আৰু চাহিদা হৈছে উন্নত দেশৰ দিশত ভাৰতৰ যাত্ৰাৰ মূল সহায়ক নিৰ্মাতা । মধ্যবিত্ত শ্ৰেণীয়ে ভাৰতৰ বিকাশত শক্তি দিয়ে ৷ তেওঁলোকৰ অৱদানক স্বীকৃতি দি আমি ২০১৪ চনৰ পৰা সময়ে সময়ে তেওঁলোকৰ কৰৰ বোজা কমাই দিছো ৷ এতিয়া নতুন শাসন ব্যৱস্থাৰ অধীনত ১২ লাখ টকা পৰ্যন্ত আয়ৰ ওপৰত আয়কৰ নাথাকিব ।"
তেওঁ কয়, প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত গঠনত চৰকাৰে ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত মধ্যবিত্ত শ্ৰেণীৰ প্ৰশংসনীয় শক্তি আৰু সামৰ্থ্যত সদায় বিশ্বাস কৰি আহিছে । তেওঁলোকৰ অৱদানৰ স্বীকৃতি স্বৰূপে আমি সময়ে সময়ে তেওঁলোকৰ কৰৰ বোজা হ্ৰাস কৰিছো । ২০১৪ চনৰ ঠিক পিছতেই 'শূন্য কৰ' স্তৰ ২.৫ লাখ টকালৈ বৃদ্ধি কৰা হয়, যিটো ২০১৯ চনত বৃদ্ধি কৰি ৫ লাখ টকা আৰু ২০২৩ চনত ৭ লাখ টকালৈ বৃদ্ধি কৰা হয় । ইয়াৰ দ্বাৰা মধ্যবিত্তীয় কৰদাতাৰ ওপৰত আমাৰ চৰকাৰৰ আস্থা প্ৰকাশ পাইছে ।"
তেওঁ কয় যে নতুন কৰ গাঁথনিয়ে মধ্যবিত্ত শ্ৰেণীৰ ওপৰত কৰ বহু পৰিমাণে হ্ৰাস কৰিব আৰু তেওঁলোকৰ হাতত অধিক ধন জমা হ’ব, যাৰ ফলত ঘৰুৱা ব্যৱহাৰ, সঞ্চয় আৰু বিনিয়োগ বৃদ্ধি পাব ।
বিত্তমন্ত্ৰীগৰাকীয়ে কয় যে কৰৰ স্তৰ হাৰ পোৱাৰ ফলত হোৱা লাভৰ উপৰিও ১২ লাখ টকা পৰ্যন্ত সাধাৰণ আয় কৰা কৰদাতাসকলে (বিশেষ হাৰৰ আয় যেনে মূলধনী লাভৰ বাহিৰে) কোনো ধৰণৰ অতিৰিক্ত কৰ দিব নালাগিব ।
নতুন ব্যৱস্থাত ১২ লাখ টকা আয়ৰ এজন কৰদাতাই কৰ হিচাপে ৮০ হাজাৰ টকাৰ সুবিধা লাভ কৰিব (যিটো বৰ্তমানৰ হাৰ অনুসৰি প্ৰদান কৰিবলগীয়া কৰ ১০০%) । ১৮ লাখ টকা আয় থকা ব্যক্তিয়ে কৰ হিচাপে ৭০ হাজাৰ টকাৰ সুবিধা লাভ কৰিব (বৰ্তমানৰ হাৰ অনুসৰি প্ৰদান কৰিবলগীয়া কৰ ৩০%) । একেদৰে ২৫ লাখ টকা আয়ৰ ব্যক্তিয়ে ১,১০,০০০ টকা (বৰ্তমানৰ হাৰ অনুসৰি তেওঁৰ কৰ দিবলগীয়া ২৫%) সুবিধা লাভ কৰিব ।
সীতাৰমণে কয় যে এই প্ৰস্তাৱসমূহৰ ফলত প্ৰত্যক্ষ কৰত প্ৰায় ১ লাখ কোটি টকা আৰু পৰোক্ষ কৰ ২৬০০ কোটি টকাৰ ৰাজহ ঘাটি হ’ব ।
নতুন আই-টি ৰেহাই
আয়কৰ ৰেহাইৰ সীমা ৭ লাখৰ পৰা ১২ লাখলৈ বৃদ্ধি কৰাৰ অৰ্থ হ’ল ১২ লাখ টকা পৰ্যন্ত আয় থকা ব্যক্তিৰ কোনো কৰ দায়বদ্ধতা নাথাকিব । কিন্তু এই ৰেহাই কেৱল ১২ লাখ টকাৰ সীমাৰ ভিতৰত থকাসকলৰ ক্ষেত্ৰতহে প্ৰযোজ্য ।
যদি আপোনাৰ কৰযোগ্য আয় ১২ লাখ টকাতকৈ অধিক হয়, তেন্তে আপুনি নতুন কৰ ব্যৱস্থাৰ স্তৰ হাৰৰ অধীনত থাকিব । উদাহৰণস্বৰূপে, যদি আপুনি ১২.১ লাখ টকা উপাৰ্জন কৰে তেন্তে আপোনাৰ কৰ দায়বদ্ধতা হ’ব ৬১,৫০০ টকা । সীতাৰমণে ১৫ লাখৰ পৰা ২৪ লাখ টকাৰ ভিতৰত আয়ৰ কৰ হাৰত তীব্র কৰ্তন কৰি ১৫ লাখ টকাৰ ওপৰত উপাৰ্জন কৰাসকলৰ বাবেও যথেষ্ট পৰিমাণৰ কৰ সঞ্চয়ৰ ব্যৱস্থা কৰিছে ।
আনহাতে ইয়াৰ পূৰ্বে নতুন কৰ ব্যৱস্থাত ১৫ লাখ টকাতকৈ অধিক আয়ৰ ওপৰত ৩০% কৰ আৰোপ কৰা হৈছিল যদিও তেওঁ ১২ লাখৰ পৰা ১৬ লাখ টকাৰ ভিতৰৰ আয়ত ১৫% কৰ আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে ।
সীতাৰমনে লগতে কয় যে অহা সপ্তাহত চৰকাৰে নতুন আয়কৰ বিধেয়ক উত্থাপন কৰিব । বিত্তমন্ত্ৰীয়ে ঘোষণা কৰে যে বীমা খণ্ডৰ বাবে প্ৰত্যক্ষ বিদেশী বিনিয়োগৰ সীমা ১০০ শতাংশলৈ বৃদ্ধি কৰা হ’ব আৰু বীমা খণ্ডৰ বাবে বৰ্ধিত সীমা দেশত সম্পূৰ্ণ প্ৰিমিয়াম বিনিয়োগ কৰাসকলৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব ।
লগতে পঢ়ক: কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত উপস্থাপন কৰিলে বাজেট; অসমৰ বাবে ঘোষণা বিত্তমন্ত্ৰীৰ