গুৱাহাটী, ৩১ আগষ্ট : অৱশেষত সকলো জল্পনা-কল্পনাৰ অৱসান ঘটাই ভৱানীপুৰ সমষ্টিৰ এআইইউডিএফৰ বিধায়ক ফনীধৰ তালুকদাৰে দল ত্যাগ কৰিলে । মঙলবাৰে তেওঁ আনুষ্ঠানিকভাৱে এআই ইউ ডি এফৰ সভাপতিলৈ প্ৰেৰণ কৰে নিজৰ পদত্যাগ পত্ৰ । বিগত কিছুদিন ধৰি এআইইউডিএফৰ একমাত্ৰ হিন্দু বিধায়কজনে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ বিষয়টো ৰাজনৈতিক মহলত চৰ্চিত হৈ আছিল ।
কিন্তু আজি সকলো চৰ্চাৰ অৱসান ঘটাই তেওঁ আনুষ্ঠানিকভাৱে এআইইউডিএফ দল ত্যাগ কৰিলে । পদত্যাগ পত্ৰ তেওঁ দলৰ প্ৰাথমিক সদস্য পদ আৰু দলৰ বিধায়িনী দলৰ সচিব পদ ত্যাগ কৰাৰ কথা উল্লেখ কৰে । দলেও তেওঁৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰে । বুধবাৰে তেওঁ আনুষ্ঠানিকভাৱে বিজেপিত যোগদান কৰিব ।
লগতে পঢ়কঃ কুখ্যাত ডকাইত কিতাব আলীক গ্ৰেপ্তাৰ; ৰহস্য হৈ পৰিছে এটা বিশেষ পিস্তল !
ইয়াৰ লগে লগে আৰু এটা সমষ্টিত উপ-নিৰ্বাচন অনুষ্ঠিত হোৱাটো খাটাং হৈ পৰিল । দল ত্যাগ কৰা সন্দৰ্ভত ফনীধৰ তালুকদাৰে উল্লেখ কৰিছে যে ভৱানীপুৰ সমষ্টিৰ উন্নয়নৰ স্বাৰ্থতে তেওঁ এই পদক্ষেপ গ্ৰহণ কৰিছে ।
ইফালে বিধায়ক ফনীধৰ তালুকদাৰৰ দল ত্যাগক লৈ এআইইউডিএফ দলত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । দলৰ সাধাৰণ সম্পাদক তথা জনীয়া সমষ্টিৰ বিধায়ক হাফিজ ৰফিকুল ইছলামে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, তেওঁ দলৰ লগতে সমষ্টিবাসীক বিশ্বাসঘাটকতা কৰিলে ।
ইয়াৰ ফল তেওঁ ভোগ কৰিব । আমাৰ দলত এনে ঘটনা পূৰ্বে হোৱা নাছিল । আমি বিচাৰো এইটোৱেই প্ৰথম আৰু শেষ ঘটনা হওক । তেওঁৰ হাতত এতিয়াও সময় আছে । নিজৰ ভুল সংশোধন কৰাৰ ।
উপ-নিৰ্বাচন হ'লে আমি এশ শতাংশই নিশ্চিত যে ভৱানীপুৰত আমি জয়ী হ'ম । আমি ভৱানীপুৰ সমষ্টিত তিনিবাৰ জয়ী হৈ আহিছো । উল্লেখযোগ্য যে, ফনীধৰ তালুকদাৰে বুধবাৰে দুপৰীয়া বিজেপিৰ ৰাজ্যিক কাৰ্যালয়ত মুখ্যমন্ত্ৰীৰ উপস্থিতিত বিজেপিত যোগদান কৰাৰ কথা আছে ।
লগতে পঢ়কঃ মহানগৰীৰ তিনি স্থানৰ পৰা আটক 5 টা ড্ৰাগছ সৰবৰাহকাৰী