Athlete Parmita Das wins medal: বাক্সাৰ এথলীট পাৰমিতা দাসৰ সাফল্য
🎬 Watch Now: Feature Video
বাক্সা জিলাৰ বৰমাৰ নিজ জুলুকী গাঁৱৰ বাসিন্দা পাৰমিতা দাসে নীৰৱে চলাই আছে বিশ্বজয়ৰ আখৰা । ইতিমধ্যে ৰাজ্যৰ লগতে দেশৰ বিভিন্ন ঠাইত নিজৰ পাৰদৰ্শিতাৰে উজলিছে পাৰমিতা দাস(Achievment of Athlete Parmita Das) । শেহতীয়াকৈ মেঘালয়ৰ শ্বিলঙত অনুষ্ঠিত নৰ্থ ইষ্ট অলিম্পিক গেমচত পাৰমিতাই এশ মিটাৰ আৰু দুশ মিটাৰ দৌৰত সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে । কঠোৰ পৰিশ্ৰম কৰি সম্পূৰ্ণ নিজা উদ্যোগত ২০১২ চনৰ পৰা দৌৰৰ প্ৰতি আকৰ্ষিত হোৱা পাৰমিতাই প্ৰস্তুতি চলাই আহিছে । আৰ্থিক সমস্যাৰ বাবে যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে যদিও তেওঁ ৰৈ নাথাকি এককভাৱে প্ৰস্তুতি চলাই যোৱা বুলি জানিব দিয়ে ।
Last Updated : Feb 3, 2023, 8:37 PM IST