ETV Bharat / state

অসমত জাপান ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ নিৰ্মাণৰ বিবেচনা মুখ্যমন্ত্রীৰ - CM HIMANTA BISWA SARMA

বিদেশ ভ্ৰমণকে আদি কৰি কেইবাটাও প্ৰসংগক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ । কংগ্ৰেছকো সমালোচনা ।

CM Himanta Biswa Sarma react some issues through social media
হিমন্ত বিশ্ব শৰ্মাৰ ফেচবুক লাইভ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Jan 26, 2025, 7:12 AM IST

গুৱাহাটী: জাপান আৰু দক্ষিণ কোৰিয়াত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই দুশৰো অধিক উদ্যোগপতিক সাক্ষাৎ কৰাৰ লগতে ৪১ খন সভা অনুষ্ঠিত কৰে । এই কথা সদৰী কৰে খোদ মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই । শনিবাৰে নিশা ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ কাৰ্যালয়ৰ পৰা সামাজিক মাধ্যমযোগে বিদেশ ভ্ৰমণৰ লগতে বিভিন্ন প্ৰসংগত মুখ্যমন্ত্রীয়ে নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে ।

  • বিদেশ ভ্ৰমণ সন্দৰ্ভত কি ক'লে মুখ্যমন্ত্রীয়ে :

জাপান আৰু দক্ষিণ কোৰিয়া ভ্ৰমণ সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "দুদিন জাপান আৰু দুদিন দক্ষিণ কোৰিয়াত থাকিলেও ৰাষ্ট্ৰ দুখন চোৱাৰ মোৰ সৌভাগ্য নহ'ল । কাৰণ কাৰ্যসূচীৰ যথেষ্ট ব্যস্ততা আছিল । দুয়োখন দেশৰ দুশজনতকৈয়ো অধিক উদ্যোগ জগতৰ লগত জড়িত উচ্চস্তৰৰ উদ্যোগপতিক সাক্ষাৎ কৰিলো আৰু ৪১ খন মিটিং আমি কৰিলো । জাপান আৰু দক্ষিণ কোৰিয়া চৰকাৰৰ পাঁচগৰাকী মন্ত্রীক সাক্ষাৎ কৰিলো । জাপানৰ সদনৰ অধ্যক্ষগৰাকীক তেখেতৰ বাসভৱনত সাক্ষাৎ কৰিলো । তিনিটা ৰোড শ্ব' আমি কৰিলো ।"

তেওঁ লগতে কয়, "আনহাতে তাৰ মাজতে মাইক্ৰনৰ দৰে ছেমি কণ্ডাক্টৰ আৰু আন দুটা উদ্যোগ আমি চাবলৈ সক্ষম হ'লো । জাপান আৰু দক্ষিণ কোৰিয়াত থকা সময়ত আমি অসমৰ বিষয়ে বহু কথা তেওঁলোকক ক'লো । আগতে অসমৰ কাহিনী কোনেও কোৱা নাছিল । মই ভাৰত চৰকাৰৰ কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্রী ড৹ জয়শংকৰক ধন্যবাদ জনাম । তেখেতে আমাৰ ৰাষ্ট্ৰদূতসকলক নিৰ্দেশ দিছিল যে অসমৰ মুখ্যমন্ত্রীৰ বাবে যিমান পাৰো উদ্যোগপতিসকলৰ লগত সভা আৰু ৰোড শ্ব' অনুষ্ঠিত কৰি দিব লাগে । মই আশা কৰো এই ভ্ৰমণে অসমলৈ সুখবৰ কঢ়িয়াই আনিব ।"

ইয়াৰো পৰি মুখ্যমন্ত্ৰী ড৹ শৰ্মাই কয়, "এডভাণ্টেজ অসমৰ সময়ত অসমে বহুকেইটা ভাল খবৰ লাভ কৰে তাৰ বাবে আমি চেষ্টা কৰি আছো । অহা ৬ ফেব্ৰুৱাৰীত জাপানৰ এটা উচ্চস্তৰীয় প্ৰতিনিধি দল অসমলৈ আহিব । য'ত জাপানৰ ৰাষ্ট্ৰদূত থাকিব । অসমত জাপানৰ বাবে এখন ইণ্ডাষ্ট্ৰিয়েল পাৰ্কৰ প্ৰয়োজনীয়তা জাপানৰ উদ্যোগপতি সকলে মোৰ আগত দোহাৰিছিল । আমিও এইক্ষেত্রত বিবেচনা কৰিম । যাতে অসমত জাপান ইণ্ডাষ্ট্ৰিয়েল টাউনশ্বিপ এখন আমি নিৰ্মাণ কৰিব পাৰোঁ । অসমত এডভাণ্টেজ আসাম কনক্লেভ ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ'ব ।

ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰাৰ সন্দৰ্ভত তেওঁ কয়, "২৪ ফেব্ৰুৱাৰীত সামূহিক ঝুমুৰ নৃত্য প্ৰদৰ্শন কৰা হ'ব । প্ৰধানমন্ত্রী নৰেন্দ্ৰ মোদী এডভাণ্টেজ আসাম সন্মিলনত উপস্থিত থাকিব আৰু ঝুমুৰ নৃত্যও উপভোগ কৰিব । আমি অসমত বিনিয়োগৰ বাবে যিমান পাৰো চেষ্টা কৰিছো ।"

  • কংগ্ৰেছৰ সমালোচনাৰ প্ৰত্যুত্তৰ মুখ্যমন্ত্রীৰ :

বিদেশ ভ্ৰমণ সন্দৰ্ভত কংগ্ৰেছে কৰা সমালোচনাৰ প্ৰসংগত মুখ্যমন্ত্রীয়ে কয়, "কংগ্ৰেছ দলে মোৰ বিদেশ যাত্রাকলৈ প্ৰশ্ন কৰিছে । মই তেওঁলোকক এটা কথা বিনম্ৰতাৰে কওঁ যে বিদেশলৈ মই কেইবাবাৰো গৈছো আৰু বিদেশলৈ যাব পৰাৰ মোৰ নিজৰ ব্যৱস্থাও মই নিজে কৰি ল'ব পাৰো । কিন্তু মুখ্যমন্ত্রী হিচাপে কোনেও পৰ্যটন কৰিবলৈ নাযায় । সপোন এটাই থাকে যে ৰাজ্যখনৰ বাবে আমি কি কৰি যাব পাৰো । সেই সপোনৰ সন্ধান কৰিয়েই বিগত চাৰে তিনি বছৰে কাম কৰি আছো । সমালোচনা থাকিলেও মোৰ কামে সকলো প্ৰমাণ কৰিব ।"

তুলিৰাম ৰংহাঙৰ বিদেশ ভ্ৰমণৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, "মোৰ লগত তুলিৰাম ৰংহাং যোৱাকলৈ কংগ্ৰেছৰ এগৰাকী নেত্রীয়ে প্ৰশ্ন কৰিছে । তুলিৰাম ৰংহাং কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য । অসমত যদি সৌৰশক্তিৰ উৎপাদন কৰিব বিচাৰো তেন্তে তাৰ বাবে কাৰ্বি আংলঙত আটাইতকৈ বেছি ভূমি আছে । অসমৰ জলশক্তিৰ ওপৰত যিমান বিদ্যুৎ উৎপাদন হৈছে সেই গোটেই কেইটা কাৰ্বি আংলঙতে আছে । জনজাতীয় নেতা এজনক মোৰ প্ৰতিনিধি মণ্ডলত লৈ যোৱাটো এটা আনন্দৰ বাতৰি হ'ব পাৰে । সেয়া কেতিয়াও সমালোচনাৰ বাতৰি হ'ব নোৱাৰে । মই কংগ্ৰেছ দলৰ লোকসকলক অনুৰোধ কৰিম যে অসমৰ জনজাতীয় লোকসকলক সন্মানৰ চকুৰে চাবলৈ শিকক ।"

  • নিযুক্তি পৰীক্ষা সন্দৰ্ভত প্ৰতিক্ৰিয়া :

অলপতে অনুষ্ঠিত হৈ যোৱা শিক্ষকৰ স্নাতক আৰু স্নাতকোত্তৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "শিক্ষকৰ স্নাতক আৰু স্নাতকোত্তৰ পদৰ বাবে হৈ যোৱা পৰীক্ষাৰ অ' এম আৰ শ্বীট আৰু এনচাৰ কি পৰীক্ষাৰ্থীসকলে এসপ্তাহৰ ভিতৰত পোৱাৰ ব্যৱস্থা ছেবাই কৰি দিব । শিক্ষক নিযুক্তিৰ সমান্তৰালভাৱে এ ডি আৰ ই পৰীক্ষাৰ ফলাফল সমূহ ফেব্ৰুৱাৰী মাহৰ শেষৰফালে বা মাৰ্চৰ প্ৰথম সপ্তাহত ঘোষণা কৰা হ'ব ।"

