ETV Bharat / bharat

পত্নীপ্ৰেমৰ নিদৰ্শন বহনকাৰী অমূল্য সৌধৰ কথা জানেনে ? - AMULYA SHODHA

১৬ বছৰ পূৰ্বে নিৰ্মিত অমূল্য সৌধ কেৱল প্ৰেমৰে সাক্ষী নহয়, বৰং ই হৈছে ভাৰতীয় সংস্কৃতি আৰু ইতিহাসৰো অন্যতম কেন্দ্ৰ ।

Amulya Shodha
কৰ্ণাটকৰ শিৱমোগ্গা জিলাত অৱস্থিত অমূল্য সৌধৰ ভিতৰৰ দৃশ্য (Etv Bharat)
author img

By ETV Bharat Assamese Team

Published : Feb 16, 2025, 11:03 PM IST

শিৱমোগ্গ: পৃথিৱীৰ অন্যতম আশ্চৰ্য তাজমহল পত্নীপ্ৰেমৰ এক নিদৰ্শন ৷ বাৰু তাজমহলৰ কথা সকলোৱে জানে ৷ পিছে অমূল্য সৌধৰ কথা কোনে কোনে জানে ? কি এই অমূল্য সৌধ ?

এজন স্বামীৰ পত্নীৰ প্ৰতি থকা অটল প্ৰেমৰ স্বাক্ষৰ বহনকাৰী সৌধ হৈছে এই অমূল্য সৌধ ৷ এজন স্বামীয়ে পত্নীৰ স্মৃতিত ‘অমূল্য সৌধ’ নামেৰে নিৰ্মাণ কৰিছে এক প্ৰেমৰ সৌধ ।

খান্দোবৰাও নামৰ এজন ব্যক্তিয়ে প্ৰয়াত পত্নীৰ বাবে শিৱমোগ্গা তালুক(কৰ্ণাটক) ৰ লক্কিনাকোপ্পাৰ প্ৰায় ডেৰ একৰ মাটিত নিৰ্মাণ কৰিছে এই স্মৃতিসৌধটো ৷ ১৬ বছৰ পূৰ্বে নিৰ্মিত অমূল্য সৌধ কেৱল প্ৰেমৰ ভিত্তিত নিৰ্মাণ কৰা সৌধই নহয়, বৰং ই ভাৰতীয় সংস্কৃতি আৰু ইতিহাসৰো কেন্দ্ৰবিন্দু ।

Amulya Shodha
অমূল্য সৌধৰ বাহিৰৰ দৃশ্য (ETV Bharat)

খান্দোবৰাও শিৱমোগ্গাৰ গান্ধী নগৰৰ বাসিন্দা । ইতিহাসৰ প্ৰবক্তা হিচাপে প্ৰায় ২০ বছৰ কাৰ্যনিৰ্বাহ কৰাৰ পিছত অধ্যক্ষ হিচাপে চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে ব্যক্তিগৰাকীয়ে । খান্দোবৰাওৰ পত্নীৰ নাম আছিল যশোদা । যশোদাও আছিল ইতিহাস বিষয়ৰ এজন অধ্যাপক ।

খান্দোবৰাও আৰু যশোদাই প্ৰেমত পৰি ১৯৭২ চনত বিবাহপাশত আবদ্ধ হয় । দুয়োৰে বিবাহ আছিল আন্তঃজাতি বিবাহ । দুয়ো সুখেৰে একেলগে বাস কৰি থকাৰ সময়তে পত্নী যশোদাই শাৰিৰীক অসুস্থতাৰ বাবে এই পৃথিৱীৰ পৰা মেলানি মাগে । বৰ্তমান খান্দোবৰাৱে দুই পুত্ৰ, দুই বোৱাৰী আৰু নাতি-নাতিনীৰ সৈতে বসবাস কৰি আছে ৷

Amulya Shodha
অমূল্য সৌধত ৰখা শিল্পকৰ্ম (ETV Bharat)

