শ্ৰীনগৰ/ডোডা : এক শুভ্ৰ চাদৰৰ দৃশ্য । এই মনোমুগ্ধকৰ বৰফৰ শুকুলাই এতিয়া আৱৰি ৰাখিছে ডোডাৰ গাণ্ডোহ ভলেচা পৰ্বতক । সতেজ তুষাৰপাতে এই সমগ্ৰ সেউজীয়া অঞ্চলটোক শীতকালীন ৰম্যভূমিলৈ ৰূপান্তৰিত কৰিছে ।
হিমালয় অঞ্চলত বৰফৰে আৱৰি থকা শৃংগ আৰু শান্ত-সমাহিত পৰিৱেশে শীতকালৰ এক যাদুকৰী অভিজ্ঞতা আগবঢ়াই আহিছে । ইফালে শ্ৰীনগৰৰ বিখ্যাত ডাল হ্ৰদতো পৰ্যটকৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে ।
#WATCH | Jammu and Kashmir: The iconic Dal Lake in Srinagar witnesses a significant surge in tourist footfall as travellers from across the country and beyond flock to experience the Dal Lake. Tourists enjoy shikhara rides on the lake to explore the inner part of Dal Lake. pic.twitter.com/s7AWD8lSrt
— ANI (@ANI) February 22, 2025
দেশ-বিদেশৰ পৰ্যটকসকলে এই অতুলনীয় আকৰ্ষণ অনুভৱ কৰিবলৈ এতিয়া ডাল হ্ৰদত ভিৰ কৰিছে । পৰ্যটকসকলে ডাল হ্ৰদত শিকাৰা যাত্ৰা (স্থানীয় নৌকা বিহাৰ) উপভোগ কৰি আছে ।
ইফালে পৰ্যটনৰ সংখ্যা বৃদ্ধিয়ে স্থানীয় ব্যৱসায়ীসকলৰ মুখত হাঁহি বিৰিঙাইছে । হাউছবোটৰ মালিক, শিকাৰা অপাৰেটৰ আৰু হস্তশিল্পীসকলক লাভান্বিত কৰিছে । আৰামদায়ক হাউছবোটবোৰত থকা জটিল কাঠৰ শিল্প আৰু ভিতৰৰ মনোমোহা পৰিৱেশে দৰ্শনাৰ্থীসকলক এক স্মৰণীয় অভিজ্ঞতা প্ৰদান কৰে ।

আনহাতে, শিকাৰা অপাৰেটৰসকলে পৰ্যটকসকলক হ্ৰদৰ মাজেৰে যাত্ৰা কৰাই মনোমুগ্ধ দৃশ্য উপভোগ কৰায় । নিপোটলভাৱে তৈয়াৰ কৰা স্মাৰক আৰু পৰম্পৰাগত কাশ্মীৰী সামগ্ৰী তৈয়াৰ কৰা হস্তশিল্পীসকলেও নিজৰ ব্যৱসায় বৃদ্ধিৰ মুখ দেখিছে ।

ইফালে স্থানীয় অৰ্থনীতিয়ে বিকাশ লাভ কৰাৰ লগে লগে প্ৰত্যাহ্বান আৰু দায়িত্বও আনি দিয়ে । ডাল হ্ৰদৰ সূক্ষ্ম পৰিস্থিতিতন্ত্ৰ সংৰক্ষণ কৰিবলৈ আৰু ভৱিষ্যৎ প্ৰজন্মৰ বাবে ইয়াৰ মনোৰম সৌন্দৰ্য বৰ্তাই ৰাখিবলৈ বহনক্ষম পৰ্যটন পদ্ধতিক অগ্ৰাধিকাৰ দিব লাগিব । প্লাষ্টিকৰ আৱৰ্জনা হ্ৰাস কৰা আৰু পৰিৱেশ-অনুকূল শিকাৰা যাত্ৰাৰ প্ৰচাৰৰ লক্ষ্যৰে গ্ৰহণ কৰা পদক্ষেপবোৰেহে নিশ্চিত কৰিব পাৰে যে এই মনোমোহা ভূস্বৰ্গ এক প্ৰিয় গন্তব্য স্থান হৈ থাকিব ।
