ডিব্ৰুগড় : অসমৰ ২০০ বছৰীয়া চাহ উদ্যোগৰ ইতিহাসত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে ক্ষুদ্ৰ চাহ খেতিয়কসকলে । আন্তঃৰাষ্ট্ৰীয় বজাৰত অসমৰ চাহে ফেৰ মাৰিব পৰাকৈ প্ৰতিযোগিতামূলকভাৱে গুণগত চাহ উৎপাদনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে ।
ৰাজ্যৰ অথনৈতিক অৱস্থা শক্তিশালী কৰাৰ ক্ষেত্ৰত অসমৰ বৰ্তমানৰ দুই লাখৰো অধিক ক্ষুদ্ৰ চাহ খেতিয়কে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে । কিন্তু কেঁচা চাহপাতৰ উচিত মূল্য লাভ নকৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলে লোকচানৰ সন্মুখীন হৈ আহিছে । ইয়াৰ মূল কাৰণেই হ'ল আজি পৰ্যন্ত ৰাজ্য চৰকাৰে ৰাজ্যত কেঁচা চাহপাতৰ কোনো সঠিক মূল্য নিৰ্ধাৰণ কৰিবলৈ সক্ষম হোৱা নাই । প্ৰতিখন চৰকাৰক কেঁচা চাহপাতৰ এটা মূল্য নিৰ্ধাৰণ কৰি দিবলৈ ক্ষুদ্ৰ চাহ খেতিয়কে দাবী জনাই আহিছে যদিও কোনো এখন চৰকাৰে এই কথাত গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত হোৱা নাই ।
ভাৰত চৰকাৰ অধিনিয়মত থকা চাহ বোৰ্ডে অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক সহযোগিতা কৰাৰ সলনি এক প্ৰকাৰে শোষণ কৰা নীতি ৰূপায়ণ কৰাহে দীৰ্ঘদিনৰ পৰা অভিযোগ উত্থাপন হৈ আহিছে । অসমৰ চাহ উদ্যোগ ২০০ বছৰীয়া বৰ্ণিল ইতিহাসেৰে সমৃদ্ধ যদিও চাহ কোম্পানীসমূহৰ শোষণৰ সন্মুখীন হৈ এতিয়া হতাশ আৰু দিশহাৰা হৈ পৰিছে ক্ষুদ্ৰ চাহ খেতিয়কসকল ।
কেঁচা চাহপাতৰ নিম্নগামী মূল্যই জুৰুলা কৰাৰ সময়ত ক্ষুদ্ৰ চাহ খেতিয়কে কেঁচা চাহপাতত নিষিদ্ধ কেমিকেল ব্যৱহাৰ কৰাক লৈ যোৱা বৰ্ষৰ ১ জুনৰ পৰা কলঘৰত নোলোৱাৰ সিদ্ধান্তও লোৱা হৈছিল । ক্ষুদ্ৰ চাহ খেতিয়কে এই ক্ষেত্ৰত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া পৰিবেশৰ সৃষ্টি হৈছিল । কিন্তু অসম চৰকাৰৰ তৎপৰতাত আৰু ক্ষুদ্ৰ চাহ খেতিয়কসকলৰ সহযোগিতাত এই সমস্যাৰ সমাধান হৈছিল যদিও ক্ষুদ্ৰ চাহ খেতিয়কক কেঁচা চাহৰ সঠিক মূল্য দিবলৈ কোনো পৰিকল্পনা নকৰিলে ভাৰতীয় চাহ বোৰ্ডে ।
ইয়াৰ সলনি নতুন নীতি নিয়ম ৰূপায়ণ কৰি ক্ষুদ্ৰ চাহ খেতিয়কৰ লগতে অসমৰ চাহ উদ্যোগ ধ্বংসৰ পৰিকল্পনা কৰাৰ অভিযোগ উত্তৰ-পূব ক্ষুদ্ৰ চাহ খেতিয়াক সন্থাৰ (North East Confederation Small Tea Growers Association) । ক্ষুদ্ৰ চাহ খেতিয়কক লৈ ভাৰতীয় চাহ বোৰ্ডে শোষণৰ নীতি ৰূপায়ণ কৰাৰ অভিযোগ কৰি লাহোৱালৰ কাৰ্যালয়ত সংবাদমেল সম্বোধন কৰে উত্তৰ-পূব ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সম্পাদক বিনোদ বুঢ়াগোঁহায়ে ।
অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ ভৱিষ্যৎ
