গুৱাহাটী : "মোৰ লগত তেওঁলোক ব্যস্ত । মোকলৈ তেওঁলোক চিন্তিত হোৱাটো যোৰহাট নিৰ্বাচনৰ পাছত মই অলপ অনুমান পাইছিলো । কিন্তু তেওঁলোকে যে ইমানকৈ ভয় কৰিছে, বিজেপিৰ গোটেই ইক' ছিষ্টেমে মোক লৈ ভয় কৰিছে, মই অবাক । মই তেওঁলোকক ক'ব বিচাৰো যে মোক ভয় কৰিব নালাগে । অসমৰ জনসাধাৰণক ভয় কৰক ।" এই মন্তব্য লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈৰ ।
মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বিজেপিৰ নেতাসকলে সাংসদগৰাকীৰ লগতে তেওঁৰ পত্নীৰ বিৰুদ্ধে অনা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত তেওঁ এইদৰে কয় । দেওবাৰে গুৱাহাটীৰ মানৱেন্দ্ৰ শৰ্মা চৌহদত আয়োজন কৰা এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমক সম্বোধন কৰে । তেওঁ মুখ্যমন্ত্ৰীৰ লগতে বিজেপিৰ নেতাসকলৰ অভিযোগৰ প্ৰত্যুত্তৰত দি কয়," অসমৰ ৰাইজে আপোনালোকৰ ব্যৱহাৰ ভাল পোৱা নাই । অসমৰ জনসাধাৰণক সন্মান কৰক । ফেচবুক,টুইটাৰত সকলো কথা ৰাজহুৱা হৈছে । অসমৰ জনসাধাৰণে সকলো দেখিছে । মই সকলো কথা স্পষ্ট কৰি দিছো । তেওঁলোকে যিদৰে অপপ্ৰচাৰ চলাই আছে তাৰ দ্বাৰা বিজেপিৰ দুৰ্বলতা প্ৰমাণ কৰে । তেওঁলোকৰ অস্থিৰতা প্ৰমাণ কৰে । বিজেপিৰ সাংগঠনিক সালসলনিকলৈ মুখ্যমন্ত্রী চিন্তিত । ঝাৰখণ্ডৰ নিৰ্বাচনৰ পাছত তেওঁলোকৰ শক্তি কমিছে ।"
তেওঁ পুনৰ কয়," সেইদৰে অবৈধ কয়লা খনন বন্ধ হোৱাত তেওঁলোকৰ দলৰ হাজাৰ হাজাৰ কোটি টকা লোকচান হৈছে । কয়লা ছিণ্ডিকেটৰ পইচা দলে নোপোৱাত মুখ্যমন্ত্রীৰ মনত আঘাত আছে । আনহাতে,এইখন চৰকাৰৰ হাতত মাত্র ১২ মাহ সময় আছে । ১২ মাহ মুখ্যমন্ত্রীৰ গাদী আছে । তাৰ পিছত অসমৰ জনসাধাৰণে তেওঁলোকক আঁতৰাই দিব । এতিয়া সেই ভয়টো কাৰোবাৰ ওপৰত এৰিব লাগিব । গতিকে এতিয়া বিজেপিৰ গোটেই ইক' ছিষ্টেমটো মোক আৰু মোৰ পৰিয়ালক বদনাম কৰিবলৈ চেষ্টা কৰিছে । তেওঁলোকে ভাবিছে যে এইধৰণৰ অপপ্ৰচাৰ লৈ আমি বহি যাম,দল সলনি কৰিম । কিন্তু এইবোৰ নহ'ব । মই প্ৰয়াত তৰুণ গগৈৰ সন্তান । আমি ভয় নকৰো, সন্মূখৰ পৰা যুঁজি যাম । আমি অসমৰ জনসাধাৰণৰ হৈ মাত মাতি যাম। অসমৰ ৰাইজৰ ওপৰত মোৰ আস্থা-বিশ্বাস আছে ।"
এছ আই টি গঠনৰ সন্দৰ্ভত তেওঁ কয়," কয়লা ছিণ্ডিকেটৰ ওপৰত এছ আই টি গঠন কৰক । মুখ্যমন্ত্রীক আমি ইমান বছৰে কৰা প্ৰশ্নৰ উত্তৰ কিয় দিয়া নাই । কোনো প্ৰশ্নৰ উত্তৰ দিয়া নাই । মুখ্যমন্ত্রীয়ে প্ৰশ্নৰ উত্তৰ দিয়ক । কেবিনেটত ৰাজ্যৰ বিষয়সমূহ আলোচনা হ'ব লাগে । বাৰ মাহ আছে, ভাল কাম কৰক । ৰাইজৰ বাবে কাম কৰক ।" তেওঁ লগতে কয়," মধ্যপ্ৰদেশত ধৰা পৰা আই এছ আই এজেন্ট বিজেপিৰ আছিল । এতিয়ালৈকে আই এছ আই কংগ্ৰেছৰ ভিতৰত সোমাব পৰা নাই । ২০১৬ চনত আই এছ আইক সোমাবলৈ মোদী চৰকাৰে অনুমতি দিলে । মোদী বিৰিয়ানি খাবলৈ গৈছিল ২০১৫ চনত । মুখ্যমন্ত্রীয়ে নিয়মবোৰ নাজানে। আধা জ্ঞানলৈ কথাবোৰ পাতি আছে।"সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত তেওঁ কয়," মই টাইগাৰ জিন্দা হে চিনেমাখন চাইছো । তেওঁ কি ধৰণৰ চিনেমা চাইছে মই নাজানো । তাইৰ লগত বিয়া কৰি মই তাইক ফচাই দিছো ।"