পথ দুৰ্ঘটনাত কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত - Road Accident

By ETV Bharat Assamese Team

Published : 3 hours ago

thumbnail
ধুবুৰীৰ পৰ্বতঝোৰাত পথ দুৰ্ঘটনা (ETV Bharat Assam)

ধুবুৰী, ২৩ ছেপ্টেম্বৰ: ধুবুৰী জিলাৰ পৰ্বতঝোৰাৰ ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সোমবাৰে পুৱা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা । গুৱাহাটীৰ পৰা ধুবুৰী অভিমুখে আহি থকা  AS 17 C 9000 নম্বৰৰ তীব্ৰ বেগী আল্ট্রা বাছ এখনে মালবাহী ট্ৰাকৰ পিছফালে খুন্দা মৰাৰ ফলত কেইবাগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ।

আল্ট্রা বাছখনৰ এজন যাত্ৰীৰ ভাষ্য অনুসৰি প্ৰতি ঘন্টাত প্ৰায় ৮০ পৰা ১০০ তীব্ৰ বেগেৰে গুৱাহাটীৰ পৰা আহি আছিল বাছখন । সেই সময়তেই জিলাখনৰ পৰ্বতঝোৰাত চালকে নিয়ন্ত্ৰণ হেৰুওৱা বাবে ট্ৰাকখনৰ পিছখালে খুন্দা মৰাত দুৰ্ঘটনাটো সংঘটিত হয় । ইয়াৰ পিচতেই ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আহত যাত্ৰী সকলৰ চিকিৎসাৰ ব্য়ৱস্থা কৰাৰ লগতে ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰে ।

লগতে পঢ়ক:তৃতীয় বৰ্গৰ পৰীক্ষা দিবলৈ নাপালে পৰশ্ৰীয়ে; আদবাটতে কালে দিলে বাধা - ADRE 2024

কাছাৰৰ ভাগাত ভয়ংকৰ দুৰ্ঘটনা; দলং ভাঙি নৈত পৰিল তিনিখন গাড়ী - Bridge Collapse in Cachar

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.