গোলাঘাট: উত্তৰাখণ্ডত অনুষ্ঠিত ৩৮ তম ৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা ২০২৫ত কালাৰিপায়াট্টু অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হোৱা গোলাঘাটৰ চয়নিকা দত্ত আৰু কাশ্মীৰি নেওগক ফৰকাটিং ৰে'ল ষ্টেছনত স্থানীয় ৰাইজ তথা দল-সংগঠনে বিপুল আদৰণি জনায় । মঙলবাৰে ৰে'লযোগে ফৰকাটিং ৰেল ষ্টেছনত উপস্থিত হোৱাৰ পাছত গোলাঘাট জু-জিটচু এছোচিয়েশ্যনে খেলুৱৈ দুগৰাকীৰ সম্বৰ্ধনা জনোৱাৰ লগতে গাঁৱৰ বহুলোকে সম্বৰ্ধনা জনোৱা পৰিলক্ষিত হয় ।
সম্বৰ্ধনা অনুষ্ঠানত গোলাঘাট জু-জিটচু এচোছিয়েশ্যনৰ সভাপতি পুৰ্ণ ৰাজখোৱা সম্পাদক বিতুল নেওগৰ লগতে গাঁৱৰ বহুকেইগৰাকী লোক উপস্থিত থাকে । উল্লেখ্য যে, প্ৰশিক্ষক বিতুল নেওগৰ তত্বাৱধানত যোৱা দলটোৰ দুই গৰাকীয়ে পদক লাভ কৰিবলৈ সক্ষম হয় ।
সম্বৰ্ধনা গ্ৰহণ কৰি পদক অৰ্জনকৰা খেলুৱৈ কাশ্মীৰি নেওগে কয়, "এই ৩৮ তম ৰাষ্ট্ৰীয় প্ৰতিযোগিতা উত্তৰাখণ্ডত অনুষ্ঠিত হৈছিল তাতে মই দুই ব্ৰঞ্জৰ পদক লাভ কৰিছোঁ । মোৰ খেলসমূহ দিল্লী, মহাৰাষ্ট্ৰ, হাৰিয়ানা, উত্তৰপ্ৰদেশ ৰাজ্যৰ খেলুৱৈৰ লগত অনুষ্ঠিত হৈছিল ৷ মূল খেলখনত উত্তৰ প্ৰদেশৰ খেলুৱৈক হৰুৱাই পদক লাভ কৰিছোঁ ।"
উক্ত প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি ব্ৰঞ্জৰ পদক লাভ কৰা আন এগৰাকী খেলুৱৈ চয়নিকা দত্তই কয়, "প্ৰতিযোগিতাখন উত্তৰাখণ্ডৰ হৰিদ্বাৰত অনুষ্ঠিত হৈছিল তাতে মই ব্ৰঞ্জৰ পদক লাভ কৰিছোঁ । মূল প্ৰতিযোগিতাখন কেৰালাৰ লগত অনুষ্ঠিত হৈছিল । যিহেতু কেৰালাই বহুত ভাল খেলে গতিকে বহু কষ্ট হৈছিল, তথাপিও চেষ্টা কৰিছিলোঁ ১০০ শতাংশ দিবলৈ । মুঠ ১৮ খন ৰাজ্যৰ মাজত অনুষ্ঠিত হৈছিল । প্ৰতিযোগিতাখন ২৮ জানুৱাৰীৰ পৰা ৩০ জানুৱাৰী লৈকে অনুষ্ঠিত হৈছিল ।"
আনহাতে এই প্ৰতিযোগিতাত প্ৰশিক্ষক হিচাপে যোৱা বিতুল নেওগে কয়, "৩৮ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াত গোলাঘাট জিলাৰ দুগৰাকী খেলুৱৈ ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । আমি গৌৰৱ অনুভৱ কৰিছোঁ যে আমাৰ গোলাঘাট জিলাৰ পৰা তিনিটা পদক লাভ কৰিবলৈ সক্ষম হৈছে । অসমৰ পৰা ১৮ জন খেলুৱৈ অংশগ্ৰহণ কৰিছিল তাৰে ১৬ টা পদক লাভ কৰিবলৈ সক্ষম হয় । যোৱা বছৰ ভাৰতীয় অলিম্পিক সংস্থাই স্বীকৃতি দিছিল আৰু তাৰপাছত আমাৰ এই খেলবিধ ৰাষ্ট্ৰীয় খেলত অন্তৰ্ভুক্ত হ'ল ৷"
তেওঁ লগতে কয়, "কিন্তু এইবাৰ প্ৰদৰ্শনী হিচাপে অন্তৰ্ভুক্ত কৰিছে । যাৰ বাবে পদক লাভ কৰিলেও আমাৰ খেলুৱৈসকলে অলপ অসন্তুষ্টি অনুভৱ কৰিছে । কিন্তু, অসম চৰকাৰে পদক লাভ কৰা খেলুৱৈসকলক এটা কৰ্ম সংস্থাপন দিব বুলি আমি আশা ৰাখিলোঁ । লগতে সমৰকলাৰ খেলৰ এই খেলবিধ ভাৰতবৰ্ষত খুব কমকৈ অনুষ্ঠিত হোৱা দেখা যায় ।"