ETV Bharat / bharat

২০ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত শপত ল’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰীয়ে ! - DELHI CM OATH CEREMONY

কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ? চৰ্চাত আছে বহুজনৰ নাম ৷ জানিব পৰা মতে, ২০ ফেব্ৰুৱাৰীত ৰামলীলা ময়দানত শপত ল’ব নতুন মুখ্যমন্ত্ৰীয়ে !

Swearing in ceremony of New CM of Delhi may take place at Ramlila Maidan on 20th February
কোন হ’ব দিল্লীৰ নতুন মুখ্যমন্ত্ৰী ? (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 17, 2025, 1:46 PM IST

নতুন দিল্লী: সম্ভৱতঃ ২০ ফেব্ৰুৱাৰীৰ দিনটোত দিল্লীবাসীয়ে পাব নতুন মুখ্যমন্ত্ৰী ৷ ২৭ বছৰৰ পাছত দিল্লী বিধানসভাত বিজেপিয়ে পূৰ্ণ সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছত এতিয়া ২০ ফেব্ৰুৱাৰীত নতুন চৰকাৰে শপতগ্ৰহণ কৰাৰ সম্ভাৱনা আছে ।

বিজেপিৰ জ্যেষ্ঠ নেতাসকলে দিল্লী আৰক্ষী আৰু যান-বাহন আৰক্ষীক দিয়া তথ্য অনুসৰি, ৰামলীলা ময়দানত অনুষ্ঠিত হ’ব এই শপত গ্ৰহণ অনুষ্ঠান । পূৰ্বে জৱাহৰলাল নেহৰু ষ্টেডিয়ামত শপতগ্ৰহণৰ প্ৰস্তাৱ আছিল যদিও এতিয়া ৰামলীলা ময়দানলৈ স্থানান্তৰ কৰা হৈছে ।

দৰাচলতে বিগত ৮ ফেব্ৰুৱাৰীত নিৰ্বাচনৰ ফলাফল অনুসৰি, দিল্লী বিধানসভাৰ ৭০খন আসনৰ ভিতৰত ৪৮ খন আসন লাভ কৰি বিজেপিয়ে বিপুল সংখ্যাগৰিষ্ঠতা লাভ কৰে । তেতিয়াৰ পৰাই চৰকাৰ গঠনৰ বাবে বিজেপিৰ শীৰ্ষ নেতৃত্বৰ মাজত ধাৰাবাহিকভাৱে বৈঠক অনুষ্ঠিত হৈ আছিল ।

ইয়াৰ মাজতে প্ৰধানমন্ত্ৰী মোদীৰ তিনিদিনীয়া বিদেশ ভ্ৰমণৰ বাবে এই প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব পৰা নাছিল । জানিব পৰা মতে, ইতিমধ্যে দিল্লীৰ মুখ্যমন্ত্ৰী কোন হ’ব, তেওঁৰ নাম প্ৰায় চূড়ান্ত হৈছে ৷ ১৮ বা ১৯ ফেব্ৰুৱাৰীত বিধানসভা দলৰ বৈঠকত মুখ্যমন্ত্ৰীৰ নাম ঘোষণাৰ পিছতে ২০ ফেব্ৰুৱাৰীত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত কৰিব বিজেপিয়ে ।

  • ৰামলীলা ময়দানত শপত লোৱাৰ পৰম্পৰা :

আজি (সোমবাৰ) বিয়লি ৩ বজাত বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত বিধায়কৰ এখন বৈঠক আহ্বান কৰা হৈছে । এই বৈঠকত বিধায়কসকলক পৰামৰ্শ আৰু নিৰ্দেশনা দিব পাৰিব ।

এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে, যেতিয়া অৰবিন্দ কেজৰিৱালে প্ৰথমবাৰৰ বাবে দিল্লীত মিত্ৰজোঁটৰ চৰকাৰ গঠন কৰিছিল আৰু দ্বিতীয় আৰু তৃতীয়বাৰৰ বাবে বিপুল সংখ্যাগৰিষ্ঠতাৰ চৰকাৰ গঠন কৰিছিল তেতিয়া তেওঁ ৰামলীলা ময়দানত শপত গ্ৰহণ কৰিছিল । এতিয়া বিজেপিয়েও যেন আগুৱাই লৈ গৈছে ৰামলীলা ময়দানত শপত লোৱাৰ পৰম্পৰা ।

  • কোন হ’ব মুখ্যমন্ত্ৰী, ৰাইজৰ মাজত বাঢ়িছে কৌতুহল :

দিল্লীৰ নির্বাচনৰ ফলাফল অহাৰ পাচৰ পৰাই ৰাইজৰ মাজত মুখ্যমন্ত্রীৰ নামক লৈ বাঢ়িচে কৌতুহল ৷ সকলোৰে মাজত এটাই প্ৰশ্ন- ‘‘কোন হ’ব দিল্লীৰ মুখ্যমন্ত্রী ?’’

ধাৰণা কৰা মতে, মুখ্যমন্ত্ৰীৰ আসন বাবে চৰ্চাত থকা ব্যক্তিসকলৰ নামসমূহ হ’ল - প্ৰৱেশ ভাৰ্মা, সতীশ উপাধ্যায়, আশীষ ছুদ, জিতেন্দ্ৰ মহাজন, বিজেন্দ্ৰ গুপ্তা, অভয় ভাৰ্মা আৰু মহিলাসকলৰ ভিতৰত ৰেখা গুপ্তা আৰু শিখা ৰায় । সম্ভৱতঃ এই কল্পনাৰ অন্ত পৰিব ১৮ বা ১৯ ফেব্ৰুৱাৰীত আৰু মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰা হ’ব । এই নামবোৰৰ বাহিৰেও বিজেপিয়ে আন কোনোবা মুখ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰিও মানুহক আচৰিত কৰিব পাৰে !

লগতে পঢ়ক : কোন হ’ব দিল্লীৰ মুখ্যমন্ত্ৰী ? পৰৱেশ বাৰ্মাৰ পৰা বাঁসুৰী স্বৰাজলৈকে বহুতৰে নাম চৰ্চাত

লগতে পঢ়ক : কোন হ’ব মুখ্যমন্ত্ৰী; গৃহমন্ত্ৰী অমিত শ্বাহৰ বাসগৃহত বৈঠক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.