চেলেক ধূনাগুৰি দলং নিৰ্মাণথলীত শ্ৰমিকৰ মৃত্য়ু - LABOUR DEATH IN MAJULI
🎬 Watch Now: Feature Video


Published : Dec 21, 2024, 1:50 PM IST
মাজুলী: পুনৰ চেলেক ধূনাগুৰি দলং নিৰ্মাণথলীত অঘটন । শনিবাৰে পুৱা দলঙৰ নিৰ্মাণকাৰ্যত জড়িত এজন শ্ৰমিকে তলত কাম কৰি থাকোতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। চেলেক ধূনাগুৰি দলঙৰ কামত নিয়োজিত মৃত শ্ৰমিকৰ নাম অশোক সিং ।
দলং নিৰ্মাণত জড়িত থকা এজন লোকে এই সন্দৰ্ভত উল্লেখ কৰা মতে, নিৰ্মাণৰ কাম ওপৰত কৰি থকা অৱস্থাত এই লোকজন তলত আছিল । সেই সময়তেই কিছু সামগ্ৰী তলত থকা শ্ৰমিকজনৰ গাত পৰাত ততাতৈয়াকৈ মাজুলীৰ গড়মূৰ পীতাম্বৰ দেৱগোস্বামী জিলা চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও তাতেই তেওঁক মৃত বুলি চিকিৎসকে ঘোষণা কৰে । আজি পুৱা ৯ বজাত সংঘটিত হয় এই ঘটনাটো । ৪০ বছৰীয়া মৃত আশোক সিঙৰ ঘৰ পশ্চিমবংগত । উল্লেখ্য় যে ইয়াৰ পূৰ্বেও একে স্থানত বিদ্য়ুৎস্পৃষ্ট হৈ এজন শ্ৰমিকৰ মৃত্যু হৈছিল ।