বৰ্ধমান : ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক সৌৰভ গাংগুলী বৃহস্পতিবাৰে এক গাড়ী দুৰ্ঘটনাৰ পৰা কথমপি ৰক্ষা পৰে । বি চি চি আইৰ প্ৰাক্তন সভাপতিগৰাকী পশ্চিমবংগৰ বৰ্ধমানলৈ এক অনুষ্ঠানৰ বাবে গৈ থকা অৱস্থাত তেওঁৰ গাড়ীখনৰ এখন ট্ৰাকৰ সৈতে সংঘৰ্ষ হয় ।
ঘটনাটো দুৰ্গাপুৰ এক্সপ্ৰেছৱেত সংঘটিত হয় । এখন ট্ৰাকে সৌৰভ গাংগুলীৰ কনভয়ক অতিক্ৰম কৰিবলৈ যাওঁতে এই সংঘৰ্ষৰ সৃষ্টি হয় বুলি সংবাদ মাধ্যমৰ সূত্ৰত প্ৰকাশ । ট্ৰাকখনে তেওঁৰ গাড়ীৰ কনভয়টো দ্ৰুগতিত পাৰ হ'বলৈ চেষ্টা কৰাত গাড়ীখনৰ চালকজনে ততাতৈয়াকৈ ব্ৰেক মাৰিবলৈ বাধ্য হয় । ইয়াৰ ফলত গাংগুলীৰ বাহনখনৰ পিছফালে আহি থকা গাড়ীবোৰে ইখনে সিখনক খুন্দা মাৰে । তাৰে এখন গাড়ীয়ে গাংগুলীৰ গাড়ীখনতো খুন্দা মাৰে ।
অৱশ্যে সৌভাগ্যক্ৰমে এই ঘটনাটোত কোনো লোক আঘাতপ্ৰাপ্ত হোৱাৰ পৰা ৰক্ষা পৰে । কিন্তু গাংগুলীৰ কনভয়ৰ দুখন গাড়ী সামান্যভাৱে ক্ষতিগ্ৰস্ত হয় । আনহাতে, বৰ্ধমান বিশ্ববিদ্যালয়লৈ যোৱাৰ সময়ত প্ৰাক্তন ভাৰতীয় অধিনায়কজন ৰাস্তাত প্ৰায় ১০ মিনিট ধৰি আবদ্ধ হৈ পৰে । অৱশ্যে পিছত বি চি চি আইৰ প্ৰাক্তন সভাপতিগৰাকীয়ে নিৰ্ধাৰিত অনুষ্ঠানত অংশগ্ৰহণ কৰে ।
Sourav Ganguly was in a minor car accident on the Durgapur Expressway while on his way to Bardhaman. The accident happened when a lorry attempted to merge into his convoy. pic.twitter.com/mD7uo9OumS
— Vipin Tiwari (@Vipintiwari952) February 21, 2025
আনহাতে, সৌভাগ্যবশত এক গুৰুতৰ ঘটনাৰ পৰা ৰক্ষা পৰাৰ পিছত গাংগুলীয়ে অনুষ্ঠানটোত শিক্ষাৰ্থীসকলৰ সৈতে বাৰ্তালাপ কৰে । অনুষ্ঠানটোত তেওঁ ভাৰতীয় ক্ৰিকেটৰ ভৱিষ্যতৰ বিষয়ে আলোচনা কৰে আৰু ভাৰতৰ অধিনায়ক হিচাপে তেওঁৰ কেৰিয়াৰৰ কাহিনী ছাত্ৰ-ছাত্ৰীসকলক প্ৰকাশ কৰে ।
উল্লেখ্য যে, গাংগুলীয়ে ইতিমধ্যে ক্ৰিকেটৰ বিভিন্ন প্ৰশাসনীয় ভূমিকাত কাম কৰিছে । ইয়াৰ উপৰি বি চি চি আইৰ প্ৰাক্তন সভাপতিগৰাকীয়ে মহিলা ক্ৰিকেটতো এক গুৰুত্বপূৰ্ণ স্থান লাভ কৰিছে । তেওঁক ২০২৪ চনৰ অক্টোবৰত জে এছ ডব্লিউ স্পৰ্টছত ক্ৰিকেট সঞ্চালক হিচাপে মনোনীত কৰা হয় আৰু মহিলা প্ৰিমিয়াৰ লীগত (ডব্লিউ পি এল) দিল্লী কেপিটেলছকে ধৰি তেওঁলোকৰ সকলো ক্ৰিকেট উদ্যোগৰ চোৱাচিতা কৰিছিল ।
লগতে শেহতীয়াকৈ অনুষ্ঠিত আন্তৰ্জাতিক লীগ টি-২০ত (আই এল টি২০) ডুবাই কেপিটেলছে গাংগুলীৰ প্ৰশাসনৰ ভূমিকাতে খিতাপ জয় কৰে । ডব্লিউ পি এলৰ চলিত ছিজনত তেওঁ ফ্ৰেন্সাইজিৰ পৰামৰ্শদাতা হিচাপে কাম কৰি আছে ।
গাংগুলীয়ে নিজৰ ক্ৰিকেট কেৰিয়াৰত ৩১১ খন এদিনীয়া মেচত ৪১.০২ গড়েৰে ১১,৩৬৩ ৰাণ সংগ্ৰহ কৰিছে । আনহাতে, টেষ্ট ক্ৰিকেটত তেওঁৰ ৪২.১৭ গড়েৰে মুঠ সংগৃহীত ৰাণ হৈছে ৭,২১২ ।