ETV Bharat / entertainment

৭৭৭ চাৰ্লিৰ পৰা হাতী মেৰে সাথীলৈ: পাঁচখন ভাৰতীয় ছবি য’ত জীৱ-জন্তু লাইমলাইটত আছিল - INDIAN FILMS ANIMAL IN SPOTLIGHT

ভাৰতীয় চলচ্চিত্ৰত কুকুৰ, হাতীৰ পৰা সাপলৈকে প্ৰতিটো জীৱিত সত্তাৰে আকৰ্ষণীয় চৰিত্ৰ প্ৰদৰ্শন কৰা হৈছে, যি কাহিনীত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ।

From 777 Charlie To Haathi Mere Saathi: Five Indian Films Where Animals Stole The Spotlight
পাঁচখন পাহৰিব নোৱাৰা ভাৰতীয় চলচ্চিত্ৰ (Photo: Film Posters)
author img

By ETV Bharat Assamese Team

Published : Feb 4, 2025, 5:41 PM IST

হায়দৰাবাদ : ভাৰতীয় চলচ্চিত্ৰই দীৰ্ঘদিনৰ পৰাই জীৱ-জন্তুবোৰৰ সৈতে এক বিশেষ সম্পৰ্ক ৰাখি আহিছে, তেওঁলোকক কেৱল পোহনীয়া জন্তুতকৈ অধিক ৰূপে পৰ্দাত চিত্ৰিত কৰিছে । যুটি বনোৱাৰ পৰা আৰম্ভ কৰি, জীৱন ৰক্ষা কৰা আৰু আনকি প্ৰতিশোধ লোৱালৈকে, এই চাৰিঠেঙীয়া তাৰকাই তেওঁলোকৰ অনন্য ভূমিকাৰে দৰ্শকৰ হৃদয় জয় কৰিছে । ইয়াত পাঁচখন পাহৰিব নোৱাৰা ভাৰতীয় চলচ্চিত্ৰৰ বিষয়ে আগবঢ়োৱা হৈছে য’ত জীৱিত সত্তাই কেন্দ্ৰীয় চৰিত্ৰ ৰূপায়ন কৰিছে আৰু দৰ্শকৰ মনত এক পাহৰিব নোৱৰা ছাপ ৰাখি থৈছে ।

১.৭৭৭ চাৰ্লি (২০২২)

কিৰণৰাজ কেৰ পৰিচালনাত নিৰ্মিত ৭৭৭ চাৰ্লি এক বেদনাদায়ক, হৃদয়স্পৰ্শী কাহিনী য’ত মূল নায়ক নেতিবাচক আৰু একঘেয়ামী জীৱন যাপন কৰা ধৰ্মৰ চৰিত্ৰত অভিনয় কৰিছে ৰক্ষিত শ্বেট্টীয়ে । কিন্তু চাৰ্লি নামৰ এটা সজীৱ কুকুৰ পোৱালিয়ে দৃশ্যপটত প্ৰৱেশ কৰি এক প্ৰকাৰৰ আনন্দময় প্ৰভাৱেৰে তেওঁৰ জীৱনটো ঘূৰাই পেলায় । এইটোৱেই ছবিখনৰ আৱেগিক আহিলা হিচাপে কাম কৰে ৷ ধৰ্মৰ আচৰণ চাৰ্লিৰ ব্যক্তিত্বৰ সম্পূৰ্ণ বিপৰীত । তেওঁলোকৰ যাত্ৰাৰ মাজেৰে ধৰ্মই প্ৰেম, সংগী আৰু জীৱনৰ এটা উদ্দেশ্যৰ বিষয়ে জানিব পাৰে । মানুহ আৰু কুকুৰৰ সম্পৰ্কক শ্ৰদ্ধাঞ্জলি জনোৱা এই ছবিখনত সংগীতা শ্ৰীংগেৰী, ৰাজ বি শ্বেট্টী আৰু ববি সিমহাই অভিনয় কৰিছে ।

২) হম আপকে হে কৌন (১৯৯৪)

