শ্ৰীনগৰ : কাশ্মীৰত ক্ৰমাৎ বৃদ্ধি পাইছে শীতৰ প্ৰকোপ ৷ জম্মু-কাশ্মীৰত তৰিৎগতিত নামিছে পাৰাস্তম্ভ ৷ কাশ্মীৰৰ চাৰিওফালে কেৱল দৃশ্যমান হৈছে বৰফৰ শুকুলা আচ্ছাদন ৷ সকলো পৰ্যটকৰে আকৰ্ষণৰ কেন্দ্ৰ এই স্থানত এতিয়া দৈনন্দিন জীৱনযাত্ৰা কৰাত কিছু অসুবিধাৰ সন্মুখীন হৈছে কাশ্মীৰবাসী ৷
তথ্য অনুসৰি, সোমবাৰে নিশা কাশ্মীৰৰ পাৰাস্তম্ভ শূন্যৰ তললৈ গতি কৰে ৷ যাৰ ফলত কাশ্মীৰত বৰফবোৰ আৰু অধিক জমা হৈ পৰে ৷ ফলত একেবাৰে শোচনীয় হৈ পৰে পথৰ অৱস্থা ৷ ৰাস্তাৰে মানুহতো দূৰৰে কথা, বাট-পথ পিচল হৈ পৰাত যান-বাহন চলাচল কৰাতো বাধা আহি পৰে ৷
পিচল বাট-পথৰ বাবে যাতায়াত কৰাত বহু সমস্যাৰ সন্মুখীন হৈছে কাশ্মীৰবাসী ৷ সেয়ে বিভাগীয় কৰ্তৃপক্ষৰ তৰফৰ পৰা সকলোকে অতি সাৱধানেৰে যান-বাহন চলাবলৈ পৰামৰ্শ দিয়া হৈছে ৷ শ্ৰীনগৰৰ বহু বাসিন্দাই ই টিভি ভাৰতক জনোৱা মতে, বিশেষকৈ সোমবাৰৰ সন্ধিয়াৰে পৰা বাট-পথবোৰ আৰু অধিক পিচল হৈ পৰাৰ বাবে তেওঁলোকে নিজৰ যান-বাহন চলোৱাৰ পৰা বিৰত আছে ।
নৱবৰ্ষৰ পূৰ্বে পৰ্যটকৰ আকৰ্ষণৰ অন্যতম স্থান গুলমাৰ্গত হাড় কঁপোৱা ঠাণ্ডা অনুভূত হৈছে ৷ শেহতীয়াকৈ গুলমাৰ্গত মাইনাছ ১১.৫ ডিগ্ৰী ৰেকৰ্ড কৰা হৈছে । লগতে শ্ৰীনগৰত মাইনাছ ৩.৫ ডিগ্ৰী, কাজিগুণ্ডত মাইনাছ ৭.৫ ডিগ্ৰী, পহলগামত মাইনাছ ৮.৪ ডিগ্ৰী আৰু কুপৱাৰাত ০.১ ডিগ্ৰী তাপমাত্ৰা ৰেকৰ্ড কৰা হৈছে ।
শ্ৰীনগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা অনুসৰি, আগন্তুক দিনত একেৰাহে কেইটামান দিন অধিক তুষাৰপাত আৰু বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি পূৰ্বানুমান কৰা হৈছে । শ্ৰীনগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰৰ সঞ্চালক ড৹ মুখতাৰ আহমেদে কয় যে পশ্চিমৰ অংশটো অধিক দুৰ্বল হৈ পৰাৰ ফলত ২ জানুৱাৰীত সমগ্ৰ উপত্যকাটোত লঘু তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে ।
অৱশ্যে ৬ জানুৱাৰীত কাশ্মীৰত মধ্যমীয়াৰ পৰা প্ৰচণ্ড তুষাৰপাত হোৱাৰ সম্ভাৱনা আছে বুলিও শ্ৰীনগৰৰ বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে । এই পূৰ্বাভাসে পৰ্যটন ক্ষেত্ৰখনতো ব্যাপক প্ৰভাৱ পেলাব বুলি ধাৰণা কৰা হৈছে ৷ কিয়নো কাশ্মীৰৰ এনে বতৰত তুষাৰপাতৰ আমেজ ল’বলৈ বহু পৰ্যটক অহা দেখা যায় ৷ সেয়ে এনে সময়ত গুলমাৰ্গত পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলিও অনুমান কৰা হৈছে ৷ ইতিমধ্যে পৰ্যটকক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে গুলমাৰ্গবাসী ৷
প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙৰ মৃত্যুৰ বাবে নৱবৰ্ষৰ আনুষ্ঠানিক উদযাপন বাতিল হোৱাৰ বিপৰীতে কাশ্মীৰৰ পৰ্যটন বিভাগে সাতদিনীয়া শোক পালনৰ পিছত ২ জানুৱাৰীৰ পৰা আৰম্ভ হ'বলগীয়া শীতকালীন কাৰ্নিভেলৰ বাবেও পৰিকল্পনা ইতিমধ্যে ঘোষণা কৰিছে ।
লগতে পঢ়ক : কাশ্মীৰত তুষাৰপাত: বিমান-ৰে’ল চলাচলত বাধা লগতে পঢ়ক : বৰফৰ আচ্ছাদনত শুকুলা কাশ্মীৰ, বৰফত পৰিণত ডাল হ্ৰদ |