ৱাশ্বিংটন : আমেৰিকাৰ বিদেশ বিভাগে ইজৰাইলক হাজাৰ হাজাৰ বোমা আৰু মিছাইলকে ধৰি ৭ বিলিয়ন ডলাৰৰো অধিক মূল্যৰ অস্ত্ৰ-শস্ত্ৰ বিক্ৰী কৰাৰ পৰিকল্পনাৰ কথা আমেৰিকান কংগ্ৰেছক আনুষ্ঠানিকভাৱে জনাইছে । ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে হোৱাইট হাউছত ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুক সাক্ষাৎ কৰাৰ মাত্ৰ দুদিন পিছতে এই পৰিকল্পনাৰ কথা প্ৰকাশ কৰা হৈছে ।
আনহাতে, এই বৃহৎ পৰিমাণৰ অস্ত্ৰ বিক্ৰী পৰিকল্পনা ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধবিৰতি চুক্তি চলি থখাৰ মাজতে আহিছে । যাৰ বাবে এই যুদ্ধবিৰতি চুক্তিৰ স্থায়িত্ব সন্দৰ্ভত প্ৰশ্ন উত্থাপন হৈছে । আনহাতে, ট্ৰাম্পে সকলো পেলেষ্টাইনীক গাজাৰ পৰা স্থানান্তৰিত কৰিবলৈ আৰু গাজাক এক আন্তৰ্জাতিক পৰ্যটন ক্ষেত্ৰ হিচাপে পুনৰ বিকশিত কৰাৰ এক প্ৰস্তাৱো আনিছে, যাৰ ওপৰত বিশ্বজুৰি ব্যাপক সমালোচনা হৈছে ।
উল্লেখ্য যে, এই অস্ত্ৰ বিক্ৰী পদক্ষেপ হৈছে ইজৰাইলৰ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ শক্তিশালী কৰাৰ বাবে ট্ৰাম্পৰ প্ৰচেষ্টাৰ আন এক পদক্ষেপ । জানুৱাৰী মাহৰ শেষৰ ফালে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছতে ট্ৰাম্পে ইজৰাইললৈ ২,০০০ পাউণ্ডৰ বোমা প্ৰেৰণৰ ওপৰত থকা নিষেধাজ্ঞা উঠাই লৈছিল ।
বাইডেন প্ৰশাসনে অসামৰিক লোকৰ ওপৰত হ'ব পৰা সম্ভাৱ্য আক্ৰমণ বিশেষকৈ দক্ষিণ গাজা চহৰ ৰাফাত হোৱা আক্ৰমণৰ সময়ত হতাহতৰ বিষয়ে উদ্বেগ প্ৰকাশ কৰি এই বোমা প্ৰেৰণৰ সিদ্ধান্ত স্থগিত ৰাখিছিল । ইফালে ট্ৰাম্পে সাংবাদিকৰ আগত কয় যে তেওঁ এইবোৰ ইজৰাইললৈ মুকলি কৰি দিছে, কাৰণ তেওঁলোকে সেইবোৰ ক্ৰয় কৰিছিল ।
বিদেশ বিভাগৰ মতে, শুকুৰবাৰে আমেৰিকান কংগ্ৰেছলৈ দুটা পৃথক বিক্ৰী চুক্তি প্ৰেৰণ কৰা হৈছে । এটা হৈছে 6.75 বিলিয়ন ডলাৰৰ বিনিময়ত বিভিন্ন সামগ্ৰী, নিৰ্দেশনা কিট আৰু অন্যান্য সম্পৰ্কিত সঁজুলি । ইয়াত অন্তৰ্ভুক্ত আছে 166 টা সৰু আকাৰৰ বোমা, 2,800 টা 500 পাউণ্ডৰ বোমা আৰু হাজাৰ হাজাৰ নিৰ্দেশনা কিট, ফিউজ আৰু অন্যান্য বোমাৰ উপাদান আৰু সমৰ্থন সঁজুলি । সেইবোৰ প্ৰেৰণৰ কাম এই বছৰতে আৰম্ভ হ'ব ।
আনটো অস্ত্ৰ পেকেজ হৈছে 3,000 হেলফায়াৰ মিছাইল আৰু ইয়াৰ সৈতে সম্পৰ্কিত সঁজুলিৰ বাবে । ইয়াৰ আনুমানিক ব্যয় হৈছে 660 নিযুত ডলাৰ । এই মিছাইলবোৰৰ বিতৰণ ২০২৮ চনত আৰম্ভ হ'ব বুলি আশা কৰা হৈছে আৰু সেইবোৰৰ ব্যৱহাৰৰ বাবে আমেৰিকান সামৰিক বাহিনীৰ দ্বাৰা অতিৰিক্ত প্ৰশিক্ষণৰ প্ৰয়োজন হ'ব ।
বাইডেন প্ৰশাসনৰ বিষয়াসকলে যোৱা মাহত অনানুষ্ঠানিকভাৱে কংগ্ৰেছক এই বিক্ৰীৰ বিষয়ে জাননী দিছিল । তদানীন্তন বিষয়াসকলে কৈছিল যে পেকেজটোৰ কিছুমান অস্ত্ৰ বৰ্তমান আমেৰিকাৰ মজুতৰ পৰা প্ৰেৰণ কৰিব পাৰি । কিন্তু বেছিভাগ অস্ত্ৰ বিতৰণ কৰিবলৈ এবছৰ বা ততোধিক সময় লাগিব ।
আনহাতে, হাউছ ফৰেইন এফেয়াৰ্ছ কমিটীৰ শীৰ্ষ ডেমোক্ৰেটজনে জানুৱাৰী মাহত এই অস্ত্ৰ বিক্ৰীৰ বিষয়টোত নিজৰ উদ্বেগ প্ৰকাশ কৰিছিল ।