সৰুপথাৰ : গোলাঘাট জিলাৰ সৰুপথাৰত নিশা হ'লেই মৰেল পুলিচৰ ৰূপত অৱতীৰ্ণ হয় একাংশ সংগঠনৰ নেতা-কৰ্মী । মালবাহী তথা ব্যৱসায়িক বাহনসমূহ জব্দ কৰি গতাই দিয়ে আৰক্ষীক । নিশা ট্ৰাক আদি বহিঃৰাজ্য়ৰ পৰা অহাৰ সময়তেই সক্ৰিয় হৈ পৰে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মী । থানাত অৱগত নকৰাকৈয়ে চোৰাং সামগ্ৰীৰ তালাচী চলোৱাৰ পিচতহে গতাই দিয়ে আৰক্ষীক । শেহতীয়াভাৱে সংঘটিত তেনে এক ঘটনাক লৈ ৰাইজৰ মাজত আৰম্ভ হৈছে চৰ্চা ।
সৰুপথাৰ সমজিলাৰ বৰপথাৰত ধানৰ গাড়ীকে চুপাৰি ভৰ্তি ট্ৰাক বুলি আৰক্ষীক গতালে একাংশ জাতীয় সংগঠনৰ নেতা-কৰ্মীয়ে । মালবাহী ট্ৰাক অথবা গাড়ী দেখিলেই ৰখাই কাগজ-পত্রৰ লগতে গাড়ীত অনা সামগ্রী পৰীক্ষা কৰি চালকক ব্যতিব্যস্ত কৰাৰ অভিযোগ উঠিছে তিনি-চাৰিটাকৈ সংগঠনৰ বিৰুদ্ধে । উত্থাপিত অভিযোগ অনুসৰি সংগঠন কেইটাই চুপাৰি থকাৰ সন্দেহত তিনিখনকৈ ট্ৰাক জব্দ কৰি গতাইছিল সৰুপথাৰ সমজিলাৰ বৰপথাৰ আৰক্ষীক । কিন্তু ইয়াৰ পিচতেই ঘটনাই লয় অন্য় ৰূপ ।
পৰীক্ষা নকৰাকৈয়ে কাগজত লিখিলে :
ঘটনাৰ বিৱৰণি অনুসৰি তিনি-চাৰিটাকৈ সংগঠনে ট্ৰাককেইখনত থকা সামগ্রী পৰীক্ষা নকৰাকৈয়ে কোনো সন্দেহজনক সামগ্রী ট্ৰাককেইখনত নাই বুলি এখন কাগজত লিখি আৰক্ষীক দিয়ে । পৰৱৰ্তী সময়ত সাংবাদিকৰ উপস্থিতিত আৰক্ষীয়ে ট্ৰাককেইখন পৰীক্ষা কৰাত ধৰা পৰে সংগঠনকেইটাৰ মিথ্যাচাৰ । পৰীক্ষা কৰোতে চুপাৰিৰ বস্তাৰ পৰিৱৰ্তে ধানৰ বস্তাহে ওলাল ট্ৰাককেইখনত ।
কি কয় সংগঠনৰ নেতাই ?
ইয়াৰ পিচতেই অসমীয়া যুৱ মঞ্চৰ বিষয়ববীয়া কল্যাণ জ্যোতি বড়োৱে স্বীকাৰ কৰে উক্ত ঘটনাৰ বিষয়ে । তেওঁ এই সন্দৰ্ভত কয়," সৰুপথাৰ সমজিলাৰ চুঙাজানৰ পৰা অহা বিশেষ সূত্ৰে আমি গম পাইছিলো যে চুপাৰিভৰ্তি বাহন সৰুপথাৰ হৈ বৰপথাৰ অভিমুখে আহিছে । সেই সূত্ৰে আমি অসমীয়া যুৱ মঞ্চ, লাচিত সেনা অসম থলগিৰি, চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে অন্য এটা সংগঠনৰ ২৫-৩০জন নেতা-কৰ্মীয়ে বৰপথাৰৰ বাগান চাৰিআলিত বাহনকেইখন আবদ্ধ কৰো । ইয়াৰ পিচতেই বৰপথাৰ আৰক্ষীক যোগাযোগ কৰো । বৰপথাৰ আৰক্ষীয়ে আৰক্ষীৰ বাহন পঠিওৱাৰ কথা জনায় ।"
ট্ৰাক চালকৰ ভাষ্য় :
আনহাতে,এই সন্দৰ্ভত এজন ট্ৰাক চালকে কয়," সংগঠনকেইটাই চোৰাং সামগ্ৰী থকা বুলি আমাৰ ট্ৰাককেইখন ৰখায় । নিশাৰে পৰাই ট্ৰাককেইখন থানাত আছে । এতিয়া ত্ৰিপাল খুলি আৰক্ষীয়ে পৰীক্ষা কৰিছে, ইয়াত ধান আছে । আমি কোনো চোৰাং সামগ্ৰী নাই বুলি সংগঠনকেইটাৰ নেতাসকলক কৈছিলো যদিও তেওঁলোকে আমাৰ কথা নুশুনিলে ।"
এটা সংগঠন নাম কিয় নক'লে অভিযোগকাৰীয়ে ?
অসমীয়া যুৱ মঞ্চ, লাচিত সেনা অসম থলগিৰি, চাহ জনজাতি ছাত্ৰ সন্থাৰ লগতে অন্য এটা সংগঠন জড়িত আছিল বুলি নেতাজনে কয় যদিও সেই সংগঠনটোৰ নাম ল'বলৈ কুণ্ঠাবোধ কৰে । উল্লেখ্য যে কিছুদিন পূর্বে চিমেন্টভৰ্তি এখন ট্ৰাকো চুপাৰি থকাৰ সন্দেহত পৰীক্ষা কৰিছিল । ইয়াৰ পিচতেই ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ।