কোকৰাঝাৰ : ৰাজধানীৰ বাহিৰত অসমত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে অসম বিধানসভাৰ বাজেট অধিৱেশন ৷ বিধানসভা চৌহদৰ পৰা সোমবাৰে পুৱাই মুখ্যমন্ত্ৰীকে ধৰি ১২৬ গৰাকী বিধায়ক বাছযোগে ৰাওনা হৈ উপস্থিত হয়গৈ কোকৰাঝাৰত ।
ইফালে কোকৰাঝাৰত বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হোৱাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিধায়ক অখিল গগৈয়ে । সোমবাৰে সদনৰ ভিতৰে-বাহিৰে বি টি আৰ চুক্তি ৰূপায়ণ আৰু ষষ্ঠ অনুসূচীৰ সফল ৰূপায়ণৰ দাবী জনায় অখিল গগৈয়ে । ৰাজ্যপালৰ ভাষণৰ মাজতো বি টি আৰ চুক্তিৰ ৰূপায়ণক লৈ সৰৱ হোৱা দেখা গ’ল অখিল গগৈক ।
অখিল গগৈৰ মন্তব্য যে অতি সোনকালেই বি টি আৰ চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ কৰিব লাগে । বি টি আৰ চুক্তি ৰূপায়ণ আৰু ষষ্ঠ অনুসূচীৰ সফল ৰূপায়ণৰ দাবী বিধায়ক অখিল গগৈৰ ৷
ৰাইজৰ দলৰ একমাত্ৰ বিধায়ক অখিল গগৈৰ মন্তব্য, "কোকৰাঝাৰত বিধানসভা অধিৱেশন হোৱাটো আশাপ্ৰদ কথা ৷ কোকৰাঝাৰত কেৱল অধিৱেশন কৰিলে নহ’ব, বি টি আৰ চুক্তি ৰূপায়ণৰ সময়সীমা দিব লাগিব ৷ কেতিয়া বি টি আৰ চুক্তি সম্পূৰ্ণৰূপে ৰূপায়ণ হ’ব ?”
লগতে অখিল গগৈৰ মন্তব্য, "বড়ো, কাৰ্বি, ডিমাছাসকলৰ সমস্যা সমাধান কৰিব লাগে চৰকাৰে ৷" আনহাতে, বি টি আৰ চুক্তিৰ পিছতো কাৰাৰুদ্ধ হৈ থকা এন ডি এফ বি কেডাৰৰ মুক্তিৰ পোষকতা অখিল গগৈৰ । এতিয়াও জে'লত থকা নেতা-সদস্যসকলক জে'লৰ পৰা মুক্তি দিয়াৰ দাবী অখিল গগৈৰ ।
অখিল গগৈৰ মন্তব্য, “আজি বি টি আৰত বিধানসভাৰ অধিৱেশন হোৱাৰ সময়তে চৰকাৰে ক’ব লাগিব যে বি টি আৰ চুক্তি ১০০ শতাংশ কেতিয়া ৰূপায়ণ হ’ব ? চুক্তি কৰাৰ পিছতো এন ডি এফ বিৰ সদস্য এতিয়াও জে’লত আছে । তেওঁলোকক মুকলি কৰি দিব লাগে ।"
লগতে কেন্দ্ৰীয় চৰকাৰৰ পৰা বি টি আৰলৈ অহা ধন পোনপটীয়াকৈ পৰিষদক মুকলি কৰি দিব লাগে বুলিও দাবী জনায় অখিল গগৈয়ে । গগৈৰ মন্তব্য, “কেন্দ্ৰীয় চৰকাৰৰ পৰা অহা যিটো টকা, সেয়া পোনপটীয়াভাৱে বি টি আৰ নাইবা ষষ্ঠ অনুসূচীৰ এলেকাবোৰলৈ এৰি দিয়াৰ ব্যৱস্থা কৰিব লাগে ।”