ETV Bharat / technology

50 MP চেলফি কেমেৰাৰ সৈতে ভাৰতীয় বজাৰত মুকলি Samsung Galaxy M55s 5G স্মাৰ্টফোন - Samsung Galaxy New Phone Launched - SAMSUNG GALAXY NEW PHONE LAUNCHED

Samsung Galaxy M55s 5G smartphone: ভাৰতত মুকলি হ’ল ছেমছাঙৰ নতুন Samsung Galaxy M55s 5G স্মাৰ্টফোন । উন্নত কেমেৰাৰ লগতে এই নতুন স্মাৰ্টফোনটোত আছে 5000 mAh ৰ বৃহৎ বেটাৰী । ইয়াৰ প্ৰাৰম্ভিক মূল্য 19,999 টকা ৷

Etv Bharat
50 MP চেলফি কেমেৰাৰ সৈতে ভাৰতীয় বজাৰত মুকলি Samsung Galaxy M55s 5G স্মাৰ্টফোন (Samsung India)
author img

By ETV Bharat Tech Team

Published : Sep 24, 2024, 1:49 PM IST

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ: সোমবাৰে ছেমছাং ইণ্ডিয়াই ভাৰতত মুকলি কৰিলে নতুন Samsung Galaxy M55s 5G । স্মাৰ্টফোনটোত আছে স্নেপড্ৰেগন 7 জেন 1 চিপছেট, 50 মেগাপিক্সেলৰ ট্ৰিপল ৰিয়াৰ কেমেৰা ইউনিট, 50 মেগাপিক্সেলৰ চেলফি কেমেৰা আৰু 45 ৱাট তাঁৰযুক্ত ফাষ্ট চাৰ্জিং সমৰ্থনৰ সৈতে 5000 Mah বেটাৰী ।

হেণ্ডছেটটোত ফিউজন ডিজাইন আছে, য’ত পিছফালৰ পেনেলত ডুৱেল টেক্সচাৰ ফিনিচিং আছে । উল্লেখযোগ্য যে, এই ফোনটো ভাৰতীয় বজাৰত ইতিমধ্যে বিক্ৰী হোৱা চেমচাং গেলেক্সি এম 55 5জি আৰু চেমচাং গেলেক্সি F55 5 জিৰ সৈতে মিল আছে ।

ভাৰতত Samsung Galaxy M55s 5G ৰ মূল্য

ভাৰতত Samsung Galaxy M55s 5G ৰ মূল্য আৰম্ভ হৈছে 19,999 টকাৰ পৰা । 26 ছেপ্টেম্বৰৰ পৰা ভাৰতত ইয়াক আমাজন, চেমচাং ইণ্ডিয়াৰ ৱেবছাইট আৰু নিৰ্বাচিত অফলাইন খুচুৰা বিপণীৰ জৰিয়তে ক্ৰয় কৰিব পৰা যাব । গ্ৰাহকে ফোনটো ক্ৰয় কৰাৰ সময়ত 2000 টকাৰ বেংক ৰেহাইৰ সুবিধা ল’ব পাৰিব ।

ৰঙৰ বিকল্প

এই হেণ্ডছেটটো ক’ৰাল গ্ৰীণ আৰু থাণ্ডাৰ ব্লেককে ধৰি দুটা ৰঙৰ বিকল্পত উপলব্ধ ।

Samsung Galaxy M55s 5G স্পেচিফিকেশন, বৈশিষ্ট্য

চেমচাং গেলেক্সি M55s 5G ৰ ৰিফ্ৰেছ ৰেট 120Hz আৰু উজ্জ্বলতাৰ স্তৰ 1,000nits ৰ সৈতে 6.7 ইঞ্চি ফুল-এইচডি + sAMOLED স্ক্ৰীণ আছে । ফোনটোত আছে Snapdragon 7 Gen 1 প্ৰচেছৰ । ই ভাৰ্চুৱেল ৰেমকে ধৰি 16GB পৰ্যন্ত ৰেম আৰু 256GB পৰ্যন্ত অনবৰ্ড ষ্ট’ৰেজ সমৰ্থন কৰে ।

অপটিক্সৰ বাবে, Samsung Galaxy M55s 5G ত ট্ৰিপল ৰিয়াৰ কেমেৰা ইউনিট আছে যিয়ে অপটিকেল ইমেজ ষ্টেবিলাইজেচন (OIS) সমৰ্থিত হোৱাৰ লগতে ইয়াত আছে 50 মেগাপিক্সেল প্ৰাইমেৰী চেন্সৰ আৰু 2- মেগাপিক্সেল মেক্ৰ' শ্বুটাৰ । ফ্ৰন্ট কেমেৰাতো 50 মেগাপিক্সেলৰ চেন্সৰ পোৱা গৈছে । এই ফোনটোৱে ডুৱেল ৰেকৰ্ডিং সমৰ্থন কৰে, য’ত ব্যৱহাৰকাৰীয়ে সন্মুখ আৰু পিছফালৰ কেমেৰা একেলগে ব্যৱহাৰ কৰি ৰেকৰ্ডিং কৰিব পাৰে ।

ছেমছাঙে Galaxy M55s 5G ত 5,000mAh ৰ বৃহৎ বেটাৰী প্ৰদান কৰিছে, যিয়ে 45W তাঁৰযুক্ত ফাষ্ট চাৰ্জিং সমৰ্থন কৰে । ইয়াত ছেমছাঙৰ নক্স ভল্ট ছিকিউৰিটি আৰু ইন-ডিছপ্লে ফিংগাৰপ্ৰিণ্ট চেন্সৰ আছে ।

লগতে পঢ়ক: 26 ছেপ্টেম্বৰত বজাৰত মুকলি হ’ব Redmi Note 14 series - Redmi Note 14 release date

স্মাৰ্টফোন ক্ৰয় কৰাৰ পূৰ্বে মন দিয়ক এই দিশবোৰলৈ - Smartphone buying guide

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.