thumbnail

By

Published : Oct 26, 2022, 8:22 AM IST

Updated : Feb 3, 2023, 8:30 PM IST

ETV Bharat / Videos

Gambler arrested in Moran: জুৱাৰ ঘাটি উৎখাত কৰিলে মৰাণ আৰক্ষীয়ে

অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে সষ্টম মৰাণ আৰক্ষী (Gambler arrested in Moran)। ডিব্ৰুগড় জিলা আৰক্ষী অধীক্ষক আৰু উপায়ুক্তই জিলাখনত কোনোধৰণৰ জুৱা অনুষ্ঠিত কৰিব নোৱাৰিব বুলি কঠোৰ নিৰ্দেশ দিয়াৰ পাছতো একাংশই মৰাণত জুৱাৰ আড্ডা চলোৱাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে তৎপৰ হৈছে মৰাণ আৰক্ষী । এক বিশেষ সূত্ৰৰ খবৰৰ ভিত্তিত মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া মনোজ উপাধ্যায়ৰ নেতৃত্বত আৰক্ষীয়ে মৰাণ হাটখোলাস্থিত সুমিত্ৰা হোটেলত অভিযান চলাই উচ্ছেদ কৰে জুৱাৰ ঘাটি (Gambler arrested with money) । জুৱা খেলি থকা অৱস্থাতেই মৰাণ আৰক্ষীয়ে আটক কৰে বহুকেইটা জুৱাৰীক ৷ লগতে জব্দ কৰে 10,390 টকাৰ নগদ ধন আৰু দুই পেকেট তাচ ৷ আটকাধীন জুৱাৰীকেইটা ক্ৰমে জ্যোতিপুৰৰ দিলীপ ফুকন (47), হেমন্ত ভূঞা (47), মিলন নগৰৰ অশীমান সন্দিকৈ (42) আৰু হাটখোলাৰ অকমান আহমেদ (42) ৷
Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.