কোকৰাঝাৰ: প্ৰথমবাৰৰ বাবে গুৱাহাটীৰ বাহিৰত কোকৰাঝাৰত অনুষ্ঠিত হৈছে অসম বিধানসভাৰ অধিৱেশন । যাৰ বাবে সোমবাৰে পুৱাই কোকৰাঝাৰত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । ২০২৫-২৬ বৰ্ষৰ অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন ইতিমধ্যে অনুষ্ঠিত হৈছে বড়োভূমিৰ বি টি আৰ বিধান পৰিষদীয় ভৱনত । অৱশ্যে বাকী দিনবোৰ অনুষ্ঠিত হ'ব দিছপুৰৰ অসম বিধানসভাত ।
উল্টাপানীত ভাৰত-ভূটান সীমান্তত পথ নিৰ্মাণ
বিধান পৰিষদীয় ভৱনত অনুষ্ঠিত অসম বিধানসভাৰ বাজেট অধিৱেশনত অংশগ্ৰহণৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে ভাৰত-ভূটান সীমান্তৰ উল্টাপানীত এক গুৰুত্বপূৰ্ণ পথ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লয় । মুখ্যমন্ত্ৰীয়ে কয়, "ভাৰত-ভূটান সীমান্তলৈকে পোনে পোনে যাতায়াত তথা যোগাযোগ ব্যৱস্থাক আমি অতি সুচল কৰাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ ৷ যোৱা লোকসভা নিৰ্বাচনৰ সময়ত ভূটান সীমান্তলৈকে সৰলপাৰাত পথ নিৰ্মাণ কৰি যাতায়ত উন্নত কৰাৰ প্ৰতিশ্ৰুতি দিছিলো । এই সন্দৰ্ভত লোক নিৰ্মাণ বিভাগে প্ৰাককলন প্ৰস্তুত কৰিলে আৰু কামকাজো আগবঢ়ালে । কিন্তু আজি মই নিজে ৰাস্তাটো চাই গ'লো । যাতে আৰু অলপ ভালকৈ ৰাস্তাটো আমি নিৰ্মাণ কৰিব পাৰো । শীঘ্ৰে ৰাস্তাটোৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব আৰু ১৮ মাহৰ ভিতৰত কাম সম্পূৰ্ণ কৰিম ।"
উল্লেখ্য যে ১৬ ফেব্ৰুৱাৰীত অসম কেবিনেটত ৰাজ্যৰ নতুন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰা হয় চিকনা জৌহৌলাউ ৰাষ্ট্ৰীয় উদ্যানক । নিৰ্মাণ হ'বলগীয়া এই পথ উক্ত ৰাষ্ট্ৰীয় উদ্যানলৈ যাব । পথটো নিৰ্মাণৰ বাবে অসম চৰকাৰৰ পৰা ইতিমধ্যে ২৬ কোটি টকা অনুমোদন দিয়া হৈছে । ইফালে পথটো নিৰ্মাণ হ'লে ভূটানৰ সৈতে যাতায়ত ব্যৱস্থা পুনৰ আৰম্ভ হ'ব বুলিও আশাবাদী মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । পথ নিৰ্মাণৰ অগ্ৰগতিৰ বুজ লোৱাৰ সময়ত মুখ্যমন্ত্ৰীক সংগ দিয়ে বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো ।