যোৰহাট: ৬ ফেব্ৰুৱাৰীৰ পৰা যোৰহাট জিলাৰ ম'হবন্ধা এৰালতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হ'ব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিবেশন ।
এই অধিবেশনখনিৰ অন্ত পৰিব ৯ ফেব্ৰুৱাৰীত । মূল অধিবেশন আৰম্ভ হোৱাৰ পূৰ্বে সোমবাৰে শংকৰদেৱ সংঘৰ অধিবেশনৰ বাকৰিত থকা নামঘৰত প্ৰতিষ্ঠা কৰা হ'ল ধৰ্মধ্বজা ।
এই অধিবেশনৰ কামকাজৰ অগ্ৰগতি সম্পৰ্কে বুজ ল'বলৈ সোমবাৰে বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত উপস্থিত হয় কৃষি মন্ত্ৰী অতুল বৰা । অধিবেশনস্থলীৰ কামকাজৰ খতিয়ান লোৱাৰ লগতে মন্ত্ৰীগৰাকীয়ে নামঘৰত ভকত-বৈষ্ণৱৰ উপস্থিতিত সেৱা লয় । ইয়াৰ পিছতেই মন্ত্ৰীগৰাকীয়ে সাংবাদিকৰ আগত কয়, "গুৰুজনাক জীয়াই ৰাখিব পাৰিলেহে আমাৰ অসমীয়া জাতিক জীয়াই ৰাখিব পাৰিম ।"
যোৰহাট ৰে'লৱে ষ্টেচনত কৰা হৈছে পৰিবহণ ব্যৱস্থা :
মন্ত্ৰী অতুল বৰাই ৰাজ্য চৰকাৰে অধিবেশনৰ বাবে কৰিবলগীয়া সহায়-সহযোগিতা সম্পৰ্কে আলোকপাত কৰাৰ লগতে উদযাপন সমিতিৰ সভাপতি- সম্পাদকৰ সৈতে বিভিন্ন বিষয়ত আলোচনাত মিলিত হয় । মন্ত্ৰীগৰাকীয়ে লগতে কয়, "বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰৰ পৰিৱেশ সদায় সলনি হৈছে । ফলত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা ভকত-বৈষ্ণৱৰ সমাগম ঘটিব, সেয়েহে যোৰহাট ৰে'লৱে ষ্টেচনত সাজু থাকিব পৰিবহণ ব্যৱস্থা । এই সম্পৰ্কে পৰিবহণ মন্ত্ৰীৰ লগত আলোচনা কৰিছো ।"
মন্ত্ৰীগৰাকীয়ে পুনৰ কয়, "এই অধিবেশন নিশ্চয় সফল হ'ব । কাৰণ মহাপুৰুষজনাক জীয়াই ৰাখিব পাৰিলেহে আমাৰ অসমীয়া জাতিক জীয়াই ৰাখিব পাৰিম । গুৰুজনাক বিশ্বদৰবাৰত প্ৰতিষ্ঠা কৰিবৰ বাবে শ্ৰীমন্ত শংকৰদেৱ সংঘই যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে সংঘৰ প্ৰতি সকলোৰে আকৰ্ষণ বৃদ্ধি পাইছে । "