যি কি নহওক, খান্দোবৰাৱে পত্নীক হেৰুওৱাৰ পিছত পত্নীৰ নামত কিবা এটা কৰাৰ কথা ভাবিছিল ৷ তেতিয়াই তেওঁৰ মনত জন্ম লাভ কৰে অমূল্য সৌধৰ ধাৰণাই ৷ অমূল্য সৌধৰ উদ্দেশ্য হৈছে আটাইতকৈ মূল্যৱান সামগ্ৰীসমূহ সংগ্ৰহ কৰি তথ্য প্ৰদান কৰা ।

অমূল্য সৌধ এটা ইতিহাস কেন্দ্ৰ: এই কেন্দ্ৰটো ১৬ বছৰ পূৰ্বে শিৱমোগ্গাৰ পৰা ১৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত লক্কিনাকোপ্পাৰ প্ৰায় ডেৰ একৰ এলেকাত নিৰ্মাণ কৰা হৈছিল । ভ্ৰমণৰ সময়ত ইয়াত প্ৰথমে পাব খান্দোবৰাওৰ পত্নীৰ মেম’ৰী হল । যশোদাৰ ফটোৰ লগতে মহীশূৰৰ ৰজাৰ সময়ত ব্যৱহৃত বিভিন্ন সামগ্ৰী ইয়াত ৰখা হৈছে । তদুপৰি কলপাতৰ লিপি, বিভিন্ন বন্দুক, প্ৰাচীন সামগ্ৰী, যুদ্ধৰ সামগ্ৰী, বৰশী আদি বহু সামগ্ৰী ৰখা হৈছে । ইয়াত বিভিন্ন ধৰণৰ অনুষ্ঠানো অনুষ্ঠিত কৰা হয় ৷

Amulya Shodha
লিপিসমূহ (ETV Bharat)

ইয়াৰ কাষতে মন্দিৰত ব্যৱহাৰ নোহোৱা পুৰণি ৰথ আনি ৰখাই থোৱা হৈছে । হাজাৰ হাজাৰ বছৰ পুৰণি নন্দী মূৰ্তি এটাও প্ৰদৰ্শন কৰা হৈছে । শেষত পোৱা বস্তুটো হ’ল অমূল্য সৌধ । ইয়াক তিনিটা ভাগত বিভক্ত কৰা হৈছে: নন্যা দৰ্শনী, মালেনাদ দৰ্শনী আৰু ভাৰত দৰ্শনী ।

নন্যা দৰ্শনী: নন্যা দৰ্শনীত মুদ্ৰা আৱিষ্কাৰ হোৱাৰ পৰা বৰ্তমানলৈকে মুদ্ৰা আছে । মুদ্ৰাৰ উৎপত্তি কেনেকৈ হ’ল, বিভিন্ন দেশৰ মুদ্ৰা, নোট আৰু নিষিদ্ধ নোটসমূহো ইয়াত প্ৰদৰ্শন কৰা হৈছে । কোনজন ৰজাৰ ৰাজত্বকালত কি মুদ্ৰা প্ৰচলন হৈছিল, ভাৰতীয়সকলে পৃথিৱীত প্ৰথমে মুদ্ৰা প্ৰস্তুত কৰা ধাৰণা ইত্যাদি ইয়াত ব্যাখ্যা কৰা হৈছে ।

Amulya Shodha
অমূল্য সৌধত ৰখা শিল্পকৰ্ম (ETV Bharat)

মালেনাদ দৰ্শনী: শিৱপ্পনায়ক প্ৰাসাদৰ প্ৰতিৰূপ নিৰ্মাণ কৰা হৈছে মালেনাদ দৰ্শনীত । ইয়াত মালেনাডুত দৈনিক ব্যৱহৃত সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ লগতে অন্যান্য তথ্যসমূহো প্ৰদান কৰা হয় । গছৰ পৰা তৈয়াৰী বস্তুবোৰ বেছিকৈ মালেনাডুত ব্যৱহাৰ কৰা হৈছিল । যেনে- চাউল মজুত ৰখা সামগ্ৰী, ৰুটি বনোৱা সঁজুলি, কাঠৰ বাকচ, তামৰ পাত্ৰ, পানী ভৰোৱা পাত্ৰ, চীনামাটিৰ পাত্ৰ আদি বহুতো সামগ্ৰী সংগ্ৰহ কৰা হৈছে ।

