ETV Bharat / state

চৌব্বিশ ঘণ্টা পাৰ হ'ল: চেণ্ডেলৰ বাহিৰে একোৱেই পোৱা নাই ডুবাৰুৱে - YOUTH MISSING IN BRAHMAPUTRA

মাজুলীত সন্ধানহীন যুৱকক বিচাৰি ব্ৰহ্মপুত্ৰত অভিযান । পুত্ৰক বিচাৰি মাতৃৰ হিয়াভঙা কান্দোন ।

MISSING CASE IN MAJULI
সন্ধানহীন পিংকু হাজৰিকা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : Dec 31, 2024, 2:06 PM IST

মাজুলী: ইংৰাজী নৱবৰ্ষক আদৰিবলৈ সাজু হৈছে সকলো । ৰাজ্যৰ প্ৰান্তে প্ৰান্তে আৰম্ভ হৈছে বনভোজ । এই আনন্দ উল্লাসৰ মাজতে যোৱা সোমবাৰে মাজুলীত সংঘটিত হয় এক শোকাবহ ঘটনা । সাতজন যুৱকে বেচামৰা তিনি নম্বৰ শৈল্য স্পাৰত বনভোজ খাবলৈ যোৱাৰ পিছৰে পৰাই সন্ধানহীন হৈ আছে এজন যুবক । এই লৈ মাজুলীত সৃষ্টি হৈছে চাঞ্চল্য়ৰ ।

এটা সাতজনীয়া যুৱকৰ দল । আটাইকেইজনেই ভাওনা শিল্পী । সোমবাৰে বছৰটোৰ অন্তিম ক্ষণত আহিছিল বনভোজ খাবলৈ । তাৰ মাজৰে নিৰুদ্দেশ হয় এজন যুৱক । মঙলবাৰে পুৱাই সেই সন্ধানহীন হোৱা যুৱকজনক বিচাৰি ব্ৰহ্মপুত্ৰত অভিযান চলালে এছ ডি আৰ এফে ।

চৌব্বিশ ঘণ্টা পাৰ হ'ল: চেণ্ডেলৰ বাহিৰে একোৱেই পোৱা নাই ডুবাৰুৱে (ETV Bharat Assam)

জেংৰাইমুখ আৰু গড়মূৰ এছ ডি আৰ এফে যুটীয়াভাৱে অভিযান চলাইছে । এছ ডি আৰ এফৰ ডুবাৰুৱে অভিযান আৰম্ভ কৰিছে । যিজন যুৱক সন্ধানহীন হৈ আছে তেওঁ মাজুলীৰ বাঘৰ গাঁৱৰ পিংকু হাজৰিকা ।

সোমবাৰৰ দিনৰ দুই বজাৰ পৰা নিৰুদ্দেশ যুৱকজনক বিচাৰি থাকোতে বিয়লি চাৰি বজাত এখন নাৱত উদ্ধাৰ হয় যুৱকজনে পিন্ধা চেণ্ডেলজোৰ । ইয়াৰ পিছতেই ঘটনাস্থলীত উপস্থিত হয় বনগাঁও আৰক্ষীৰ চকীৰ আৰক্ষী । পৰিয়ালৰ লোকো উপস্থিত হয় যদিও এন্ধাৰ হোৱা বাবে যুৱকজনৰ কোনো সন্ধান উলিয়াবলৈ সক্ষম নহ'ল ।

পিংকু হাজৰিকা এজন ভাওনা অভিনেতা । তেওঁৰ লগত বনভোজ খাবলৈ যোৱা সমনীয়া কেইজনো ভাওনা শিল্পী । বাতৰি সংগ্ৰহ কৰা সময়লৈকে কোনো ধৰণৰ সন্ধান ওলোৱা নাই যুৱকজনৰ ।

হত্য়াৰ সন্দেহ পৰিয়ালৰ :

এই সন্দৰ্ভত পিংকু হাজৰিকাৰ ককায়েকে অভিযোগ উত্থাপন কৰি কয়, "মোৰ ভাইটি দিনতেই সন্ধানহীন হৈছিল যদিও লগৰ কেইজনে আবেলি ৪:৩০ বজাতহে আমাক খবৰ দিছিল । তেতিয়া বেলিয়েই ডুবিছিল । আমি আন্ধাৰত ভাইটিক ক'ত বিচাৰি পাও । লগৰকেইজনে মোৰ ভাইটিক হত্য়া কৰি পেলাই দিয়াৰ সন্দেহ কৰিছো । চেণ্ডেলজোৰ সমান জোখত আছে । নদীত জাঁপ দিলে চেণ্ডেলজোৰ খেলি-মেলি হ'লহেঁতেন । "

বনভোজ খাবলৈ আহি নিৰুদ্দেশ হোৱা পিংকু হাজৰিকাৰ ঘৰত শোকাকূল পৰিৱেশে বিৰাজ কৰিছে । সন্ধানহীন পুত্ৰক বিচাৰি মাতৃৰ হিয়া ভঙা কান্দোন । মাতৃৰ সন্দেহ- তেওঁৰ পুত্ৰক খানা খাবলৈ যোৱা লগৰকেইজনে হত্যা কৰিছে । মাতৃগৰাকীয়ে কয় ," যদি কিবা কাৰণত তেওঁৰ পুত্ৰ নদীত পৰিও গৈছে তেন্তে তেওঁ পিন্ধা চেণ্ডেলজোৰ একে ঠাইতে কিয় থাকিল ? "

লগতে পঢ়ক:ব্ৰহ্মপুত্ৰৰ পানী যুৱলিত কেনেকৈ উটি আহিল দুটাকৈ নিথৰ দেহ ? - DEAD BODY RECOVERED

চাৰিদিনৰ অন্তত লোহিতৰ বুকুত উপঙি উঠিল শীৰ্ষ ৰে'ল বিষয়াৰ মৃতদেহ - NORTH EAST FRONTIER RAILWAY

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.