ডিফু: পাঁচদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা আৰম্ভ হৈছে ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱ ৷ 'ৰংমিলিৰ হাঁহি'ৰ দেশত উৰিল কাৰ্বি লোককৃষ্টি- সংস্কৃতিৰ বিজয় ধ্বজা ৷ সৰু-বৰ পাহাৰৰ মনোৰম প্ৰাকৃতিক আৰু নৈসৰ্গিক পৰিবেশৰ মাজতে মনপৰশা জনজাতীয় নৃত্য গীতেৰে উদ্ভাসিত হ'ল তাৰলাংচৰ বাকৰি ৷ কাৰ্বি পৰাম্পৰাগত লোক-কৃষ্টি সংস্কৃতিৰ অমিয় সুবাসেৰে আমোলমোলাইছে কাৰ্বি সাংস্কৃতিক প্ৰকল্প ৷
জিলাখনত বসবাস কৰা প্ৰতিটো জনগোষ্ঠীৰ পৰাম্পৰাগত কৃষ্টি-সংস্কৃতিক অগ্ৰাধিকাৰ দি উদ্যোক্তাসকলে তাৰালাংচত সংস্কৃতিৰ পৃথিৱীখনত এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে ৷ ৮২৭ বিঘাজোৰা মাটি-কালিৰ তাৰালাংচৰ বাকৰিত শিল্পগ্ৰাম,বিভাগীয় প্ৰদৰ্শনীস্থলী,বজাৰ গৃহ,ক্ৰীড়াংগন,জনগোষ্ঠীয় আৱাস গৃহ, জনগোষ্ঠীয় নৃত্য আৰু কলা প্ৰদৰ্শনীৰ বাবে (আচেথাই) মঞ্চসমূহ বিভিন্ন আলোক সজ্জাৰে সজাই পৰাই তোলা হৈছে ৷
৭০ ফুট উচ্চতাৰ কাৰ্বি নথেংপি :
১৯৭৪ চনৰ পৰা ধাৰাবাহিকভাৱে অনুষ্ঠিত হৈ অহা যুৱ মহোৎসৱটিয়ে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পুৰণি যুৱ মহোৎসৱ হিচাপে পৰিগণিত হৈছে ৷ গৌৰৱোজ্জ্বল সোণালী জয়ন্তী বৰ্ষ গৰকা কাৰ্বি যুৱ মহোৎসৱটিৰ এইবাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ৭০ ফুট উচ্চতাৰ কাৰ্বি নথেংপি (প্ৰাসাদ)৷
![51st Karbi Youth Festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-02-2025/as10035diphugloroius51stkarbiyouthfestival_16022025191310_1602f_1739713390_639.jpg)
৫ সহস্ৰাধিক শিল্পীয়ে হাতে হাতে চেংপি, চেংচ' :
বিভিন্ন প্ৰান্তৰ মুঠ ৩৫ টা মাণ্ডলিক কমিটীৰ ৫ সহস্ৰাধিক শিল্পীয়ে হাতে হাতে চেংপি, চেংচ',চেংবৰুক,চং আদিৰে শোভাবৰ্দ্ধিত হোৱাৰ লগতে মূৰত পহ' ৱজাৰু,আংনি, পুৰুষৰ গাত চইক' চয়াং,তিৰুতাৰ গাত পিনি,পেকক,কঁকালত ৱামকক,দুহাতত চংনক আদিৰে কাৰ্বি ৰিচ' নিমচ'সকলে বৰ্ণিল শোভাযাত্ৰা উলিয়াই তাৰালাংচৰ হেমফু মুক্ৰাঙৰ পৰা পতাকা উত্তোলন থলীত উপস্থিত হয় । সাংস্কৃতিক শোভাযাত্ৰাৰ নেতৃত্ব বহন কৰে কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই ৷