সম্পাদকগৰাকীয়ে জানিবলৈ দিয়ে, "অসমৰ প্ৰায় দুই লক্ষাধিক ক্ষুদ্ৰ চাহ খেতিয়কৰ অৱস্থা ভয়ংকৰ সংকটৰ দিশলৈ অগ্ৰসৰ হৈছে । ভাৰত চৰকাৰ আৰু ভাৰতীয় চাহ বোৰ্ডে ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈ গুৰুত্ব প্ৰদান নকৰাত অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সন্দৰ্ভত দেশৰ প্ৰধানমন্ত্ৰীলৈ ই-মেলযোগে পত্ৰ প্ৰেৰণ কৰা হৈছে । অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কে উৎপাদন কৰা চাহত গুৰুত্ব প্ৰদান নকৰি বিদেশী ৰাষ্ট্ৰ কেনিয়াৰ নিম্নমানৰ চাহপাত আমদানি কৰাৰ পৰিপ্ৰেক্ষিতত অসমৰ চাহ উদ্যোগলৈ ভাবুকি কঢ়িয়াই আনিছে ।"
অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সন্দৰ্ভত প্ৰধানমন্ত্ৰীলৈ প্ৰত্ৰ প্ৰেৰণ
উত্তৰ-পূব ক্ষুদ্ৰ চাহ খেতিয়াক সন্থাৰ সম্পাদক বিনোদ বুঢ়াগোঁহায়ে কয়, "চাহ বোৰ্ডে নতুন নিয়ম ৰূপায়ণ কৰি যোৱা বৰ্ষৰ নৱেম্বৰ মাহতে কেঁচাপাত ছিঙা বন্ধ কৰি দিছিল । ক্ষুদ্ৰ চাহ খেতিয়কৰ উন্নতমানৰ কেঁচাপাত উৎপাদন কৰা লক্ষ্যৰে ডিচেম্বৰত বন্ধ কৰিবলগা কাম নৱেম্বৰতে বন্ধ কৰি দিয়া হৈছিল । এনে কৰিলে ক্ষুদ্ৰ চাহ খেতিয়কসকলে নতুন কেঁচাপাতৰ উচিত মূল্য লাভ কৰিব বুলি চাহ বোৰ্ডে আশা দিছিল । কিন্তু নৱোম্বৰত ক্ষুদ্ৰ চাহ খেতিয়কসকলে সংগ্ৰহ কৰা কেঁচাপাতৰ মূল্য আজিও দিব পৰা নাই ।"
কিন্তু এতিয়াও চাহ বোৰ্ড আৰু ব্যক্তিগত কোম্পানীৰ চাহ নিলামত এই চাহ বিক্ৰী নোযোৱাৰ লগতে চাহৰ দাম নিম্নগামী হোৱা বুলি তেওঁ অৱগত কৰে ।
তেওঁ কয়, "প্ৰাপ্ত খবৰ অনুসৰি চাহ বোৰ্ডে ১৭ ফেব্ৰুৱাৰীৰ পৰা চাহপাত সংগ্ৰহ কৰিবলৈ চাহ ফেক্টৰীসমূহক নিৰ্দেশ দিছে । কিন্তু চাহপাত লোৱা বন্ধ কৰি দিয়াৰ লগে লগে চাহগছ কলম দিছে খেতিয়কসকলে । ফলত ইমান সোনকালে চাহপাত নোলায় । ইয়াৰ পিছতো কিছুসংখ্যকে ফেক্টৰীত কেঁচা চাহপাত যোগান ধৰিলেও ভাল দাম লাভ নকৰাটো নিশ্চিত হৈছে । কাৰণ চাহ বোৰ্ডে নতুন নিৰিখ ঘোষণা কৰা নাই । সেয়ে প্ৰধানমন্ত্ৰীলৈ ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈ প্ৰত্ৰ প্ৰেৰণ কৰিছোঁ ।"
বিদেশী ৰাষ্ট্ৰৰ নিম্নমানৰ চাহপাত আমদানিয়ে অসমৰ চাহ উদ্যোগলৈ কঢ়িয়াই আনিছে ভাবুকি
North East Confederation Small Tea Growers Association-ৰ সম্পাদক বিনোদ বুঢ়াগোঁহায়ে লগতে কয়, "অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকল সমস্যাত পৰা মূল কাৰণটো হ'ল বিদেশী ৰাষ্ট্ৰৰ নিম্নমানৰ চাহপাত আমদানি । ক্ষুদ্ৰ চাহ খেতিয়কৰ কেঁচা চাহপাতৰ পৰা নিৰ্মাণ হোৱা চাহ অকচনত ৪০%ত বিক্ৰী যোৱা বুলি দাবী কৰা সময়ত বিদেশী ৰাষ্ট্ৰ নেপাল, কেনিয়া আদি ঠাইৰ পৰা চাহ ভাৰত চৰকাৰে আমদানি কৰি আনিছে । ইমানে নিম্নমানৰ চাহ আনিছে যে সেই চাহ বজাৰত ১২০ টকা প্ৰতি কিলোত বিক্ৰী গৈছে । এনেকৈ যদি চাহ আমদানি হৈ থাকে আহি থকা দিনত ক্ষুদ্ৰ চাহ খেতিয়কে কিমান দিন চাহখেতি কৰি পৰিয়াল চলাব পাৰিব তাক লৈ চিন্তাৰ কাৰণ হৈছে । এই ক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছোঁ ।"