ETV Bharat / international

২০০৬ৰ পিচত লেবাননত আটাইতকৈ ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ; কমেও ৪৯২ গৰাকী লোকৰ মৃত্যু - Israeli Strikes - ISRAELI STRIKES

Israeli Strikes: যুদ্ধজৰ্জৰ লেবাননত মৃত্যুৰ কিৰিলি । ইজৰাইলৰ বিমান আক্ৰমণত প্ৰায় ৪৯২ গৰাকী লোকৰ মৃত্যু । পূব আৰু দক্ষিণ অঞ্চল ত্যাগ কৰিবলৈ ইজৰাইলৰ সতৰ্কবাণী ।

Israeli Strikes
২০০৬ৰ পিচত লেবাননত আটাইতকৈ ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ (AFP)
author img

By ETV Bharat Assamese Team

Published : Sep 24, 2024, 1:42 PM IST

নিউজ ডেস্ক, ২৪ ছেপ্টেম্বৰ: শেহতীয়াকৈ মধ্য প্ৰাচ্যৰ দেশ লেবাননত যুদ্ধসদৃশ পৰিৱেশে বিৰাজ কৰিছে । দেশখনত পেজাৰ, ৱাকি টকিৰ বিস্ফোৰণক লৈ বিশ্বজুৰি বিতৰ্ক অব্যাহত থকাৰ মাজতে ইজৰাইলে পুনৰ আক্ৰমণ তীব্ৰতৰ কৰি তুলিছে । সোমবাৰে ইজৰাইলৰ বিমান আক্ৰমণত লেবাননত মৃত্যুৰ সংখ্যা ৪৯২ লৈ বৃদ্ধি হৈছে । ইজৰাইলে ইতিমধ্যে পূব লেবানন আৰু দক্ষিণ লেবাননৰ বাসিন্দাসকলক সতৰ্ক কৰি দিছিল ।

ইজৰাইলৰ সতৰ্কবাণীৰ পিচত হাজাৰ হাজাৰ লোকে লেবাননৰ পৰা পলায়ন কৰে । যোৱা এবছৰত এয়া ইজৰাইলৰ আটাইতকৈ ভয়ংকৰ আক্ৰমণ বুলি অভিহিত কৰা হৈছে । লেবাননৰ কৰ্তৃপক্ষই কোৱা মতে তেওঁলোকে ৮০,০০০ তকৈও অধিক সন্দেহজনক ইজৰাইলী ফোন কলৰ সন্ধান পাইছে আৰু সেই সন্দৰ্ভত অনুসন্ধান চলাই থকা হৈছে ।

হিজবুল্লাৰ আক্ৰমণ

ইয়াৰ পূৰ্বে দেওবাৰে হিজবুল্লাই ইজৰাইলত আক্ৰমণ কৰে । উত্তৰ ইজৰাইলত সংগঠনটোৱে ১০০ তকৈও অধিক ৰকেট, মিছাইল আৰু ড্ৰোণ নিক্ষেপ কৰে ।

ইজৰাইল সেনাৰ প্ৰতিক্ৰিয়া

ইজৰাইল সেনাই এই আক্ৰমণৰ বিষয়ে দিয়া তথ্য অনুসৰি সোমবাৰে হোৱা আক্ৰমণত প্ৰায় ৩০০ টা স্থানক লক্ষ্য কৰি লোৱা হয়, য'ত হিজবুল্লাই অস্ত্ৰ মজুত কৰি ৰাখিছিল । কিছুমান আক্ৰমণ দক্ষিণ আৰু পূব বেকা উপত্যকাৰ চহৰসমূহৰ আৱাসিক এলেকাত কৰা হৈছিল ।

ইজৰাইলী সামৰিক বাহিনীয়ে কয় যে লেবাননৰ পূব সীমান্তৰ উপত্যকাৰ এলেকাসমূহ অন্তৰ্ভুক্ত কৰিবলৈ তেওঁলোকে বিমান আক্ৰমণ সম্প্ৰসাৰণ কৰি আছে । ইজৰাইলৰ সামৰিক মুখপাত্ৰ ৰিয়াৰ এডমিৰেল ডেনিয়েল হাগাৰীয়ে কয় যে উপত্যকাৰ বাসিন্দাসকলে তৎক্ষণাৎ সেই অঞ্চলবোৰ খালী কৰিব লাগে য'ত হিজবুল্লাই অস্ত্ৰ মজুত কৰি থৈছে ।

ইয়াৰ প্ৰত্যুত্তৰত হিজবুল্লাই কয় যে গালীলৰ এক ইজৰাইলী সামৰিক ঘাটিত বহু ৰকেট নিক্ষেপ কৰিছে । দ্বিতীয় দিনাও হাইফাত মুখ্য কাৰ্যালয় থকা ৰাফেল প্ৰতিৰক্ষা প্ৰতিষ্ঠানটোৰ কেন্দ্ৰসমূহ লক্ষ্য কৰি আহিছে । হিজবুল্লাৰ মতে ইজৰাইলে এই আক্ৰমণ সংঘটিত কৰাৰ সময়ত ইজৰাইলৰ বিষয়াসকলে উত্তৰ ইজৰাইলত কেইবাটাও বিমান আক্ৰমণৰ চাইৰেনৰ খবৰ দিছিল, যাৰ ফলত লেবাননৰ পৰা আহি থকা ৰকেট আক্ৰমণৰ সতৰ্কবাণী দিয়া হৈছিল ।

লেবাননৰ চৰকাৰী ৰাষ্ট্ৰীয় সংবাদ সংস্থাই কয় যে যোৱা অক্টোবৰত বিক্ষিপ্ত গুলীবৰ্ষণ আৰম্ভ হোৱাৰ পিচত প্ৰথমবাৰৰ বাবে ইজৰাইল-লেবানন সীমান্তৰ প্ৰায় ১৩০ কিলোমিটাৰ (৮১ মাইল) উত্তৰে অৱস্থিত বাইব্লোছ নামৰ কেন্দ্ৰীয় প্ৰদেশৰ এটা এলেকাত এই আক্ৰমণ কৰা হৈছে । সংস্থাটোৰ মতে লেবাননৰ ওপৰত ইজৰাইলৰ বৰ্ধিত আক্ৰমণৰ ফলত চিকিৎসালয়সমূহ সাজু কৰি ৰাখিব লাগিব ।

লগতে পঢ়ক :লেবাননত ইজৰাইলৰ বিমান আক্ৰমণত শিশুসহ কমেও ২৭৪ জন লোকৰ মৃত্যু - Israeli Airstrikes in Lebanon

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.