বিশেষ প্ৰতিবেদন : ২০২৫-২৬ বৰ্ষৰ বাজেট ভাষণত বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে প্ৰতিৰক্ষা খণ্ডত ৬,৮১,২১০ কোটি টকা আৱণ্টনৰ কথা ঘোষণা কৰে । এই বাজেট আৱণ্টন পূৰ্বৰ বছৰৰ তুলনাত 9.53% বৃদ্ধি পাইছে । আনহাতে, এই বাজেটৰ প্ৰশংসা কৰি প্ৰেছ ইনফৰ্মেচন ব্যুৰ' চমুকৈ পি আই বিয়ে কয়, "এই আৱণ্টনে পৰৱৰ্তী বিত্তীয় বৰ্ষত পৰিকল্পনা কৰা অধিগ্ৰহণৰ ক্ষেত্ৰত গুৰুত্ব দিব আৰু সংযুক্তকৰণ আৰু একত্ৰীকৰণৰ পদক্ষেপবোৰক উৎসাহিত কৰিব ।"
লগতে কয়, "প্ৰতিৰক্ষা উৎপাদন খণ্ডত মূলধনী বিনিয়োগে ৰাষ্ট্ৰীয় অৰ্থনীতিৰ ওপৰত এক ব্যাপক প্ৰভাৱ পেলাব আৰু ই জিডিপি বৃদ্ধি কৰাৰ লগতে দেশৰ যুৱসকলক অধিক কৰ্মসংস্থাপনৰ সুযোগ প্ৰদান কৰিব ।"
উল্লেখ্য যে প্ৰতিৰক্ষা আৱণ্টন হৈছে কেন্দ্ৰীয় বাজেটৰ 13.45% । আৰু এইটো হৈছে সকলো মন্ত্ৰণালয়ৰ ভিতৰত সৰ্বাধিক । আনহাতে, প্ৰতিৰক্ষা বাজেট বিগত পাঁচ বছৰ ধৰি 14% ৰ তলত আছে । ই হৈছে জিডিপিৰ 1.91% । যদিও এই শতাংশ ক্ৰমান্বয়ে হ্ৰাস পাই আহিছে, কিন্তু অৰ্থনীতিৰ লগতে বাজেট আৱণ্টনো বৃদ্ধি পাই আহিছে । 2020-21 বৰ্ষত প্ৰতিৰক্ষা বাজেট জিডিপিৰ 2.4%, 2022-23 বৰ্ষত 2.1%, যোৱা বছৰ 1.98% আৰু বৰ্তমান 1.91% । যদিও সামগ্ৰিক আৱণ্টন 9.53% বৃদ্ধি হৈছে, কিন্তু জিডিপিৰ তুলনাত ই .07% হ্ৰাস পাইছে ।
২০২০ চনৰ গালৱান উপত্যকাৰ সংঘৰ্ষৰ পিছত চৰকাৰে ২০২০-২১ বৰ্ষত জিডিপিৰ শতাংশ হিচাপে প্ৰতিৰক্ষা ব্যয় বৃদ্ধি কৰে । কিন্তু বছৰ বাগৰাৰ লগে লগে এই শতাংশ হ্ৰাস পায় । ইয়াৰ অৰ্থ হৈছে চৰকাৰ কেৱল সংকটৰ সময়তহে সক্ৰিয় হয় । সশস্ত্ৰ বাহিনীৰ নিৰন্তৰ চাহিদা কমেও 2.5-3% হৈছে যযদিও ই এক কেৱল সপোনে হৈ আছে ।
আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্পে প্ৰয়োজনীয় সামৰ্থ্য সৃষ্টি নিশ্চিত কৰিবলৈ নাটো সদস্যসকলে তেওঁলোকৰ জিডিপিৰ 5% প্ৰতিৰক্ষাত ব্যয় কৰিবলৈ জোৰ দি আহিছে যদিও বেছিভাগ ৰাষ্ট্ৰই এতিয়াও তেওঁৰ পূৰ্বৰ 2% দাবীও স্পৰ্শ কৰিব পৰা নাই । আমেৰিকাই ইয়াৰ জিডিপিৰ প্ৰায় 3.5% প্ৰতিৰক্ষা খণ্ডত ব্যয় কৰে, যিটো ভাৰততকৈ বহু বেছি । আনহাতে, চীনে 'চৰকাৰীভাৱে' ইয়াৰ জিডিপিৰ 1.8% প্ৰতিৰক্ষাৰ বাবে ব্যয় কৰে । চীনৰ জিডিপি হৈছে ভাৰতৰ পাঁচগুণ । চীনা পৰিসংখ্যাত যিটো উহ্য আছে সেয়া হ'ল অসামৰিক আৰু সামৰিক প্ৰযুক্তিত দ্বৈত-ব্যৱহাৰ বিনিয়োগ আৰু লগতে কৌশলগত আন্তঃগাঁথনি সৃষ্টি । এছ আই পি আৰ আইৰ (SIPRI, Stockholm International Peace Research Institute) তথ্য অনুসৰি, বিশ্বজুৰি প্ৰতিৰক্ষা বাজেটৰ গড় হৈছে জিডিপিৰ প্ৰায় 1.8% ।
ইয়াত কোনো সন্দেহ নাই যে প্ৰতিখন ৰাষ্ট্ৰৰ নিজাববীয়া ভাবুকিৰ লগতে আভ্যন্তৰীণ উন্নয়নৰ প্ৰয়োজনীয়তা আছে । যদিও আমেৰিকাই এক বিশ্বজুৰি সামৰিক আধিপত্য বজাই ৰাখিব বিচাৰে আৰু চীনে আমেৰিকাৰ সামৰিক সামৰ্থ্যৰ সৈতে নিজকে সমতুল্য কৰিবলৈ মনোনিবেশ কৰিছে, কিন্তু ইয়াৰ বিপৰীতে ভাৰতৰ সামাজিক তথা আন্তঃগাঁথনি উন্নয়নৰ প্ৰয়োজনীয়তা অধিক । একেসময়তে যেতিয়ালৈকে এখন ৰাষ্ট্ৰ আভ্যন্তৰীণ আৰু বাহ্যিকভাৱে সুৰক্ষিত নহয়, তেতিয়ালৈকে দেশখনে বিনিয়োগ আকৰ্ষণ কৰিব নোৱাৰে । এই প্ৰয়োজনীয়তাবোৰৰ মাজত ভাৰসাম্য ৰক্ষা কৰাটো হৈছে চৰকাৰৰ দায়িত্ব । অৱশ্যে প্ৰতিৰক্ষা ব্যয় কমি যোৱাৰ ফলত বৰ্ধিত ভাবুকিৰ দুৱাৰ মুকলি হয়, কিয়নো দেশখনে সেইবোৰৰ প্ৰতিৰোধ কৰাৰ সামৰ্থ্যৰ অভাৱ অনুভৱ কৰে ।
প্ৰতিৰক্ষা মূলধনী বাজেট ১,৮৫,০০০ কোটি টকা নিৰ্ধাৰণ কৰা হৈছে, যিটো হৈছে মুঠ প্ৰতিৰক্ষা আৱণ্টনৰ ২৭% । ইয়াৰ পৰায়ে আকৌ বাহিনীবোৰৰ আধুনিকীকৰণৰ বাবে প্ৰায় 1,50,000 কোটি টকা ধাৰ্য কৰা হৈছে । ইয়াৰ ভিতৰত যুদ্ধ বিমান আৰু বিমান ইঞ্জিন ক্ৰয়ৰ বাবে 48,614 কোটি টকা আৱণ্টন কৰা হৈছে । আনহাতে, নৌ-বাহিনীৰ শক্তি বৃদ্ধিৰ বাবে 24,390 কোটি টকা ধাৰ্য কৰা হৈছে । তাৰ উপৰি অন্যান্য সঁজুলিৰ বাবে 63,099 কোটি টকা ধাৰ্য কৰা হৈছে ।
ইয়াৰ উপৰি গৱেষণা আৰু বিকাশ আৰু সীমান্ত আন্তঃগাঁথনিমূলক সম্পদ নিৰ্মাণৰ বাবে 31,000 কোটি টকা ৰখা হৈছে । কিন্তু অজ্ঞাত হৈ থকা বিষয়টো হৈছে পূৰ্বতে ক্ৰয় কৰাৰ পৰা লাভ কৰিবলগীয়া শক্তিবোৰৰ দায়বদ্ধতা অমীমাংসিত হৈ আছে । যদি এই সংখ্যাটো বাদ দিয়া হয়, তেন্তে আধুনিকীকৰণৰ বাবে উপলব্ধ প্ৰকৃত পৰিমাণটো পৰিষ্কাৰ হ'বনে ? কিয়নো আধুনিকীকৰণৰ বাবে 27% যথেষ্ট কম ।
এই বিষয়েও বাতৰি পোৱা গৈছিল যে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ইয়াৰ পূৰ্বৰ বছৰৰ আৱণ্টিত মূলধনী বাজেটৰ পৰা ১২,৫০০ কোটি টকা বাদ দিবলগীয়া হৈছিল । কিয়নো মন্ত্ৰণালয়ে ইয়াক ব্যৱহাৰ কৰিব পৰা নাছিল । এই কথাটোৱে দুটা দিশৰ ওপৰত আলোকপাত কৰে । প্ৰথমতে, দীৰ্ঘদিন ধৰি পৰি থকা ক্ৰয় প্ৰক্ৰিয়া, যিটো ক্ৰয়ৰ সলনি নিজেই এক প্ৰত্যাখ্যান প্ৰক্ৰিয়া । মন্ত্ৰণালয়ৰ 'সংস্কাৰৰ বছৰ'ৰ অংশ হিচাপে প্ৰতিৰক্ষা মন্ত্ৰণালয়ে ক্ৰয়ৰ সৈতে জড়িত সময়ৰ কাৰকবোৰ পুনৰ মূল্যায়ন আৰু হ্ৰাস কৰাৰ কথা ঘোষণা কৰিছে । আশা কৰা হৈছে যে এই প্ৰক্ৰিয়াটো কাৰ্যকৰীকৰণ হ'ব আৰু প্ৰক্ৰিয়াবোৰ সৰল আৰু দ্ৰুত হ'ব ।
দ্বিতীয় দিশটো হ'ল, চৰকাৰে সশস্ত্ৰ বাহিনীৰ যিবোৰ দাবী আছে সেইবোৰ বিবেচনা কৰিব লাগিব আৰু এক ভূমিকা গ্ৰহণকাৰী বাজেট কাৰ্যকৰী কৰিব লাগিব । আনকি আংশিকভাৱে হ্ৰাস হ'লেও প্ৰতিৰক্ষা ক্ৰয় ব্যৱস্থাত প্ৰস্তাৱ, পৰীক্ষণ, মূল্যাঙ্কন, তুলনা আৰু অনুমোদনৰ বাবে অনুৰোধসহ একাধিক পৰ্যায় অন্তৰ্ভুক্ত থাকে । এইবোৰত সময় লয় । যদি ভূমিকা গ্ৰহণকাৰী বাজেট প্ৰৱৰ্তন কৰা হয়, তেন্তে পুঁজিৰ ক্ষেত্ৰত আত্মসমৰ্পণ এক নিয়মৰ পৰিৱৰ্তে ই নোহোৱা হ'ব । আনহাতে, বাহিনীবোৰে ভৱিষ্যতৰ অৰ্ডাৰৰ বাবে প্ৰতিৰক্ষা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহত অতিৰিক্ত পুঁজি জমা নকৰে ।
এই বছৰৰ বাজেটে বিভিন্ন বিভাগৰ অধীনত গৱেষণা আৰু বিকাশত আৱণ্টন কৰা ধনৰ পৰিমাণ বৃদ্ধি কৰিছে । বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰণালয়ক পূৰ্বতে প্ৰদান কৰা ৬৮,০০০ কোটি টকাৰ বিপৰীতে এইবাৰ ২০,০০০ কোটি টকা আৱণ্টন কৰা হৈছে । ডি আৰ ডি অ'ৰ বাজেটত প্ৰায় 12.5% বৃদ্ধি হৈ 26,816 কোটি টকা হৈছে । আনহাতে, ব্যক্তিগত উদ্যোগৰ দ্বাৰা বিনিয়োগক উৎসাহিত কৰাৰ লগতে ষ্টাৰ্ট-আপক শক্তিশালী কৰাৰ বাবে নিৰ্ধাৰিত আইডিএক্স আঁচনিখনে 450 কোটি টকাৰ আৱণ্টন লাভ কৰিছে ।
অৱশ্যে গৱেষণা আৰু বিকাশত ভাৰতৰ সামগ্ৰিক বিনিয়োগ জিডিপিৰ 1% ৰ তলত আছে আৰু ইয়াৰে বেছিভাগ কেন্দ্ৰীয় চৰকাৰৰ । ইয়াৰ তুলনাত আমেৰিকাই ইয়াৰ জিডিপিৰ 3.4% আৰু চীনত 2.68% আৰ এণ্ড ডিত ব্যয় কৰে । প্ৰতিৰক্ষা আৰ এণ্ড ডিৰ বাবে পুঁজি যদিও 12.4% বৃদ্ধি হৈছে, আমেৰিকাৰ প্ৰতিৰক্ষা বাজেটৰ 13% ৰ তুলনাত প্ৰতিৰক্ষা বাজেট 1%-ৰ তলত আছে । অৱশ্যে এইটো একো আচৰিত হ'বলগীয়া কথা নহয় যে গুৰুত্বপূৰ্ণ ক্ষেত্ৰত ভাৰতীয় প্ৰযুক্তি বহুত পিছপৰি আছে । এই দিশটোত বিশেষ মনোযোগৰ প্ৰয়োজন ।
ব্যক্তিগত খণ্ড আৰু চৰকাৰে যদি অধিক বিনিয়োগ নকৰে, তেন্তে ভাৰত সদায় পিছপৰি থাকিব । আমেৰিকাত ব্যক্তিগত খণ্ডই 2022 চনত 693 বিলিয়ন আমেৰিকান ডলাৰ বিনিয়োগ কৰিছিল, যিটো সামগ্ৰিক আৰ এণ্ড ডিৰ 70% তকৈও অধিক আছিল । আনহাতে, ভাৰতত এই পৰিসংখ্যা সামান্য । আনহাতে, চৰকাৰে থলুৱা প্ৰতিৰক্ষা ক্ৰয় বৃদ্ধি কৰিছে । এই বছৰ ক্ৰয় বাজেটৰ 75% ঘৰুৱা উৎসৰ পৰা আৰু ইয়াৰ ভিতৰত 25% ব্যক্তিগত খণ্ডৰ পৰা ধাৰ্য কৰা হৈছে । আশাকৰা হৈছে যে ই ব্যক্তিগত খণ্ডক আৰ এণ্ড ডিত বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিব ।
মুঠ বাজেটৰ 68.5% ৰাজহ ব্যয়, যিটো দৰমহা, পেঞ্চন আৰু বাহিনীৰ ৰক্ষণাবেক্ষণৰ বাবে আগবঢ়োৱা হৈছে সেইটো যথেষ্ট বেছি । এইটো বহু বছৰ ধৰি বৃদ্ধি হৈ আহিছে আৰু বাজেটক এক ভুল গতি দিয়ে । যেতিয়ালৈকে এইবোৰ উচ্চ হৈ থাকিব, বাজেট সামগ্ৰিকভাৱে আকৰ্ষণীয় যেন লাগিলেও আধুনিকীকৰণৰ বাবে পুঁজি সদায় হ্ৰাস কৰা হ'ব ।
ৰাষ্ট্ৰৰ বাৰ্ষিক বাজেটক সমাজৰ সকলো শ্ৰেণীয়ে অতি সূক্ষ্মভাৱে নিৰীক্ষণ কৰে আৰু তাত তেওঁলোকৰ বাবে কি ৰখা হৈছে তাক নিৰ্ধাৰণ কৰিবলৈ চেষ্টা কৰা হয় । সফল বাজেটৰ সূচক শ্বেয়াৰ বজাৰৰ পৰা প্ৰবাহিত হয় । প্ৰতিৰক্ষাও ইয়াৰে এটা অংশ । শ্বেয়াৰ বজাৰে প্ৰতিৰক্ষা কোম্পানীবোৰৰ মূল্য অৱনমিত কৰি বাজেটত প্ৰতিৰক্ষা অংশৰ ওপৰত নিজৰ মতামতৰ ইংগিত দিছে ।
সাধাৰণতে গুৰুত্ব নিদিয়া এটা তথ্য হ'ল যে বেছিভাগ প্ৰতিৰক্ষা বাজেটত সম্পূৰ্ণ ৰাজহ আৰু পুঁজিৰ এক বৃহৎ অংশ দেশৰ ভিতৰতে ব্যয় কৰা হয়, যাক অৰ্থনীতিলৈ ঘূৰাই আনিব পৰা যায়। এইটো পূৰ্বৰ দিনবোৰৰ বিপৰীত কথা । কিয়নো পূৰ্বতে প্ৰায় সকলো ক্ৰয় বিদেশৰ পৰা কৰা হৈছিল । লগতে প্ৰতিৰক্ষা ক্ৰয় কেতিয়াও সীমাৰ বাহিৰত নহয় আৰু সেয়েহে আগতীয়াকৈ পৰিকল্পনা কৰা প্ৰয়োজন । মূলধনৰ অংশও এনেদৰে বৃদ্ধি কৰাৰ প্ৰয়োজন । প্ৰতিৰক্ষা বাজেট জিডিপিৰ নিম্নতম 2.5% লৈ বৃদ্ধি কৰাৰ লগতে প্ৰতিৰক্ষাৰ বাবে ভূমিকা থকা বাজেটৰ দাবী স্বীকাৰ কৰাৰ ক্ষেত্ৰত বিবেচনা কৰাৰ অতি প্ৰয়োজন আছে ।
(ঘোষণা : এই নিবন্ধত প্ৰকাশিত মতামতবোৰ সম্পূৰ্ণ লেখকৰ । ইয়াত প্ৰকাশ কৰা তথ্য আৰু মতামতে ইটিভি ভাৰতৰ মতামত প্ৰতিফলিত নকৰে)