নগাঁও: মৃতপ্ৰায় অৱস্থাৰ পৰা পুনৰুজ্জীৱিত হোৱাৰ পথলৈ গতি কৰা নগাঁও আৰু শোণিতপুৰ জিলাৰ সংলগ্ন লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যলৈ আহি আছে এটাৰ পাছত আন এটা ভাল খবৰ । প্ৰায় তিনিটাকৈ দশকজুৰি গঁড়শূন্য হৈ থকা এসময়ৰ এশিঙীয়া গঁড়ৰ বাবে বিশ্ববিখ্যাত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য অতি শেহতীয়াকৈ এশিঙীয়া গঁড়েও মুক্ত বিচৰণ আৰম্ভ কৰাৰ সমান্তৰালকৈ বৃদ্ধি পাবলৈ ধৰিছে চৰাইৰ সংখ্যাও ।
নগাঁও, বিশ্বনাথ আৰু কাজিৰঙা বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পত ইতিমধ্যে হৈ যোৱা চৰাইৰ গণনাৰ তথ্যই একপ্ৰকাৰ ভাল খবৰ কঢ়িয়াই আনিছে নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যলৈ । তুলনামূলকভাৱে কাজিৰঙাতকৈয়ো অধিক চৰাইৰ অৱস্থিতি পোৱা গৈছে লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত ।
চৰাইৰ তথ্য:
নগাঁও, বিশ্বনাথ আৰু কাজিৰঙা বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পত ইতিমধ্যেই সম্পূৰ্ণ হৈছে চৰাইৰ গণনা । নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰাজীৱ হাজৰিকাৰ পৰা লাভ কৰা তথ্য অনুসৰি, চলিত বৰ্ষত কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পত অৰ্থাৎ নগাঁও বনসংণ্ডল, বিশ্বনাথ বন সংমণ্ডল আৰু কাজিৰঙা বন সংমণ্ডলৰ অধীনত আৰ্দ্ৰ ভূমিত থকা মুঠ এক লাখ ১২ হাজাৰ চৰাইৰ অৱস্থিতি পোৱা গৈছে । এই এক লাখ ১২ হাজাৰ চৰাইৰ মাজত আছে মুঠ ১২৪ টা প্ৰজাতি ।
ইয়াৰে ১০৭ টা প্ৰজাতিৰ মুঠ ৫৫ হাজাৰটা পৰিভ্ৰমী চৰাই নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ অধীনৰ লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যতে থকাৰ তথ্য চৰাই গণনাত পোহৰলৈ অহা বুলি জানিবলৈ দিছে নগাঁও বন্যপ্ৰাণী সংমণ্ডল বিষয়া ৰাজীৱ হাজৰিকাই । অৰ্থাৎ কাজিৰঙাৰ তুলনাত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত পৰিভ্ৰমী পক্ষীৰ সংখ্যা অধিক বুলিও তথ্যত প্ৰকাশ । আনকি বিগত বৰ্ষৰ তুলনাতো সমগ্ৰ কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পতেই বৃদ্ধি পাইছে পৰিভ্ৰমী পক্ষীৰ সংখ্যা । বিগত বৰ্ষত কাজিৰঙা ব্যাঘ্ৰ প্ৰকল্পত চৰাইৰ সংখ্যা এখ লাখতকৈয়ো কম আছিল বুলিও বিভাগীয় সূত্ৰৰ পৰা জানিব পৰা গৈছে ।
লাওখোৱা, বুঢ়াচাপৰিত চৰাইৰ সংখ্যা বৃদ্ধি পোৱাৰ কাৰণ:
লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত আছে কুৰিখনতকৈয়ো অধিক বিল । সৰ্ববৃহৎ বিল হিচাপে পৰিচিত ৰৈমাৰীৰ লগতে কাটাখালকে ধৰি অভয়াৰণ্য দুখনৰ আটাইকেইখন বিলতেই এটা সময়ত চোৰাং মাছমৰীয়াই দিনে-নিশাই মৎস্য চিকাৰ কৰাৰ বাবেই পৰিভ্ৰমী পক্ষীৰ সংখ্যা হ্ৰাস পোৱা বুলিও দাবী কৰে নগাঁৱৰ প্ৰকৃতিপ্ৰেমী বাবুল শইকীয়াই । কিন্তু বিগত সময়ত লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণৰ বিলসমূহত হৈ থকা চোৰাং মৎস্য চিকাৰীৰ দৌৰাত্ম্য ৰোধ হোৱাৰ বাবেই অভয়াৰণ্য দুখনত পূৰ্বৰ তুলনাত অধিক পৰিভ্ৰমী চৰাইৰ আগমন ঘটা বুলি দাবী কৰিছে বিভিন্ন প্ৰকৃতিপ্ৰেমী লোকে ।
কি কয় প্ৰকৃতিপ্ৰেমী সংগঠনে ?
লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যৰ পক্ষী গণনাত অসমৰ ভিতৰতে ৰৌমাৰী-দন্দুৱা বিলত সবাতোকৈ অধিক পৰিভ্ৰমী পক্ষীৰ আগমন এটা অত্যন্ত সুখবৰ বুলি ইটিভি ভাৰতক জানিবলৈ দিয়ে লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্য সুৰক্ষা সমিতিৰ অন্যতম সদস্য কুলেন দাসে । প্ৰকৃতিপ্ৰেমী সংগঠনৰ সদস্য কুলেন দাসে জানিবলৈ দিয়া মতে, "দুখন ধ্বংসৰ গৰাহত পৰা অভয়াৰণ্য নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্য সংৰক্ষণ সমিতি বা চমুকৈ এল বি চি এছৰ লগতে এল পি এছ আৰু ই ডি চিৰ প্ৰচেষ্টাত আজি পুনৰ প্ৰাণ পাই উঠিছে । ২০০৮-০৯ চনত যিঠাইত মাছমৰীয়াসকলে গিজগিজাই আছিল আজি সেই ঠাইৰ বিলসমূহত পৰিভ্ৰমী পক্ষীৰ কলৰৱ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে । আমি আশাবাদী এই বিলসমূহলৈ আগন্তুক দিনত অধিক পক্ষী নিৰীক্ষক তথা পক্ষীপ্ৰেমী পৰ্যটকৰ আগমন ঘটিব ।"
লাওখোৱা বুঢ়াচাপৰিত বন্যজন্তুৰ সংখ্যা:
বিগত দুই তিনি দশক ধৰি বেদখলকাৰীৰ কৱলত পৰা লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যত বিগত দুই তিনি বছৰে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰে চলোৱা উচ্ছেদ অভিযানৰ পাছৰ পৰাই পুনৰুজ্জীৱিত হোৱাৰ দিশে গতি কৰিছে এসময়ৰ বিখ্যাত লাওখোৱা আৰু বুঢ়াচাপৰি অভয়াৰণ্যই । অভয়াৰণ্য দুখনৰ ভূমি বেদখলমুক্ত হোৱাৰ পাছতেই এটা এটাকৈ সাতটাকৈ এশিঙীয়া গঁড়ে আশ্ৰয় ল’বলৈ আৰম্ভ কৰিছে । সম্প্ৰতি সাতটাকৈ এশিঙীয়া গঁড়ে আশ্ৰয় লোৱা লাওখোৱা, বুঢ়াচাপৰি অভয়াৰণ্যত ২০ টাকৈ হাতী, ১২ ৰ পৰা ১৫ টাকৈ ঢেকীয়াপতীয়া বাঘৰ উপৰিও বনৰীয়া ম'হ, ১০৭ টাকৈ প্ৰজাতিৰ পৰিভ্ৰমী পক্ষীৰ উপৰিও বিভিন্ন প্ৰজাতিৰ সাপ আদিয়ে বিচৰণ কৰা বুলিও বন বিভাগৰ সূত্ৰত প্ৰকাশ ।
উচ্ছেদ:
বিগত ২০২২-২৩ বৰ্ষত বুঢ়াচাপৰি অভয়াৰণ্যৰ ২,০৯৯ হেক্টৰ ভূমি বেদখলকাৰীৰ কবলৰ পৰা ৰাজ্য চৰকাৰৰ প্ৰত্যক্ষ হস্তক্ষেপত মুক্ত কৰে বন বিভাগে । ইয়াৰ ভিতৰত ১২৮২ হেক্টৰ বন ভূমি আৰু ৮১৭ হেক্টৰ চৰকাৰী ভূমিত উচ্ছেদ চলাই বেদখলমুক্ত কৰিবলৈ সক্ষম হয় বন বিভাগ । অভয়াৰণ্যৰ ভূমিত নিৰ্মাণ কৰা মুঠ ২৫৫৩ টা গৃহ আৰু ১২,৭৬৫ লোকক উচ্ছেদ কৰা হয় । বুঢ়াচাপৰি অভয়াৰণ্যৰ মুঠ ১৮৯২ হেক্টৰ ভূমিত ২৫৫৩ টা ঘৰৰ লগতে ১১,৬১০ লোকে বেদখল কৰি আছিল বুলিও জানিব পৰা গৈছে ।
লগতে পঢ়ক: দেশ-বিদেশৰ পৰ্যটকৰ আকৰ্ষণ বুঢ়াচাপৰি সংৰক্ষিত বনাঞ্চল