চিৰিয়াখানাৰ পৰিয়ালটো ডাঙৰ হ’ল, নতুনকৈ কোন কোন আহিল ? - Assam State Zoo - ASSAM STATE ZOO
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/23-09-2024/640-480-22521099-thumbnail-16x9-kxzmcz.jpg)
![ETV Bharat Assamese Team](https://etvbharatimages.akamaized.net/etvbharat/prod-images/authors/assam-1716535099.jpeg)
Published : Sep 23, 2024, 8:58 PM IST
গুৱাহাটী, ২৩ ছেপ্টেম্বৰ : অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন আলহী ৷ চিৰিয়াখানালৈ আহিল এহাল কৃষ্ণসাৰ, এহাল নীলা আৰু সোণালী মাকাউ, এটি মাইকী এশিঙীয়া গঁড় আৰু এজনী বাঘিনী । এই কথা সামাজিক মাধ্যমত প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই । সামাজিক মাধ্যমযোগে ভিডিঅ’ শ্বেয়াৰ কৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই লিখিছে, ‘‘নতুনৰ আগমনে আমাৰ মন পুলকিত কৰে ৷ ৰাজ্যিক চিৰিয়াখানালৈও শেহতীয়াকৈ নতুন অতিথি আহিছে । সঁচাকৈয়ে এয়া আমাৰ বাবে আনন্দৰ খবৰ । চিৰিয়াখানা শুৱনি কৰিবলৈ অহা নতুন অতিথিসকল হৈছে এহাল কৃষ্ণসাৰ, এহাল নীলা আৰু সোণালী মাকাউ, এটি মাইকী এশিঙীয়া গঁড় আৰু এজনী বাঘিনী । এই নতুন সংযোজনে চিৰিয়াখানা পৰিয়ালটিক অধিক সমৃদ্ধ কৰিব আৰু দৰ্শনাৰ্থীসকলক বেছিকৈ আনন্দিত কৰিব ।’’
লগতে পঢ়ক : নলবাৰীত অচিৰেই স্থাপন হ’ব মিনি চিৰিয়াখানা : ঘোষণা মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