  • পহিলা ফেব্ৰুৱাৰীত অ'পিডি সেৱা আৰম্ভ হ'ব প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজৰ :

মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত কয়, "অসমৰ প্ৰতিখন জিলাতে যাতে একোখন মেডিকেল কলেজ হয় তাৰ বাবে আমি নিৰন্তৰ প্ৰচেষ্টা আগবঢ়াই গৈ আছিলো । অসমৰ ১৪ নম্বৰ মেডিকেল কলেজ প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ গুৱাহাটীৰ আৰ্যনগৰত নিৰ্মাণ হৈ আছে । এইখন মেডিকেল কলেজৰ অ'পিডি সেৱা পহিলা ফেব্ৰুৱাৰীত আৰম্ভ কৰা হ'ব । ৭৫ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা মৰিগাঁৱৰ জাগীৰোড আৰু মৰিগাঁও সংযোগী দলঙখন পহিলা ফেব্ৰুৱাৰীত মুকলি কৰা হ'ব ।"

  • নগৰাঞ্চলত অৰুণোদয় :

অৰুণোদয় আঁচনি সন্দৰ্ভত মুখ্যমন্ত্রীয়ে কয়, "এইবাৰ আমি নগৰাঞ্চলসমূহত অৰুণোদয় হিতাধিকাৰী নিৰ্বাচনৰ কাম হাতত লৈছো । ইয়াৰ লগে লগে বাইদেউসকলক ১০ হাজাৰকৈ দিয়াৰ আৰু এখন আঁচনিৰ হিতাধিকাৰী চূড়ান্ত কৰাৰ নিৰ্বাচন প্ৰক্ৰিয়া ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিম । ইতিমধ্যে ৩২ লাখক এই আঁচনিখনৰ বাবে প্ৰাৰম্ভিকভাৱে নিৰ্বাচিত কৰিছো । আমি আশা কৰিছো প্ৰায় ২৮ ৰ পৰা ২৯ লাখ মাতৃক এই আঁচনিখনৰ সুবিধা দিব পাৰিম । অসম পুলিচৰ লিখিত পৰীক্ষা ফেব্ৰুৱাৰী নাইবা মাৰ্চৰ প্ৰথম ভাগতে অসম পুলিচৰ কনিষ্টবল সকলৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা হ'ব ।"

  • ডিব্ৰগড়ত মুখ্যমন্ত্রীৰ তিনিদিন :

এইবাৰ ডিব্ৰুগড়ত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰাৰ কথা সদৰী কৰি মুখ্যমন্ত্রীয়ে কয়, "ডিব্ৰুগড়ত প্ৰথমবাৰৰ বাবে অসমৰ এগৰাকী মুখ্যমন্ত্রীয়ে গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিব । গুৱাহাটীত কেন্দ্ৰীয়ভাৱে আয়োজন কৰা গণৰাজ্য দিৱসত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই পতাকা উত্তোলন কৰিব । ডিব্ৰুগড়ত মুখ্যমন্ত্রীৰ এটা কাৰ্যালয় স্থাপন কৰা হৈছে । এই কাৰ্যালয়ত প্ৰতি মাহত কমেও তিনিদিন মই বহি বিভিন্ন দিশত আলোচনা কৰিম । আমি কিছুদিন আগতে অসমত ৩৯ খন সম-জিলা গঠন কৰিছিলো । এইবাৰ এই ৩৯ খন সম-জিলাতে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰা হ'ব ।"

লগতে পঢ়ক: দক্ষিণ কোৰিয়া-জাপান ভ্ৰমণ সামৰি বাহিৰে বাহিৰে ডিব্ৰুগড়ত উপস্থিত মুখ্যমন্ত্ৰী - CM HIMANTA BISWA SARMA

গাহৰি আখ্যান: কেৰাহীৰ গাহৰি উতলিছে ৰাজনীতিৰ চৌকাত - RAIJOR DAL PRESS MEET

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.