জোনাই : ধেমাজি জিলাৰ জোনাইৰ অসম-অৰুণাচল সীমান্তৰ এখন শতিকা গৰকা গাঁও হৈছে পুৰণা জেলম । এই জেলম গাঁৱত প্ৰথমবাৰৰ বাবে তিনিদিনীয়াকৈ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব পঃৰাগ উৎসৱ । ইতিমধ্যে মাংগলিক কাৰ্যসূচীৰে এই উৎসৱৰ লাইখুঁটা স্থাপন কৰা হৈছে । এতিয়া পূৰ্ণগতি চলি আছে এই উৎসৱৰ প্ৰস্তুতি ।
পঃৰাগ উৎসৱ কি
মিচিং জনগোষ্ঠীৰ অন্যতম কৃষিভিত্তিক উৎসৱ হৈছে পঃৰাগ । ইয়াৰ অৰ্থ হৈছে নৰা ছিগা বিহু । জোনাইৰ অসম-অৰুণাচল সীমান্তৰ শতিকা গৰকা পুৰণা জেলম গাঁৱত তিনিদিনীয়াকৈ বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে উদযাপন কৰা হ'ব এই পঃৰাগ পূজা ।
মিচিং জনগোষ্ঠীয়ে পূৰ্বৰ পৰম্পৰা অনুসৰি সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ বাবে অনাদি কালৰে পৰা পালন কৰি অহা হৈছে পঃৰাগ উৎসৱ । ডেকা-গাভৰুৰ নেতৃত্বত উদযাপন কৰি অহা পঃৰাগ উৎসৱলৈ গাঁওখনৰ পৰা দূৰ-দূৰণিলৈ বিয়া হৈ যোৱা জীয়াৰী আৰু জোঁৱাইসকলক আমন্ত্ৰণ জনাই আনি আদৰণি আৰু সম্বৰ্ধনা জনোৱা হয় ।
অতি উলহ-মালহেৰে উদযাপন কৰা পঃৰাগ উৎসৱত গাঁৱৰ ডেকা-গাভৰু, বুঢ়ামেথা, পুৰুষ-মহিলা সকলোৱে আনন্দ আৰু স্ফূৰ্তিত মতলীয়া হৈ পৰে । গাঁওবাসীৰ লগতে জী-জোঁৱাই, অতিথিক মহা ব্যৱস্থাপনাৰে আপং, গাহৰি মাংস, মাছ, বিভিন্ন ধৰণৰ শাক-পাচলিৰে ৰন্ধা সুস্বাদু খাদ্যৰে আপ্যায়িত কৰে । গাঁওখনৰ পৰা অপায়-অমঙ্গল দূৰ কৰাৰ বিশ্বাস ৰাখি অহা ৫, ৬ আৰু ৭ মাৰ্চত তিনিদিনীয়াকৈ পূৰণা জেলম গাঁৱত উদযাপন কৰিবলৈ লোৱা পঃৰাগ উৎসৱৰ বাবে দেওবাৰে ডেকা-গাভৰু লগতে গাঁৱৰ ৰাইজৰ সৈতে সুদূৰ চিলাপথাৰৰ পৰা অহা মিবুগৰাকীয়ে মাংগলিক কাৰ্যসূচীৰে লাইখুঁটা স্থাপনৰ বাবে বাঞ্জিগছ অৰ্থাৎ বগীপমা গছৰ খুঁটা কাটি আনি সম্পূৰ্ণ পৰম্পৰাগত ৰীতি-নীতিৰে স্থাপন কৰে ৷ বগীপমা গছক মিচিংসকলে যিকোনো শুভকামত ব্যৱহাৰ কৰি আহিছে ৷ লাইখুঁটা স্থাপনৰ সময়ত সম্পূৰ্ণ মিচিং জনগোষ্ঠীৰ সাজপাৰ পৰিধানেৰে ডেকা-গাভৰুৰ নৃত্যৰে পঃৰাগস্থলী মুখৰিত হৈ পৰে ৷
