Prastuti Parashar new song: এইবাৰ গায়িকাৰ ৰূপত ভ্ৰাম্যমাণৰ মহাৰাণী - Actress Prastuti Parashar
🎬 Watch Now: Feature Video
বলিষ্ঠ অভিনয়েৰে অসমৰ দৰ্শকৰ মনত সুকীয়া স্থান দখল কৰি থকা জনপ্ৰিয় তাৰকাগৰাকী এইবাৰ গায়িকাৰ ৰূপত অসমৰ ৰাইজৰ আগত ধৰা দিছে (Actress Prastuti Parashar) ৷ বহুদিনীয়া পৰিকল্পনাৰে আবাহন থিয়েটাৰৰ অগ্নিকন্যা নামৰ নাটকৰ এটি গীতত কণ্ঠদান কৰি উৎফুল্লিত হৈ পৰিছে প্ৰস্তুতি ৷ গীতটিৰ লগত জড়িত প্ৰতিজন ব্যক্তিৰে ভূয়সী প্ৰশংসা কৰাৰ লগতে গীতটিক লৈ যথেষ্ট আশাবাদী বুলি জানিবলৈ দিয়ে তেওঁ (Actress Prastuti Parashar sing for theater song) ৷ অসমৰ ৰাইজৰ পৰা বহুত আশা কৰিছে এইক্ষেত্ৰত প্ৰতিজনে ৷ গীতটিৰ জৰিয়তে প্ৰকৃতাৰ্থত অসমৰ ৰাইজক জলন্ত সমস্যা তথা সামগ্ৰিক পৰিৱেশৰ বিষয়ে অৱগত কৰোৱাৰ সমান্তৰালকৈ যোগাত্মক বাৰ্তা পঠোৱাটো তেওঁলোকৰ মূল উদ্দেশ্য বুলি সাংবাদিকৰ আগত মত প্ৰকাশ কৰে তেওঁলোকে ৷ ইংৰাজীৰ থ্ৰ' মাই ঊইণ্ডৰ বঙালী সংস্কৰণত অঞ্জন দত্তই গোৱা গীতটিৰ পৰা নাট্যকাৰ অভিজিৎ ভট্টচাৰ্য্যই লিখি উলিয়াইছে মোৰ খিড়িকীৰে শীৰ্ষক গীতটি । গীতটি ৰাইজৰ বাবে আজি মুকলি কৰা হয় আবাহন থিয়েটাৰৰ আখৰা গৃহত । গীতটিত কণ্ঠদান কৰি নিজকে সুখী বুলি জানিবলৈ দিয়াৰ লগতে এই গীতটি প্ৰস্তুতি পৰাশৰ জীৱনৰ বাবে টাৰ্নিং পইণ্ট বুলিও অভিহিত কৰে । গীতটি আপোনালোকে প্ৰস্তুতি পৰাশৰৰ ইউটিউব চেনেল Prastuti Parashar ত উপভোগ কৰিব পাৰিব (Prastuti Parashar YouTube channel) ৷
Last Updated : Feb 3, 2023, 8:25 PM IST