ইয়াৰ পূৰ্বে কাৰ্বি সাংস্কৃতিক গুৰু ৰাংছিনা ছাৰপ'ৰ প্ৰাতিকৃতিত পুষ্পাঞ্জলি আৰু মাল্যাৰ্পণ কৰে কেচিএছৰ সভাপতি- সম্পাদক ক্ৰমে চন্দ্ৰছিং ক্ৰ' আৰু বিদ্যাছিং ৰংপিয়ে ৷ কেচিএছৰ সভাপতি চন্দ্ৰছিং ক্ৰ'ই ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ পতাকা উত্তোলন কৰাৰ পিছত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য ড৹ তুলিৰাম ৰংহাঙে ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱৰ আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন কৰে ৷
![51st Karbi Youth Festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-02-2025/as10035diphugloroius51stkarbiyouthfestival_16022025191310_1602f_1739713390_97.jpg)
আজিৰ ৫১ সংখ্যক কাৰ্বি যুৱ মহোৎসৱত অংশ গ্ৰহণ কৰা হাওৰাঘাট বিধানসভা সমষ্টিৰ বিধায়ক দৰচিং ৰংহাঙে সাংবাদিকৰ আগত কয়,"কাৰ্বি যুৱ মহোৎসৱে অবিৰাম যাত্ৰা অব্যাহত ৰাখি আজি ৫১ সংখ্যক বৰ্ষত ভৰি দিছে ৷ এই গৌৰৱোজ্জ্বল মহোৎসৱত উপস্থিত হৈ মই আনন্দিত ৷ এই মহোৎসৱত বিভিন্ন প্ৰান্তৰ শিল্পীসকলে নিজৰ লোক-কৃষ্টি, সংস্কৃতি,পৰাম্পৰাগত সাজ- পোছাক প্ৰদৰ্শন কৰি কেৱল কাৰ্বি আংলং নহয়, সমগ্ৰ ভাৰতবৰ্ষতে এক চহকী সংস্কৃতিৰ প্ৰদৰ্শন দাঙি ধৰিবলৈ সক্ষম হৈছে ৷ এই ধাৰা অব্যাহত থাকিলে ভাৰতৰ চুকে-কোণে থকা কাৰ্বি সকলো আকৃষ্ট হ'ব আৰু কাৰ্বি যুৱ মহোৎসৱক এসময়ত আমি বিশ্ব দৰবালৈ লৈ যোৱাত সক্ষম হম ৷"
![51st Karbi Youth Festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-02-2025/img-20250216-wa0037_1602newsroom_1739716251_652.jpg)
এই অনুষ্ঠানটোত কাৰ্বি ৰজা লংচিং ৰংহাঙ, লিনডকপ' চিণ্ঠং ৰংবং, লিনডকপ' আমৰি ৰংবং, ডুমৰা ৰজা হলিচিং ৰংহাঙ, সাংসদ হৰেণছিং বে',বিধায়কদ্বয় বিদ্যাছিং ইংলেং, দৰচিং ৰংহাং,পদ্মশ্ৰী ধনেশ্বৰ ইংতি,কাৰ্বি লোককৃষ্টি ,সংস্কৃতিৰ গৱেষক লুণছে তিমুং, কেচিএছৰ প্ৰতিষ্ঠাপক সম্পাদক ৰয় ইংহি ,কাৰ্বি লাম্মেট আমেইৰ সভাপতি কামচিং হাঞ্চে, কেচিএছৰ প্ৰাক্তন সভাপতি লৰেন্স টেৰণ প্ৰমুখ্য কৰি বিভিন্ন ৰাজনৈতিক, অৰাজনৈতিক দলৰ সভাপতি-সম্পাদক আৰু নেতা- কৰ্মী উপস্থিত থাকে ৷
![51st Karbi Youth Festival](https://etvbharatimages.akamaized.net/etvbharat/prod-images/16-02-2025/as10035diphugloroius51stkarbiyouthfestival_16022025191310_1602f_1739713390_197.jpg)
পেভেলিয়ন মুকলি
আনহাতে,টয়টা পেভেলিয়ন মুকলি কৰে চিইএম তুলিৰাম ৰংহাঙে । ইয়াৰ পিছত ক্ৰমান্বয়ে চেংপি প্ৰতিযোগিতা,কাৰ্বি পৰাম্পৰাগত বজাৰ ,বোৱা কটা প্ৰদৰ্শনী আৰু বিক্ৰি কেন্দ্ৰ,বিভাগীয় প্ৰদৰ্শনী,জনগোষ্ঠীয় গাঁও, বজাৰ,মঞ্চ সমূহৰ শুভ উদ্ধোধন কৰা হয় ৷