সূৰজ বৰজাত্যৰ পৰিচালনাত নিৰ্মিত চিৰসেউজ পাৰিবাৰিক নাটক হম আপকে হে কৌনত কুকুৰ টাফীয়ে সকলোৰে মৰম লাভ কৰে । টাফী হৈছে নিশা (মাধুৰী দীক্ষিত) আৰু প্ৰেম (ছলমান খান)ক একত্ৰিত কৰা চৰিত্ৰ । নিশাই প্ৰেমলৈ এখন চিঠি লিখে, য’ত তেওঁলোক দুয়ো কিয় একেলগে থাকিব নোৱাৰে সেই কথা বুজাই দিয়ে আৰু সেই চিঠিখন টাফীক ডেলিভাৰী দিবলৈ কয় । কিন্তু টাফীয়ে চিঠিখন ৰাজেশ (মোহনীশ বাহল)ক দিয়ে ৷ যাৰ ফলত কিছুমান আৱেগিক মুহূৰ্তৰ সৃষ্টি হয় আৰু তেওঁলোকে চিৰদিনৰ বাবে একেলগে থাকে । ফেন্সি গগলছ আৰু ষ্টাইলিছ কাপোৰ পিন্ধাকে ধৰি টাফীৰ চৰিত্ৰটো সঁচাকৈয়ে দৰ্শকৰ বাবে স্মৰণীয় হৈ থাকিব ।

৩) মা (১৯৯১)

এই ছবিখনৰ অসাধাৰণ নায়ক হৈছে ডবী, এটা কুকুৰ, যি সাহসী আৰু আতংকলৈ ভয় নকৰে । ছবিখনত জয়াপ্ৰদাই কাহিনীটোৰ আধাতে মৃত্যুবৰণ কৰিবলগীয়া হয় যদিও পুনৰ আহে ভূতৰ ৰূপত । তাৰ পিছত প্ৰৱেশ ঘটে ডবীৰ, যি জয়াপ্ৰদাৰ কাণ আৰু চকু হৈ থাকে জীৱিত জগতখনক লৈ । মৃত মাতৃয়ে ডবীৰ ভূত দেখাৰ বিশেষ শক্তি ব্যৱহাৰ কৰি নিজৰ ন্যায় পাবলৈ আৰু মৃত্যুৰ প্ৰতিশোধ লয় । ছবিখনৰ বিষয়বস্তু নিশ্চিতভাৱে বেলেগ আৰু কুকুৰ ডবীকো ইয়াত বীৰৰ ৰূপত দেখুওৱা হৈছে ।

৪) নগিনা (১৯৮৬)

স্বৰ্গীয় অভিনেত্ৰী শ্ৰীদেৱী অভিনীত নগিনা ভাৰতীয় চলচ্চিত্ৰৰ প্ৰতিষ্ঠিত কাল্পনিক চলচ্চিত্ৰসমূহৰ ভিতৰত অন্যতম । শ্ৰীদেৱীয়ে তেওঁৰ অস্তিত্বৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাসকলৰ বিৰুদ্ধে প্ৰতিশোধ ল’বলৈ এক আকৃতি সলনি কৰা সৰ্প (ইচ্ছধাৰী নাগিন)ৰ চৰিত্ৰত অভিনয় কৰিছে । ছবিখন শ্ৰীদেৱীয়ে অসাধাৰণভাৱে কৰা নাগিন নৃত্য মে তেৰী দুষ্মনৰ বাবে জনপ্ৰিয় । চলচ্চিত্ৰখন এখন ব্লকবাষ্টাৰ আছিল আৰু এগৰাকী ছুপাৰষ্টাৰ হিচাপে শ্ৰীদেৱীৰ মৰ্যাদা দৃঢ় কৰিছিল ।

৫) হাথী মেৰে সাথী (১৯৭১)

ৰাজেশ খান্না আৰু তনুজা অভিনীত এখন আৱেগিক নাটক, য’ত এটা মৰমলগা আৰু নিষ্ঠাবান হাতী ৰামুক মূল চৰিত্ৰ হিচাপে প্ৰদৰ্শিত কৰা হৈছিল । ৰামু কেৱল চঞ্চলতাৰ প্ৰতীকেই নহয়, বিচ্ছিন্ন দম্পতী ৰাজু (ৰাজেশ খান্না) আৰু তনু (তনুজা)ৰ পুনৰ মিলন ঘটাবলৈয়ো তেওঁ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল । ৰামুৱে দুয়োকে একত্ৰিত কৰিবলৈ যেতিয়া নিজৰ প্ৰাণ আহুতি দিছিল, সেই দৃশ্যই দৰ্শকক কন্দুৱাইছিল । হাতীটোৰ প্ৰতি উৎসৰ্গিত চল চলে মেৰে সাথী গীতটো ক্লাছিক হিট হৈ আছে এতিয়াও ৷ ৰামুৰ আনুগত্যই তেওঁক ভাৰতীয় চিনেমাত অনুৰাগীৰ মাজত এক নিষ্ঠাবান তাৰকা হিচাপে গঢ়ি তুলিছিল ।

লগতে পঢ়ক : পৰিচালকৰ চকীত বহিয়েই শ্বাহৰুখক ইটোৰ পিছত সিটো ৰিটেক দিয়ালে পুত্ৰ আৰিয়ানে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.