ETV Bharat / entertainment

কি ভিত্তিত অস্কাৰ 2025ত এণ্ট্ৰি পালে লাপাতা লেডীজে ? - LAAPATAA LADIES IN OSCARS 2025 - LAAPATAA LADIES IN OSCARS 2025

Laapataa Ladies: মুঠ 29 খন চলচ্চিত্ৰৰ ভিতৰত, কেৱল লাপাতা লেডীজকেই কিয় অস্কাৰ 2025 ৰ বাবে বাছনি কৰা হ’ল ? ইয়াৰ আঁৰৰ প্ৰকৃত কাৰণ জানি লওক-

why was laapataa ladies selected as indias entry to oscars 2025 among 28 movies reason revealed
লাপাতা লেডীজৰ পোষ্টাৰ (Movie Poster)
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2024, 1:19 PM IST

চিটাৰা ডেস্ক, 24 ছেপ্টেম্বৰ : সমাজ ভিত্তিক চলচ্চিত্ৰ 'লাপাতা লেডীজ' এ 97 সংখ্যক একাডেমী বঁটা 2025 ত ভাৰতক প্ৰতিনিধিত্ব কৰিব । আমিৰ খানৰ প্ৰাক্তন পত্নী কিৰণ ৰাওৱে লাপাতা লেডীজ ছবিখন পৰিচালনা কৰিছে । লাপাতা লেডীজ ছবিখন চলিত বৰ্ষত মুক্তি দিয়া হয় । ছবিখনে দৰ্শকসকলক বহুত মনোৰঞ্জন দিবলৈ সক্ষম হয় । মন কৰিবলগীয়া যে, অস্কাৰৰ দৌৰত 29 খন চলচ্চিত্ৰ আছিল, কিন্তু আত্মবিশ্বাস ৰাখি ‘লাপাতা লেডীজ’ক অস্কাৰলৈ প্ৰেৰণ কৰা হৈছে । এনিমেল, কল্কি 2898 এডি, টাংলান, জোৰাম আৰু বহুতো দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ অস্কাৰলৈ যোৱাৰ তালিকাত অন্তৰ্ভুক্ত কৰা হৈছিল । কিন্তু সকলোকে পিছ পেলাই লাপাতা লেডীজে কিয় অস্কাৰলৈ যোৱাৰ সুযোগ পালে ?

কিয় অস্কাৰৰ বাবে নিৰ্বাচিত হ’ল লাপাতা লেডীজ ?

অস্কাৰলৈ চিনেমা পঠিয়াবলৈ গঠিত হোৱা 12 জনীয়া জুৰীৰ অধ্যক্ষ অসমৰ পৰিচালক জাহ্নু বৰুৱা । লাপাতা লেডীজৰ আনুষ্ঠানিক প্ৰৱেশ সন্দৰ্ভত তেওঁ শেহতীয়াকৈ আলোচনা কৰিছিল । তেওঁক সোধা হৈছিল যে অস্কাৰৰ বাবে কেৱল লাপাতা লেডীজকেই কিয় বাছনি কৰা হ’ল ? এই প্ৰশ্নৰ উত্তৰত তেওঁ কয়, “এই 29 খন ছবিৰ ভিতৰত জুৰীয়ে এনে এখন ছবি বিচাৰিছিল যিয়ে অস্কাৰৰ জৰিয়তে ভাৰতক প্ৰতিটো দৃষ্টিকোণৰ পৰাই বিশ্বৰ আগত উপস্থাপন কৰিব পাৰে, এনে পৰিস্থিতিত লাপাতা লেডীজে এই সকলো মানদণ্ড পূৰণ কৰে, ভাৰতীয়তা উপস্থাপন হোৱাটো অতি গুৰুত্বপূৰ্ণ । সেইকাৰণে লাপাতা লেডীজ সঠিক পছন্দ ।”

তেওঁ লগতে আৰু কয়, “এনে এখন চলচ্চিত্ৰ অস্কাৰলৈ প্ৰেৰণ কৰাটো গুৰুত্বপূৰ্ণ, যি ভাৰতক বিশ্ব মঞ্চত উপস্থাপন কৰিব পাৰে, সেয়েহে এই 29 খন চলচ্চিত্ৰৰ ভিতৰত জুৰী সদস্যই কেৱল লাপাতা লেডীজৰ বাবে অনুমোদন জনাইছিল ।” তেওঁ এইটোও উল্লেখ কৰে যে তেওঁ এসপ্তাহত চেন্নাইত এই সকলোবোৰ চলচ্চিত্ৰ চাইছিল । “এই গোটেই সপ্তাহত আমি সকলো চলচ্চিত্ৰৰ বিষয়ে আলোচনা কৰিছিলো, আলোচনাৰ পিছত ইয়াক অধ্যয়ন কৰিছিলো আৰু তাৰ পিছত তালিকাভুক্ত কৰিছিলো । একে সময়তে, কোনখন চলচ্চিত্ৰ অস্কাৰলৈ প্ৰেৰণ কৰিব লাগে সেইটো নিৰ্ণয় কৰিবলৈ আধা দিন লাগিছিল আৰু তাৰ পিছতে লাপাতা লেডীজক নিশ্চিত কৰা হৈছিল ৷” তেওঁ মন্তব্য অনুসৰি তেওঁৰ আৰু তেওঁৰ দলৰ ওপৰত কোনো ধৰণৰ চাপ নাছিল ।

লাপাতা লেডীজৰ কাহিনী কি ?

লাপাতা লেডীজ এখন সামাজিক চলচ্চিত্ৰ । ছবিখনত কম বয়সতে বিয়া হোৱা ছোৱালীৰ জীৱন গাথা দেখুওৱা হৈছে ৷ ঘৰৰ চাৰিবেৰৰ দায়িত্বৰ সৈতে কেনেকৈ মহিলাসকলক বন্দী কৰি ৰখা হয়, তাৰ সুন্দৰ উপস্থাপন আছে ছবিখনত । চলচ্চিত্ৰখনত, পঢ়িব বিচৰা ছোৱালী এজনী যি বিবাহৰ বিৰোধী, কেনেকৈ তাইক বিবাহৰ বাধ্য কৰোৱা হয় আৰু তাৰ পিছত বিয়া হৈয়ো কিদৰে তাই তাইৰ সপোন পূৰ কৰিবলৈ কি কি কাম কৰে, তাকে দেখুওৱা হৈছে ৷ বিয়াৰ দিনাই সেই ছোৱালীজনীৰ সমবয়সীয়া আন এজনী ছোৱালীৰ সৈতে তাইৰ মুখামুখি হয়, যি সুখী মনেৰে বিয়াত বহে ৷ কিন্তু ভাগ্যচক্ৰত পৰি ৰে’লত একেটা দবাতে লগ পোৱা সেই ছোৱালী দুজনী নিজ নিজ গন্তব্য স্থানৰ সলনি অন্য স্থানত উপস্থিত হয়গৈ ৷ তাৰো অৱশ্যে এটা কাৰণ আছে ! তাৰ বাবে আপোনালোকে ছবিখন চাব লাগিব ৷ ছবিখন নেটফ্লিক্সত উপলব্ধ ।

লগতে পঢ়ক : অস্কাৰ 2025 ৰ বাবে ভাৰতৰ পৰা অফিচিয়েল এণ্ট্ৰি কিৰণ ৰাওৰ লাপাতা লেডীজৰ - Laapataa Ladies in Oscars 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.