পঃৰাগ উৎসৱৰ বিশেষত্ব
উল্লেখ্য যে আলি আয়ে লৃগাং উৎসৱৰ পিছতেই পঃৰাগ উৎসৱৰ নাম উল্লেখ কৰিব পাৰি । অৱশ্যে লৃগাঙৰ দৰে পঃৰাগ উৎসৱ নহয় । পঃৰাগত মিচিং সমজৰ এখন গাঁৱৰ অপায়-অমগংল দূৰ কৰাৰ বাবে এক ৰাজহুৱা পূজা কৰা হয় ৷ ইয়াক পঃৰাগ উৎসৱ বা নৰা ছিগা বিহুও বোলা হয় । যিহেতু এই উৎসৱ ধান কাটি চপোৱাৰ অন্তত অৰ্থাৎ ধানৰ নৰা ছিগাৰ সময়তহে অনুষ্ঠিত হয়, সেইবাবে ই নৰা ছিগা বিহু হিচাপে প্ৰচলিত ।
আনহাতে, প্ৰধানত ডেকা-গাভৰুসকলৰ প্ৰচেষ্টাত বা উদ্যোগত এই উৎসৱটি উদ্যাপিত হোৱাৰ বাবে অঞ্চল বিশেষে ইয়াৰ নাম মৃম্বৰ-য়াঃমে অৰ্থাৎ ডেকা-গাভৰু । ডেকা-গাভৰুৰ প্ৰচেষ্টাত এই উৎসৱ হয় যদিও গাঁৱৰ ল’ৰা-ছোৱালী, বুঢ়া-বুঢ়ী সকলোৱে ইয়াৰ লগত জড়িত হৈ থাকে ।
কেনেদৰে উদযাপন কৰা হয় পঃৰাগ উৎসৱ
পঃৰাগ উৎসৱ পাতিবৰ বাবে মুৰং ঘৰ নিৰ্মাণ কৰাটো অপৰিহাৰ্য । এই ঘৰ গাঁৱৰ মূৰত নাইবা মুকলি আহল-বহল ঠাইত সজা দেখা যায় । ঘৰৰ চতি আৰু খুঁটাবোৰ চিত্ৰ-বিচিত্ৰ কাৰুকাৰ্যৰে জাতিষ্কাৰ কৰা হয় । ছবিৰ ভিতৰত দুই মূৰে সূৰ্য আৰু ড্ৰেগনৰ চিত্ৰ অংকন কৰা থাকে । ড্ৰেগন চিত্ৰ অংকনৰ জৰিয়তে তেওঁলোকে তিব্বতীয়-চীন-মংগোলীয় নৃগোষ্ঠীৰ বংশধৰ হিচাপে চিনাকি দিয়ে । তাৰ উপৰি চিত্ৰ-বিচিত্ৰ ৰঙীণ কাগজৰ ফুল কাটি গোটেই মুৰং ঘৰটো জাতিষ্কাৰ কৰা দেখা যায় ।
পঃৰাগ উৎসৱ পৰিচালনা কৰিবৰ কাৰণে কেইটামান পদবীৰ সৃষ্টি কৰা হয় । এই পদবীবোৰৰ ভিতৰত মিগম বৰা, বৰ পুৱাৰী, ডেকা বৰা, তিৰি বৰা আদি উল্লেখযোগ্য । মিগম বৰা আৰু বৰ পুৱাৰীয়ে ৰাইজক পৰিচালনা কৰে । ডেকা বৰা, তিৰি বৰা আৰু সমস্ত ডেকা-গাভৰুসকলে তেওঁলোকৰ কথামতে বিভিন্ন কাম সম্পন্ন কৰে । মিগম বৰা আৰু বৰ পুৱাৰীক আলপৈচান ধৰিবলৈ তামুলী আৰু বৰ বৰাণী নামৰ দুজন লোক থাকে । মিগম বৰা বিবাহিত পুৰুষো হ’ব পাৰে । কিন্তু বৰ পুৱাৰীক গাভৰু ছোৱালীৰ মাজৰপৰা নিৰ্বাচন কৰা হয় ।