#WATCH | Doda, J&K | Fresh snowfall in Bhalessa of Doda district covers the landscape with scenic beauty. pic.twitter.com/lgVykjFGBY
— ANI (@ANI) February 22, 2025
লক্ষ্ণৌৰ এগৰাকী পৰ্যটক ৰাহুল গুপ্তাই কয়, "এইখন এখন সুন্দৰ ঠাই, সঁচাকৈয়ে কাশ্মীৰৰ স্বৰ্গ । সকলোৱে ইয়ালৈ অহা উচিত । মানুহবোৰে সহায় কৰি ভালপায়, ইয়াৰ পৰিৱেশ প্ৰদূষণমুক্ত আৰু সুবিধাবোৰ উৎকৃষ্ট । মোৰ হাউছবোটৰ অভিজ্ঞতা সুন্দৰ । নিশ্চিতভাৱে এই ঠাইখন ভ্ৰমণ কৰিব, বিশেষকৈ শীতকালত ।"
আন এগৰাকী পৰ্যটক উৰ্বশীয়ে কয়, "আমি কালি আহি পাইছো আৰু বজাৰ ঘূৰিছো । জিৰো পইণ্টৰ পৰা লাল চকলৈ শিকাৰা যাত্ৰা কৰিছোঁ । বজাৰখন অতি সুন্দৰ, মানুহবোৰ বন্ধুত্বপূৰ্ণ আৰু ঠাইখন শান্তিপূৰ্ণ আৰু প্ৰদূষণমুক্ত । প্ৰচণ্ড ঠাণ্ডা শীতকালতো ঠাইখন উপভোগ্য ।"
গোলাম ৰছুল নামৰ এগৰাকী স্থানীয় বাসিন্দাই কয়, "এতিয়া শীতৰ বতৰ আৰু এই ঠাণ্ডা বতৰে পৰ্যটকসকলক আকৰ্ষণ কৰে । ইয়াৰ জলবায়ু উত্তম আৰু কাশ্মীৰৰ সৌন্দৰ্য শীৰ্ষত আছে ।"
ইফালে, জম্মু অঞ্চলত বুধল-মেহোৰ-গুল পথত সীমান্ত পথ সংস্থাই (বি আৰ অ') পথ পৰা বৰফ পৰিষ্কাৰ কৰাৰ অভিযান চলাই আছে । ফলত ৰাজৌৰী, মেহোৰ আৰু ৰামবান জিলাৰ মাজত যোগাযোগ ব্যৱস্থা সুচল হৈ আছে ।
#WATCH | Jammu and Kashmir: Snow clearance operation underway by Border Roads Organisation (BRO) from the Budhal-Mahore-Gool Road, ensuring connectivity between the three districts of Rajouri, Mahore and Ramban.
— ANI (@ANI) February 22, 2025
(Source: BRO) pic.twitter.com/YYxD2nKLug
আনহাতে, পৰ্যটনৰ বিকাশৰ লগে লগে সেনাপ্ৰধান জেনেৰেল উপেন্দ্ৰ দ্বিবেদীয়ে জম্মু-কাশ্মীৰৰ উন্নত নিৰাপত্তা পৰিস্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি কয়, "ভিতৰুৱা অঞ্চলত সন্ত্ৰাসবাদবিৰোধী অভিযান ত্বৰান্বিত কৰা হৈছে । সকলো চৰকাৰী সংস্থাই স্থানীয় লোকৰ উন্নতিৰ বাবে এক সমন্বিত পদক্ষেপ গ্ৰহণ কৰিছে । যাৰ ফলত অঞ্চলটো 'টেৰ'ৰিজিমৰ পৰা টুৰিজিমলৈ' ৰূপান্তৰিত হৈছে ।"
তেওঁ লগতে কয়, "নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰাৰ লগতে আন্তঃগাঁথনিগত বিকাশৰ লগে লগে জম্মু-কাশ্মীৰে অৰ্থনৈতিক কাৰ্যকলাপত পুনৰুত্থান দেখিছে, যাৰ ফলত পৰ্যটনৰ বৃদ্ধি হৈছে ।"