ETV Bharat / business

আপুনি কিমানবাৰ আপোনাৰ আধাৰ কাৰ্ড আপডেট কৰিব পাৰে ! জানক সবিশেষ - Aadhaar Card Update Rules

author img

By ETV Bharat Assamese Team

Published : 2 hours ago

AADHAAR update processes: মানুহৰ মনলৈ প্ৰায়ে এই প্ৰশ্ন আহে যে আধাৰ কাৰ্ড কিমানবাৰ আপডেট কৰিব পাৰি । ইয়াৰ কোনো সীমা আছে নে নাই ? এই ক্ষেত্ৰত নিয়মবোৰে কি কয় জানো আহক ।

AADHAAR update processes
Aadhaar Card Update Rules (Getty Images)

নিউজ ডেস্ক, 24 ছেপ্টেম্বৰ: ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ কাৰ্যকালত আধাৰ কাৰ্ড প্ৰবৰ্তন কৰা হৈছিল । তেতিয়াৰে পৰা, ই ভাৰতীয়সকলৰ বাবে এক অত্যাৱশ্যকীয় দস্তাবেজ হৈ পৰিছে । মানুহে ইয়াক সকলো ঠাইতে পৰিচয় প্ৰমাণ হিচাপে ব্যৱহাৰ কৰে । ঋণৰ বাবেই হওক বা আন কোনো দৰকাৰী কামৰ বাবে হওক, আপোনাক আধাৰ কাৰ্ডৰ প্ৰয়োজন হয় । যেতিয়া আপুনি ঋণ বা আন কোনো উদ্দেশ্যৰ বাবে আধাৰ কাৰ্ড ব্যৱহাৰ কৰে, সেইসময়ত ইয়াৰ সত্যতা প্ৰমাণ কৰাৰ প্ৰয়াস কৰা হয় ।

যদি আপোনাৰ আধাৰ কাৰ্ডত আপোনাৰ নাম, ঠিকনা বা জন্ম তাৰিখ অশুদ্ধ হৈ থাকে, আপুনি অসুবিধাৰ সন্মুখীন হ'ব লাগিব । কেৱল কাম ৰৈ যোৱাই নহয়, আপুনি বিভিন্ন সমস্যাৰ মোকাবিলা কৰিব লাগিব । কেন্দ্ৰীয় চৰকাৰে এতিয়া ব্যৱস্থা কৰিছে যাতে আপুনি আধাৰ কাৰ্ড যিকোনো সময়তে অনলাইনযোগে আপডেট কৰিব পাৰে ।

আজি এই বাতৰিৰ জৰিয়তে, আমি কিমানবাৰ আধাৰ কাৰ্ড আপডেট কৰিব পাৰি জানিব পাৰিম । এনে কৰাৰ ক্ষেত্ৰত কোনো সীমা আছে নে নাই ? নে প্ৰতিবাৰেই বিনামূলীয়াকৈ এই সেৱা লাভ কৰিব পাৰি ?

উল্লেখ্য যে, ভাৰতীয় জনসংখ্যাৰ 90 শতাংশ লোকৰ ওচৰত এতিয়া আধাৰ কাৰ্ড আছে, যাক বিদ্যালয়ত নামভৰ্তিৰ পৰা পেন্সন লাভলৈকে সকলোবোৰ সুবিধাৰ বাবে ব্যাপকভাৱে ব্যৱহাৰ কৰা হৈছে ।

এইখিনিতে জানি থোৱা ভাল যে ভাৰতীয় একক পৰিচয় কৰ্তৃপক্ষ (UIDAI) এ আপোনাক আপোনাৰ আধাৰ কাৰ্ডৰ বিৱৰণ পৰিৱৰ্তন কৰিবলৈ অনুমতি দিয়ে । এই ক্ষেত্ৰত প্ৰশ্ন উত্থাপন হ’ব পাৰে যে এজন ব্যক্তিয়ে তেওঁৰ আধাৰ কাৰ্ডত কিমানবাৰ নিজৰ ঠিকনা সলনি কৰিব পাৰে ।

তথ্য অনুসৰি, আধাৰ কাৰ্ডত ঠিকনা সলনি কৰাৰ কোনো নিৰ্দিষ্ট সীমা নাই । আপুনি যিমান বাৰ বিচাৰে আপোনাৰ ঠিকনা সলনি কৰিব পাৰে, কিন্তু মনত ৰাখিব যে আপুনি ইয়াৰ বাবে প্ৰতিবাৰেই উপযুক্ত প্ৰমাণ দাখিল কৰিব লাগিব । আপুনি UIDAI ৱেবছাইটত লগ ইন কৰিব পাৰে আৰু আপোনাৰ ঠিকনা সলনি কৰিবলৈ প্ৰক্ৰিয়াটো অনুসৰণ কৰিব পাৰে ।

আপডেট প্ৰক্ৰিয়াটো এসপ্তাহৰ ভিতৰত সম্পূৰ্ণ হ'ব । তথ্য অনুসৰি, আপোনাৰ প্ৰয়োজনীয় নথিপত্ৰ থাকিলে আধাৰ কাৰ্ড সহজেই আপডেট কৰিব পাৰিব ।

লগতে পঢ়ক: AADHAAR কাৰ্ড সন্দৰ্ভত আহিল এটা ভাল খবৰ, এতিয়া আৰু কিছুদিনলৈ পাব সকাহ - Aadhaar Free Update Deadline Extend

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.