উমৰিয়া: বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত ক্ষেত্ৰৰ অন্যতম বিখ্যাত বাঘ 'চোটা ভীম'ৰ দেওবাৰে ভূপালৰ ভান বিহাৰত মৃত্যু হয় । এই বাঘটোৰ ভৰি আৰু ডিঙিত কেইবাডালো হাড় ভঙা বাবে চিকিৎসাধীন হৈ আছিল । চোটা ভীম বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত দীৰ্ঘদিন ধৰি চিকিৎসাধীন হৈ আছিল । চোটা ভীম পৰ্যটকসকলৰ মাজত অন্যতম বিখ্যাত বাঘ বুলি কোৱা হয় ।
উল্লেখ্য় যে বিশেষজ্ঞ পশু চিকিৎসকৰ তত্বাৱধানত যোৱা দুমাহ ধৰি চোটা ভীমৰ চিকিৎসা চলি আছিল । চোটা ভীমৰ মৃত্যুৰ কাৰণ হৈছে কনজেষ্টিভ হাৰ্ট ফেইলিউৰ । পশু চিকিৎসকসকলে চোটা ভীমৰ জীৱন ৰক্ষা কৰিবলৈ যথাসাধ্য চেষ্টা কৰে যদিও সফল হ'ব নোৱাৰিলে । ডিঙিত গুৰুতৰ আঘাত পোৱাত বাঘটোৱে উশাহ লোৱাত কষ্ট হোৱাৰ লগতে সংক্ৰমণ বৃদ্ধি পোৱাত ৰোগ জটিল হৈ পৰে ।
চোটা ভীমৰ কেনেকৈ মৃত্যু হয় ?
চোটা ভীমৰ দেওবাৰে ভূপালৰ ভান বিহাৰত মৃত্যু । চোটা ভীমে প্ৰায় দুমাহ ধৰি চিকিৎসা গ্ৰহণ কৰি আছিল । বন বিভাগৰ বিষয়াসকলৰ মতে, চোটা ভীমে ভূপালৰ ভান বিহাৰ ৰাষ্ট্ৰীয় উদ্যান আৰু চিৰিয়াখানাত শেষ নিশ্বাস ত্যাগ কৰে । বাঘটো নৱেম্বৰৰ পৰা প্ৰায় দুমাহ ধৰি চিকিৎসাধীন হৈ আছিল ।
কেনেকৈ আঘাতপ্ৰাপ্ত হৈছিল?
যোৱা ২৯ নৱেম্বৰত বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত ক্ষেত্ৰৰ খেতোলী আৰু পান্থা ৰেঞ্জৰ মাজৰ অৰণ্যৰ পৰা চোটা ভীমক উদ্ধাৰ কৰা হৈছিল । বাঘটোৱে ডিঙিত গুৰুতৰভাৱে আঘাত পাইছিল । ২৬ নৱেম্বৰত এজন পৰ্যটকে বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত ক্ষেত্ৰৰ কৰ্তৃপক্ষক ডিঙিত আঘাতৰ চিহ্নৰ বিষয়ে অৱগত কৰিছিল । এই সন্দৰ্ভত এটা ভিডিঅ'ও ভাইৰেলো হৈছিল । ইয়াৰ পিছত কৰ্তৃপক্ষই চোটা ভীমক ২৯ নৱেম্বৰত উদ্ধাৰ কৰে ।
বাঘটো পৰ্যটকসকলৰ মাজত অতিকৈ জনপ্ৰিয় আছিল । বান্ধৱগড় ব্যাঘ্ৰ সংৰক্ষিত ক্ষেত্ৰৰ সঞ্চালক অনুপম সহায়ে কয়, "আমি বান্ধৱগড়ত বাঘবোৰ নিৰীক্ষণ কৰিম আৰু এনে ঘটনা প্ৰতিহত কৰিবলৈ উন্নত প্ৰচেষ্টা কৰিম । চোটা ভীমৰ ডিঙিত তাঁৰ লাগি আছিল আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল ।"