তেজপুৰ: প্ৰচণ্ড শীতত পশ্চিম অৰুণাচল প্ৰদেশৰ টাৱাং । এতিয়া সঘনাই আৰম্ভ হৈছে তুষাৰপাত আৰু লগতে বৰফৰ বৰষুণ । সমান্তৰালভাৱে টাৱাং জিলা সদৰতকৈ দাঁতিকাষৰীয়া লুংলা, জেমীথাং, বুমলা পাছ, চাংগেষ্টৰ লেক (মধুৰী লেক) আৰু বুমজা অঞ্চলত প্ৰচণ্ড তুষাৰপাত আৰম্ভ হৈছে । দেশী-বিদেশী বিভিন্ন পৰ্যটকৰ দলে উপভোগ কৰিছে টাৱাঙৰ এই পৰিবেশ ।
আনহাতে টাৱাঙৰ চেলা পাছ বৰ্তমান সম্পূৰ্ণ বৰফৰে আৱৰি ৰাখিছে, যেন প্ৰকৃতিৰ বুকুত কোনোবাই দলিচাহে পাৰি ৰাখিছে । পশ্চিম অৰুণাচল প্ৰদেশৰ জীৱনধাৰা বুলি কোৱা ভালুকপুং-টাৱাং সংযোগী পথৰ দাঁতিৰ পৰা সীমান্ত পথ সুৰক্ষা সংস্থাৰ কৰ্মীসকলে বৰফ নিষ্কাষণ কৰিছে ।
ভাৰত-চীন সীমান্ত বুমলা পাছ সম্পূৰ্ণৰূপে বৰফৰ আচ্ছাদনৰ মাজত । সমগ্ৰ এলেকাত চাৰিওফালে মাত্ৰ শুভ্ৰ দলিচাই আগুৰি আছে । এই দৃশ্যসমূহ টাৱাঙৰ সীমান্তৱৰ্তী এলেকাৰ আৰু টাৱাং পথৰ চেলা সুৰংগৰ সমীপৰ ।
বিগত ২৭ জানুৱাৰীৰ পৰা অসমৰ লগতে অৰুণাচল প্ৰদেশৰ প্ৰতিকূল বতৰৰ বাবে পৰ্যটকসকল এক প্ৰকাৰে অসুবিধাৰ সন্মুখীন হৈছিল । চেঁচা অঞ্চলৰ পৰা ক’লা কুঁৱলীয়ে সমগ্ৰ পথ আগুৰি ৰাখিছে । টাৱাং চহৰত হিম-বৰষুণ হোৱাৰ লগতে বতৰ প্ৰতিকূল হৈ আছে । দিনৰ ভাগতে তুষাৰপাত হোৱা নাই যদিও সমগ্ৰ অঞ্চল অন্ধকাৰছন্ন হৈ পৰিছে বুলি স্থানীয় প্ৰেম থিনলেৰ পৰা জানিব পৰা গৈছে ।
সমান্তৰালভাৱে বৰ্ডাৰ ৰোডছ অৰ্গেনাইজেচনৰ কৰ্মচাৰীয়ে পথত আবদ্ধ হৈ থকা বৰফ আঁতৰাই পথ মুকলি কৰিছে । এক কথাত ক’বলৈ গ’লে প্ৰকৃতিৰ এক মনোমোহা দৃশ্যই যেন এতিয়া হাত বাউলি মাতিছে টাৱাং জিলালৈ ।
অৰুণাচল প্ৰদেশৰ দুটা বিশেষ ঠাইত নিৰ্মাণ হোৱা দুটা সুৰংগই সমগ্ৰ পথটো সেনাবাহিনীৰ লগতে অন্যান্য সুৰক্ষা বাহিনীৰ লোকৰ বাবে যথেষ্ট পৰিমাণে সহায় কৰিছে । নেচিফু সুৰংগই ডাঠ ক’লা কুঁৱলীৰ পৰা সকাহ দিছে ৷
ইফালে পশ্চিম অৰুণাচল প্ৰদেশৰ কামেং আৰু টাৱাঙৰ জটিল পথত ফৰৱাৰ্ড কানেক্টিভিটিৰ বাবে বি আৰ অ’ৰ (BRO) প্ৰচেষ্টাত সৰ্বোচ্চ পৰ্যায়ত নিৰ্মাণ কৰা হৈছিল চেলা পাছ সুৰংগ ৷ সাগৰ পৃষ্ঠাৰ পৰা ১৩,০০০ ফুট উচ্চতাত নিৰ্মাণ কৰা এই সুৰংগ অতি উচ্চতাত নিৰ্মাণ কৰাৰ বাবে সমগ্ৰ এছিয়াৰ ভিতৰতে প্ৰথম দ্বি-লেনযুক্ত পথ সুৰংগ হিচাবে বিবেচিত হৈছে । মুঠ 11.204 দৈৰ্ঘৰ 2.5 কিলোমিটাৰ আৰু পদপথৰ দূৰত্বৰ এই সুৰংগই পশ্চিম অৰুণাচল প্ৰদেশৰ ডিৰাঙৰ পৰা টাৱাঙলৈ অৰ্থাৎ চেলা পাছৰ সমগ্ৰ স্নিগ্ধ তুষাৰবিত্ত পৰ্বতমালা অতিক্ৰম কৰি ভাৰত-চীন সীমান্তলৈ যোগাযোগ কৰিছে (India China border in Arunachal) । লগতে সমগ্ৰ পথছোৱা প্ৰায় 9.220 কিলোমিটাৰ দূৰত্ব কম হয় । এই অঞ্চলত তুষাৰপাত হৈছে যদিও সুৰংগৰ ভিতৰৰে চলাচল কৰাৰ বাবে পূৰ্বতকৈ যথেষ্ট পৰিমাণে সুবিধা হৈছে । সুৰংগৰ দুয়োফালে সীমান্ত পথ সুৰক্ষা বাহিনীৰ কৰ্মীয়ে নিষ্কাষণ কৰি ৰাখিছে ৷ ফলস্বৰূপে এই পথেৰে যাতায়ত পূৰ্বতকৈ সুগম হৈছে । আজি টাৱাঙত বতৰ যথেষ্ট পৰিমাণে ভাল অৰ্থাৎ তুষাৰপাত বা বৰষুণ হোৱা নাই ।