Amulya Shodha
অমূল্য সৌধত ৰখা শিল্পকৰ্ম (ETV Bharat)

ভাৰত দৰ্শন: ভাৰত দৰ্শনত বিভিন্ন ওজনৰ স্কেলৰ লগতে এটা গ্ৰামোফোন, ৰেডিঅ’ থকা বাকচ, বিভিন্ন শিল্পকৰ্ম, পুৰণি অস্ত্ৰ-শস্ত্ৰ, বিভিন্ন দেৱতাৰ মূৰ্তি প্ৰদৰ্শন কৰি তথ্য প্ৰদান কৰা হৈছে । খান্দোবৰাওৱে এই সকলোবোৰ কৰিছে তেওঁৰ মৰমৰ পত্নীৰ স্মৃতিত । কাৰো সহায় নোলোৱাকৈ এই কাম কৰি ব্যক্তিগৰাকীয়ে নিজৰ প্ৰেমক আনৰ পৰা পৃথক কৰি তুলিছে । ইয়াৰোপৰি সৌধটোৰ চোতালত বিভিন্ন যুগৰ শিলৰ শিলালিপি আছে । খান্দোবৰাৱে শিলালিপিত ভাৰতীয় সংস্কৃতিৰ গুৰুত্বৰ বিষয়ে চমু পৰিচয় লিখিছে ।

খান্দোবৰাওৰ অৰ্থপূৰ্ণ কথা: "মই মোৰ পত্নীৰ মৃত্যুৰ পিছত তেওঁৰ স্মৃতিত অমূল্য সৌধ নিৰ্মাণ কৰিলো । তেওঁৰ নাম যশোদা । এই কাৰণেই মই ইয়াৰ নাম অমূল্য সৌধ ৰাখিলো । অমূল্য সৌধৰ প্ৰথম অট্টালিকাটো হ'ল নেনাপু(স্মৃতি) নামৰ ঘৰটো" ৷

Amulya Shodha
অমূল্য সৌধত ৰখা শিল্পকৰ্ম (ETV Bharat)

"যশোদাৰ স্মৃতিত নিৰ্মাণ কৰা স্মৃতিসৌধটোৰ নাম 'নেনাপু (স্মৃতি)' ৰখা হৈছে । আমাৰ দুয়োৰে জীৱন আছিল বিশেষ, সেইটোৱেই আমি সমাজখনক দিছো । অমূল্য সৌধ আৰম্ভ কৰাৰ ১৫ বছৰ হ'ল । এই অমূল্য সৌধৰ বাবে মই দেশ ভ্ৰমণ কৰি আহিছো । তাত পোৱা বহুমূলীয়া বস্তুবোৰ আনি সংগ্ৰহ কৰিছো । অমূল্য সৌধ মানে বহুমূলীয়া বস্তু বিচাৰি উলিওৱাৰ সংগ্ৰহালয়" ।

Amulya Shodha
অমূল্য সৌধত ৰখা শিল্পকৰ্ম (ETV Bharat)

"আমি আন্তঃজাতিৰ লোক আছিলো, প্ৰেমত পৰি ১৯৭২ চনত বিয়া পাতিছিলো । নন্যা দৰ্শনীৰ কাষতে মই মলেনাদা দৰ্শনী কৰিছিলো । আমি বহুতো বস্তু সংগ্ৰহ কৰিছো যিবোৰ প্ৰাচীন কালত মালেনাডুৰ মানুহে ব্যৱহাৰ কৰিছিল । তাৰ পিছত ভাৰত দৰ্শনীত আমি বহু পুৰণি বস্তু প্ৰদৰ্শন কৰিছো, যিবোৰ আগতে ভাৰতত ব্যৱহাৰ কৰা হৈছিল । যিহেতু মই মালেনাডুৰ, গতিকে মই এই কামটো কৰি আছো কিবা এটা দিবলৈ" ৷

লগতে পঢ়ক: ভেলেণ্টাইন ডে’ত লুটিয়াও আহক ঢোলা-মাৰুৰ মধুৰ প্ৰেমৰ পৃষ্ঠা...

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.