এই উৎসৱত অংশগ্ৰহণ কৰিবৰ কাৰণে অন্য গাঁৱৰ ৰাইজক মিনম বা অতিথি হিচাপে আমন্ত্ৰণ কৰে । অন্তত চাৰি-পাঁচখন গাঁৱৰ ৰাইজক এনেদৰে আমন্ত্ৰণ কৰা দেখা যায় । আমন্ত্ৰণ ৰক্ষা কৰাসকলক বাটৰ পৰা মুৰং ঘৰলৈ গুমৰাগ্ নাচৰ যোগেদি আগবঢ়াই অনা প্ৰথাক মিনম-য়াম্নাম বোলে । পঃৰাগ উৎসৱ তিনি দিন পালন কৰা দেখা যায় । পঃৰাগ উৎসৱত মিবুৱেহে পৌৰাহিত্য কৰে । এই উৎসৱত দঁতাল গাহৰি, আপং আদি উছৰ্গা কৰি আই বসুমতী, অন্নদাতা পৰম পুৰুষ কাচিং-কাৰ্তাং, দঃঞি-পঃল, চেঃ দি-মেঃল আদি সৃষ্টিকৰ্তাসকলক আৰাধনা কৰে । ইয়াৰ উদ্দেশ্য হৈছে ‘আই বসুন্ধৰা শস্য শ্যামলা হৈ ভৰি পৰক, চহা ৰাইজে সুখেৰে দিন নিয়াওক’ ।
বিশিষ্ট ব্যক্তিৰ ভাষাত পঃৰাগ পূজাৰ বৰ্ণনা
পঃৰাগ পূজা সন্দৰ্ভত পুৰণা জেলম গাঁৱৰ জ্যেষ্ঠ নাগৰিক তথা অৱসৰপ্ৰাপ্ত শিক্ষক দত্তৰাম দলেয়ে কয়, "শতিকা গৰকা পুৰণা জেলম গাঁওখনে বহু বছৰৰ চেষ্টাত আজি প্ৰথমবাৰৰ বাবে পঃৰাগ উৎসৱ পালন কৰিব ৷ মিচিং জনগোষ্ঠীয়ে পূৰ্বৰ পৰম্পৰা অনুসৰি সৃষ্টিকৰ্তা, মাতৃ পৃথিৱী তথা পূৰ্বপুৰুষসকলক তুষ্ট কৰিবৰ বাবে অনাদি কালৰে পৰাই পালন কৰি আহিছে পঃৰাগ উৎসৱ ।"
তেওঁ কয়, "পঃৰাগ আচলতে উৎসৱ নহয় । পঃৰাগ মিচিং সমজৰ এখন গাঁৱৰ অপায়-অমগংল দূৰ কৰা এক সমজুৱা পূজা ৷ ইয়াক পৰাগ উৎসৱ বা নৰা ছিগা বিহুও বোলা হয়; যিহেতু এই উৎসৱ ধান কাটি চপোৱাৰ অন্তত অৰ্থাৎ ধানৰ নৰা ছিগাৰ সময়তহে অনুষ্ঠিত হয় বাবে নৰা ছিগা বিহু বুলি প্ৰচলিত । পঃৰাগ উৎসৱত মিবুৱেহে পৌৰাহিত্য কৰে ।"
পঃৰাগ উৎসৱ সন্দৰ্ভত পূজাৰীয়ে কি কয়
পঃৰাগ উৎসৱৰ মিবুগৰাকীয়ে (পূজাৰী) কয়, "পঃৰাগ পূজা মিচিং সমাজৰ এক পুৰণি উৎসৱ । পৰাগ উৎসৱ নহয়, এখন গাঁৱৰ সমজোৱা পূজা । গাঁওখনৰ মৰি যোৱা লোকসকলক ৰাইজে সমজুৱাকৈ পিণ্ড দিয়া আৰু গাঁওখনৰ অপায়-অমংগল দূৰ কৰিবৰ বাবে এই পৰম্পৰাগত পঃৰাগ উৎসৱ উদযাপন কৰা হয় ৷ এই উৎসৱত দঁতাল গাহৰি, আপং আদি উছৰ্গা কৰি আই বসুমতী, অন্নদাতা পৰম পুৰুষ কাচিং-কাৰ্তাং, দঃঞি-পঃল অৰ্থাৎ সূৰ্য আৰু চন্দ্ৰ দেৱতা, চেঃ দি-মেঃল আদি সৃষ্টিকৰ্তাসকলক আৰাধনা কৰে ।"